অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সোণালী-পোক

সোণালী-পোক বা সোণ-পৰুৱা ( Charidotella sexpunctata) পত্ৰভোজী পোক পৰিয়াল ক্ৰাইছ’মেলিডেৰ অন্তৱৰ্তী এবিধ পোক। এই পোকবিধ আমেৰিকাৰ স্থানীয় পতংগ আৰু অতি ব্যাপকভাৱে বিস্তৃত। অসমতো সোনপৰুৱা পোৱা যায়।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সোণালী-পোক বা সোণ-পৰুৱা ( Charidotella sexpunctata) পত্ৰভোজী পোক পৰিয়াল ক্ৰাইছ’মেলিডেৰ অন্তৱৰ্তী এবিধ পোক। এই পোকবিধ আমেৰিকাৰ স্থানীয় পতংগ আৰু অতি ব্যাপকভাৱে বিস্তৃত। অসমতো সোনপৰুৱা পোৱা যায়।১

শ্ৰেণীবিভাজন

এই পতংগবিধৰ দুটা উপপ্ৰজাতি আছে, দ্বিৰঙী আৰু চেক্সপাংকটেটা

বৰ্ণনা

বিচলিত হ'লে পতংগ বিধ ৰঙা আৰু ক'লা দাগযুক্ত হৈ পৰে, যি শত্ৰুক সতৰ্ক কৰি দিয়ে বুলি ধাৰণা কৰা হৈছে।
বিচলিত হ'লে পতংগ বিধ ৰঙা আৰু ক'লা দাগযুক্ত হৈ পৰে, যি শত্ৰুক সতৰ্ক কৰি দিয়ে বুলি ধাৰণা কৰা হৈছে।ছবি: USGS Bee Inventory and Monitoring Lab from Beltsville, Maryland, USA · Public domain

প্ৰাপ্তবয়স্ক পোকএটাৰ দৈৰ্ঘ্য ৫-৭ মিমি। ইহঁতৰ ৰং ৰঙা-বাদামী আৰু ক'লা দাগযুক্ত তথা উজ্জ্বল, সোণালী দাপোনৰ দৰে আৰু পৰিৱৰ্তনশীল, সেয়ে ইয়াক "গোল্ডবাগ" বুলি কোৱা হয়।২ ইয়াৰ ইলিট্ৰেল মাৰ্জিন সমূহ প্ৰসাৰিত আৰু প্ৰায় স্বচ্ছ।৩

ইয়াৰ বিকাশৰ লগেলগে, সংগম তথা উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱাৰ সময়ত ইয়াৰ ৰং সলনি হয়। এই প্ৰজাতিৰ ৰং পৰিবৰ্তনৰ ব্যৱস্থাটোক বিজ্ঞানীসকলে বৰ্তমানলৈ পৰীক্ষা কৰা নাই।৪৫

পলু
পলুছবি: Beatriz Moisset · CC BY-SA 4.0
পিউপা
পিউপাছবি: Beatriz Moisset · CC BY-SA 4.0

জীৱনচক্ৰ

মাইকী পতঙ্গবিধে বাস কৰা উদ্ভিদৰ কাণ্ড আৰু পাতৰ তলৰ ফালে থুপ বনাই কণী পৰে। কণীৰ পৰা এটা কাঁইটীয়া, হালধীয়া বা ৰঙা বাদামী ৰঙৰ পলু ৫ৰ পৰা ১০ দিনৰ ভিতৰত ওলাই আহে। পলুৱে নিজৰ মোট আৰু কীটমল 'এনাল ফৰ্ক' নামৰ শুঙৰদৰে গঠনত জমা কৰে। এইবোৰ পলুবিধৰ দেহৰ ওপৰত এক প্ৰতিৰক্ষাৰ ঢালৰ দৰে থাকে যি স্পষ্টভাৱে পলুটোক শত্ৰুৰ পৰা লুকুৱাই ৰাখে। দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ পিছত এটা পলু কাঁইটীয়া বাদামী শুঙেৰে আবৃত পিউপালৈ পৰিবৰ্তন হয় আৰু এসপ্তাহৰ পৰা দুসপ্তাহৰ পিছত ই প্ৰাপ্তবয়স্ক হিচাপে ওলাই আহে।৩

আচৰণ আৰু খাদ্যাভ্যাস

এই পোকবিধে কনভলভুলেচিয়া পৰিয়ালৰ উদ্ভিদৰ পাত খায়, য'ত কলমৌ, অমৰলতা, মৰ্নিং গ্ল'ৰী আৰু মিঠা আলু আদি অন্তৰ্ভুক্ত। প্ৰাপ্তবয়স্ক পোক আৰু পলু উভয়েই পাত খায়।৩

পেৰাচাইট'ইড

এই প্ৰজাতিৰ পেৰাচাইট'ইডসমূহৰ ভিতৰত ইউলোফিড ৱাচপ, টেট্ৰাষ্টিকাছ কেচিডাছ আৰু টেচিনিড মাখি, ইউচেলেটৰিঅ'পচিছু ডিমু'কি আদি অন্তৰ্ভুক্ত। লেডিবাৰ্ড পোক ডেমুছেল বাগ, শিল্ড বাগ আৰু এচেচিন বাগ আদিয়ে এই পতংগবিধ চিকাৰ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ GBIF
  2. ↑ Barrows, E. M. 1979. Life cycles, mating and color change in tortoise beetles (Coleoptera: Chrysomelidae: Cassidinae). Coleopterists Bulletin 33: 9–16
  3. ↑ Golden tortoise beetle. University of Florida Institute of Food and Agricultural Sciences
  4. ↑ Vigneron J. P., Pasteels J. M., Windsor D. M., Vértesy Z., Rassart M., Seldrum T., Dumont J., Deparis O., Lousse V., Biró L. P., Ertz D., Welch V. 2007. Switchable reflector in the Panamanian tortoise beetle Charidotella egregia (Chrysomelidae: Cassidinae). Phys. Rev. E. Stat. Nonlin. Soft Matter Phys. 2007 Sep; 76(3 Pt 1):031907. Epub 2007 Sept. 11. www.nanotechnology.hu/reprint/pre_76_031907_Tort
  5. ↑ Murray, T. Golden Tortoise Beetle. Garden Friends and Foes. Washington State University, Whatcom County Extension

সম্পৰ্কিত শ্ৰেণী

পতংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণালী-পোক” প্ৰবন্ধৰ সংশোধন ৪৭৯১১৯ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।