অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৰ্ষা ৰাউত

বৰ্ষা ৰাউত (वर्षा राउत) এগৰাকী নেপালী অভিনেত্ৰী, যি নেপালী চলচ্চিত্ৰ উদ্যোগত নিজৰ অৱদানৰ বাবে জনাজাত। তেওঁ সমালোচনাসমূহত উচ্চ প্ৰশংসিত চলচ্চিত্ৰসমূহ যেনে জাত্ৰা আৰু গোপী ত অভিনয় কৰিছে, লগতে ছক্কা পাঞ্জা, ছক্কা পাঞ্জা ২ আৰু জাত্ৰাই জাত্ৰাৰ দৰে বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰতো কাম কৰিছে।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বৰ্ষা ৰাউত (वर्षा राउत) এগৰাকী নেপালী ভাষা অভিনেত্ৰী, যি নেপালী চলচ্চিত্ৰ উদ্যোগত নিজৰ অৱদানৰ বাবে জনাজাত। তেওঁ সমালোচনাসমূহত উচ্চ প্ৰশংসিত চলচ্চিত্ৰসমূহ যেনে জাত্ৰা আৰু গোপী ত অভিনয় কৰিছে, লগতে ছক্কা পাঞ্জা, ছক্কা পাঞ্জা ২ আৰু জাত্ৰাই জাত্ৰাৰ দৰে বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰতো কাম কৰিছে।

জীৱন আৰু কৰ্মজীৱন

বৰ্ষা ৰাউতে বিভিন্ন সংগীত ভিডিঅ', বিজ্ঞাপন আৰু নেপালী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০১৩ চনত সংগীত ভিডিঅ' ৰোজেকো মাইলে১ৰ জৰিয়তে মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তাৰপিছত, তেওঁ কিছুমান সংগীত ভিডিঅ'ত অংশগ্ৰহণ কৰি পিছত চলচ্চিত্ৰ জগতলৈ প্ৰৱেশ কৰে।২

তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ আছিল নাই বন্ধু ল ৪৩, য'ত তেওঁ পল শ্বাহ আৰু অঞ্চল শৰ্মাৰ সৈতে অভিনয় কৰিছিল। এই চলচ্চিত্ৰটো বক্স অফিচত সফল হৈছিল। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰতছক্কা পাঞ্জা, জাত্ৰা আৰু তাৰ সিকুৱেল জাত্ৰাই জাত্ৰা, ছক্কা পাঞ্জা ২, ছক্কা পাঞ্জা ৩, মিষ্টাৰ ঝোলে আৰু গোপী উল্লেখযোগ্য।৪ তেওঁ জাত্ৰা চলচ্চিত্ৰৰ বাবে সমালোচকসকলৰ প্ৰশংসা লাভ কৰিছিল আৰু বিভিন্ন বঁটা লাভ কৰিছে।

বৰ্ষা ৰাউতে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে সঞ্জোগ কৈৰালাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।৫

চলচ্চিত্ৰ তালিকা

চলচ্চিত্ৰ
বৰ্ষচলচ্চিত্ৰচৰিত্ৰপৰিচালকটোকা
২০১৬নাই নভন্নু ল ৪অঞ্জনাবিকাশ ৰাজ আচাৰ্যপ্ৰথম ছবি
ছক্কা পাঞ্জাবৃন্দাদীপাশ্ৰী নিৰৌলা
জাত্ৰাসম্পদাপ্ৰদীপ ভট্টৰাই
২০১৭মেৰো পইচা খোইৰ'জ ৰানা
ছক্কা পাঞ্জা ২বৃন্দাদীপাশ্ৰী নিৰৌলা
ফাটেকো জুত্তানিকেশ খড়কাবিশেষ উপস্থিতি
২০১৮মিষ্টাৰ ঝোলাইকমলীৰামবাবু গুৰুঙ
ছক্কা পাঞ্জা ৩বৃন্দাদীপাশ্ৰী নিৰৌলাবিশেষ উপস্থিতি
২০১৯চৌকা দৌপুৰ্নেন্দু ঝা
গোপীঊষাদীপেন্দ্ৰ লামাপশু চিকিৎসকৰ ভূমিকা
দাল ভাত তৰকাৰিজিউ সানচাইসুদান কে.চি.
জাত্ৰাই জাত্ৰাসম্পদাপ্ৰদীপ ভট্টৰাই
ছা মায়া ছপাক্কাইবৰ্ষাদীপেন্দ্ৰ লামাবিশেষ উপস্থিতি
২০২৪মহাজাত্ৰা

তথ্যসূত্ৰ

  1. ↑ (9 July 2013). Rojeko Maile – Music Video. YouTube
  2. ↑ मैले पाउनेभन्दा बढी माया पाइरहेको छु: वर्षा राउत. Setopati
  3. ↑ Nai Nabhannu La 4
  4. ↑ Barsha Raut Movies. ইণ্টাৰনেট মুভি ডাটাবেছ
  5. ↑ Republica This Valentine's Day Barsha and Sanjog tied knot

সম্পৰ্কিত শ্ৰেণী

নেপালী অভিনেত্ৰীনেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষা ৰাউত” প্ৰবন্ধৰ সংশোধন ৬০২৫৬৫ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।