অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পাণ্ডা পৰুৱা

পাণ্ডা পৰুৱা হ'ল হাইমেনোপটেৰা পৰ্ব আৰু Mutillidae পৰিয়ালৰ অন্তৰ্ভুক্ত একপ্ৰকাৰ কীট। পাণ্ডাৰ নিচিনা দেখাত হ'লেও এই পতঙ্গ যাক পাণ্ডা পৰুৱা বুলি কোৱা হ'লেও সি আচলতে পৰুৱা নহয়, ই একপ্ৰকাৰ বৰল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পাণ্ডা পৰুৱা হ'ল হাইমেনোপটেৰা পৰ্ব আৰু Mutillidae পৰিয়ালৰ অন্তৰ্ভুক্ত একপ্ৰকাৰ কীট।১ ৰঙা পাণ্ডাৰ নিচিনা দেখাত হ'লেও এই পতঙ্গ যাক পাণ্ডা পৰুৱা বুলি কোৱা হ'লেও সি আচলতে পৰুৱা নহয়, ই একপ্ৰকাৰ বৰল।২

বৈশিষ্ট্য

ই এক ধৰণৰ বৰল যাৰ দেহ বগা-ক'লা আৰু যাৰ গোলাকাৰ ক'লা চকু আছে। এইবোৰক ভেল্ভেট পৰুৱা বুলিও কোৱা হয়। পাণ্ডা পৰুৱা পোৱা যায় চিলি আৰু আৰ্জেণ্টিনাৰ শুষ্ক অঞ্চলত। ইহঁত পৰুৱাৰ নিচিনা কলোনি তৈৰি নকৰে বৰং বৰলৰ নিচিনাই অকলে থাকে। পাণ্ডা পৰুৱাৰ বগা-ক'লা ৰঙ অকল সিহঁতৰ স্ত্ৰী প্ৰজাতিৰ মাজতেই দেখা যায়। স্ত্ৰী পাণ্ডা পৰুৱা উৰিব নোৱাৰে। পাখিৰ সলনি সিহঁতৰ আছে ভয়ানক এক হুল যিটোৰে বিন্ধিলে অবৰ্ণৰ্নীয় বেদনা হয়। এই হুলেৰ বাবেই সিহঁতৰ আৰু এটা নাম আছে, “গৰুৰ খুনী পৰুৱা”। ইহঁতে গাৰ ৰঙৰ মাধ্যমেদি অন্য প্ৰাণীবোৰক এই বিষাক্ত হুলৰ পৰা সাবধান কৰি দিয়ে। মতাবোৰৰ হুল নেথাকে কাৰণ এই হুল মূলতঃ কণী দিয়াৰ অঙ্গ।

প্ৰজনন

পুৰুষ পাণ্ডা পৰুৱা দেখিবলৈ সাধাৰণতে বৰলৰ দৰেই। মতাবোৰৰ পাখি থকাৰ বাবেই উৰিবলৈ পায়। যৌন মিলনৰ সময়ত পুৰুষটোৱে স্ত্ৰীকটোক পিঠিত লৈ উৰি ফুৰে। মিলন শেষ হ'লে স্ত্ৰীটোক মাটিত নমাই দিয়ে। স্ত্ৰী পাণ্ডা পৰুৱা মাটিত অইন কোনো পতঙ্গৰ বাহ বিচাৰি লৈ তাতেই কণী দিয়ে। কণী ফুটি বাহিৰ হোৱা পাণ্ডা পৰুৱাৰ পোৱালিবোৰ সেই বাহৰ পোকবিলাকৰ কণী খাই পেলায়।

তথ্যসূত্ৰ

  1. ↑ Pagliano, Guido. (2011-10-31). I Mutillidae (Hymenoptera) della collezione Zavattari Le collezioni del Museo Regionale di Scienze Naturali di Torino. II. ResearchGate. পৃ. 37–60
  2. ↑ Finley, Reginald V. (17-01-2016). The Panda Ant (Euspinolia militaris). Exploring Our Planet's Amazing Biodiversity. Amazing Life

সম্পৰ্কিত শ্ৰেণী

পতংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাণ্ডা পৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮১৭১৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।