ঝোলা (Jhola) সাহিত্যিক কৃষ্ণ ধৰাবাসীৰ কাহিনীৰ আধাৰত নিৰ্মিত এখন নেপালী চলচ্চিত্ৰ। ইয়াত ১৯২০ দশকলৈকে নেপালী সমাজত প্ৰচলিত সতীদাহ প্ৰথাৰ বিষয়ে কোৱা হৈছে য’ত পত্নীয়ে স্বামীৰ মৃত্যুৰ পিছত সাধাৰণতে তেওঁৰ চিতাজুইত আত্মজাহ দিবলগীয়া হৈছিল। ছবিখনত অভিনয়ৰ বাবে গৰিমা পন্তই ২০১৪ চনত শ্ৰীলংকাত অনুষ্ঠিত হোৱা SARC চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।১২৩ ৮৭তম একাডেমী বঁটাত এই ছবিখনক শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে নেপালী প্ৰৱিস্থি ৰূপে নিৰ্বাচিত কৰা হৈছিল যদিও মনোনীত হোৱা নহ’ল।৪
সতীদাহ প্ৰথা
সতীদাহ প্ৰথা হৈছে মৃত স্বামীৰ চিতাজুইত বিধৱাগৰাকীক জ্বলাই দিয়াৰ এক প্ৰাচীন প্ৰথা। হিন্দু শাস্ত্ৰৰ মতে সতীদাহ প্ৰথা আছিল স্বেচ্ছামূলক, য'ত এগৰাকী মহিলাই স্বেচ্ছাই স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ সৈতে নিজৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত লয়। কিন্তু পিছলৈ এই প্ৰথাৰ অপব্যৱহাৰ কৰি নাৰীক সতী যাবলৈ বাধ্য কৰোৱা হৈছিল বা আনকি বিধবাগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে টানি আনি জ্বলি থকা জুইকুৰাত জাপি দিয়া হৈছিল। ঐতিহাসিক বিৱৰণীত দেখা গৈছে যে এই বন্য প্ৰথাৰ জৰিয়তে কেইবাগৰাকীও ৰাজকীয় আৰু সাধাৰণ নাৰীক জীৱিত অৱস্থাত জ্বলাই দিয়া হৈছিল। ১৯২০ চনত নেপালৰ পৰা সতীদাহ ব্যৱস্থা আনুষ্ঠানিকভাৱে বিলুপ্ত কৰা হয়।
তথ্যসূত্ৰ
- ↑ Sunaina Rana. Jhola. Nepali Times
- ↑ Jhola
- ↑ (20 January 2014). Intl film festival in Nepal from Jan 27. ekantipur.com
- ↑ (26 August 2014). Nepal Picks 'Jhola' for Foreign Language Oscar Race. Variety
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝোলা” প্ৰবন্ধৰ সংশোধন ৪৯১২৮৬ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।