গীতিকাৰ
৪৬ প্ৰবন্ধ
-
ফ্ৰান্জ সুবৰ্ট
ফ্ৰান্জ সুবৰ্ট (Franz Peter Schubert; ৩১ জানুৱাৰী ১৭৯৭ – ১৯ নৱেম্বৰ ১৮২৮) আছিল এগৰাকী অষ্ট্ৰিয়ান সুৰকাৰ। তেওঁ ৰোমান্টিক যুগৰ আৰম্ভণিৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। তেওঁৰ জীৱনকাল স্বল্প হ'লেও, তেওঁ প্ৰায় ১,৫০০ ৰচনাৰে সংগীতজগত সমৃদ্ধ কৰিছিল।
-
ফ্ৰেডেৰিক চোপাঁ
ফ্ৰেডেৰিক চোপাঁ (Fryderyk Franciszek Chopin, ১ মাৰ্চ ১৮১০ – ১৭ অক্টোবৰ ১৮৪৯) এজন প'লিছ পিয়ানিষ্ট আৰু গীতিকাৰ আছিল। তেওঁ ৰোমান্টিক যুগৰ অন্যতম প্ৰভাৱশালী সংগীতজ্ঞ আছিল, যিয়ে প্ৰধানকৈ পিয়ানোৰ বাবে সংগীত ৰচনা কৰিছিল।
-
বেনিয়ামিন বাহাদোৰী
বেনিয়ামিন বাহাদোৰী হৈছে ইৰানৰ তেহৰাণৰ এগৰাকী ইৰানী পপ কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁৰ প্ৰথমটো এলবাম ৮৫ ২০০৬ চনত মুক্তি পাইছিল আৰু ই ইৰানৰ ভিতৰত তথা বিদেশত থকা ইৰানী প্ৰব্ৰজনকাৰীসকলৰ মাজত এক বিশাল ব্যাৱসায়িক সফলতা লাভ কৰিছিল।
-
ভৰতন
ভৰতন পৰমেশ্বৰ মেনন পালিছেৰী (১৪ নৱেম্বৰ ১৯৪৬ ৩০ জুলাই ১৯৯৮) সাধাৰণতে কেৱল ভৰতন নামেৰে জনাজাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু কলা নিৰ্দেশক আছিল। ১৯৮০ৰ দশকত পদ্মৰাজন আৰু কে জি জৰ্জৰ সৈতে মালয়ালম চলচ্চিত্ৰত এক নতুন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণশৈলীৰ সূচনা কৰাৰ বাবে ভৰতন বিশেষভাৱে পৰিচিত।
-
মাইয়া দ্য ডন
মাইয়া আৰ্লি, পেছাদাৰীভাৱে মাইয়া দ্য ডন নামেৰে পৰিচিত, এগৰাকী আমেৰিকান ৰেপাৰ আৰু গীতিকাৰ। তেওঁ তেওঁৰ গীত "টেলফি"ৰ বাবে বেছিকৈ পৰিচিত।
-
মৰিয়ম মিৰবাগেৰী
মৰিয়ম মিৰবাগেৰী (ফাৰ্চী: مریم میرباقری; জন্ম ১৮ ফেব্ৰুৱাৰী), তেওঁৰ পেছাদাৰী নাম মাৰিয়ামা হিচাপে বেছি জনাজাত। তেওঁ লছ এঞ্জেলছত বসবাস কৰা এগৰাকী ইৰানী-আমেৰিকান সংগীতজ্ঞ, সংগীত প্ৰবন্ধক আৰু উদ্যোগী।
-
লালেহ্ (গায়িকা)
লালেহ্ পোৰকাৰিম (ফাৰ্চী: لاله پورکریم, জন্ম ১০ জুন ১৯৮২), কেৱল লালেহ্ নামেৰে পৰিচিত, এগৰাকী ইৰানত জন্মগ্ৰহণ কৰা ছুইডিছ গায়িকা, গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক, গীটাৰবাদক, পিয়ানোবাদক আৰু ৰেকৰ্ড কোম্পানী পৰিচালক। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী।
-
শকিলা
শকিলা মহছেনী চেদাঘাট (ফাৰ্চী: شکیلا محسنی صداقت), এককভাৱে শকিলা (ফাৰ্চী: شکیلا; জন্ম ৩ মে', ১৯৬২) নামেৰে পৰিচিত, হৈছে কেলিফৰ্নিয়াৰ ছান ডিয়েগোত বাস কৰা এগৰাকী ইৰানী কণ্ঠশিল্পী আৰু গীতিকাৰ।
-
শ্বাহ আব্দুল কৰিম
শ্বাহ আব্দুল কৰিম বা বাউল শ্বাহ আব্দুল কৰিম (Shah Abdul Karim; ১৫ ফেব্ৰুৱাৰী ১৯১৬ - ১২ ছেপ্টেম্বৰ ২০০৯) হ'ল এজন বাংলাদেশী বাউল সংগীতজ্ঞ আৰু দাৰ্শনিক। সৰ্বশ্ৰেষ্ঠ বাউল সংগীতজ্ঞসকলৰ ভিতৰৰ এজন হিচাপে পৰিচিত তেওঁক 'বাউল সম্ৰাট' (বাউলৰ ৰজা) বুলি কোৱা হয়।
-
শ্বাহৰখ (গায়ক)
শ্বাহৰখ শ্বাহিদ (ফাৰ্চী: شاهرخ شاهید; ২৭ নৱেম্বৰ ১৯৪৯ — ৩ ডিচেম্বৰ ২০২৩), তেওঁ মঞ্চ নাম শ্বাহৰখ নামেৰে পৰিচিত, এগৰাকী ইৰানী গায়ক, গীতিকাৰ আৰু ফাৰ্চী শাস্ত্ৰীয় আৰু পপ সংগীতৰ সুৰকাৰ আছিল। তেওঁৰ মূল ভাষা আছিল ফাৰ্চী। ২০২৩ চনৰ ৩ ডিচেম্বৰত ৭৪ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ শ্বাহৰখৰ মৃত্যু হয়।
-
সাহাৰ আজদমসানি
সাহাৰ আজদমসানি (ফাৰ্চী:سحر اژدم ثانی; জন্ম ২৬ মাৰ্চ ১৯৯৬) হৈছে এগৰাকী ইৰানী গায়িকা, সুৰকাৰ, কবি, গীতিকাৰ, লেখিকা আৰু ফটোগ্ৰাফাৰ।
-
হাব্বা খাতুন
হাব্বা খাতুন জন্ম জোন ৰাথাৰ (কাশ্মীৰী উচ্চাৰণ: [zuːn])। যাক সন্মানীয় উপাধি দ্য নাইটিংগেল অফ কাশ্মীৰ বুলিও জনা যায়। ষোড়শ শতিকাৰ এগৰাকী কাশ্মীৰী মুছলমান কবি আৰু তপস্বী আছিল। তেওঁ ৰজা ইউছুফ শ্বাহ চাকৰ সহধৰ্মিনী আছিল, কিন্তু গীতৰ ৰাণী হিচাপে অমৰত্ব লাভ কৰিছিল।
-
হেইলী চেলচ
হেইলী চেলচ (ইংৰাজী: Hayley Sales; জন্ম: ৩১ আগষ্ট, ১৯৯০) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ। তেওঁৰ প্ৰথমটো এলবাম চানচিড ২০০৭ চনৰ ১৯ জুনত মুক্তি পাইছিল; এলবামটোৰ "কিপ ড্ৰাইভিন" আৰু "ৱাট ইউ ৱাণ্ট" গীত দুটাই ক্ৰমে জাপান হট ১০০-ত ১১ নম্বৰ আৰু কানাডিয়ান হট ১০০-ত ৪৫ নম্বৰ স্থান লাভ কৰিছিল।
-
হেলি বেইলি
হেলি লিন বেইলি (ইংৰাজী: Halle Lynn Bailey; জন্ম ২৭ মাৰ্চ, ২০০০), যাক কেৱল হেলি বুলিও জনা যায়, এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ প্ৰথমে তেওঁৰ ভনীয়েক ক্লোয়ি বেইলিৰ সৈতে সংগীত যুটী ক্লোয়ি x হেলিৰ সদস্য হিচাপে পৰিচিত হৈছিল।
-
হেলেন স্লেটাৰ
হেলেন ৰাচেল স্লেটাৰ (ইংৰাজী: Helen Rachel Slater; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ডিচি কমিক্সৰ ছুপাৰহিৰোইন ছুপাৰগাৰ্লৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ৰেণ্ডী ভ্যানৱাৰ্মাৰ
ৰেণ্ডী ভ্যানৱাৰ্মাৰ (Randy VanWarmer)(জন্ম ৩০ মাৰ্চ, ১৯৫৫ –মৃত্যু ১২ জানুৱাৰী, ২০০৪)আছিল এজন আমেৰিকাৰ কণ্ঠশিল্পী,গীতিকাৰ তথা গীটাৰবাদক। তেওঁৰ আটাইতকৈ জনপ্ৰিয় গীত আছিল জাষ্ট হোৱেন আই নীডেদ ইউ মষ্ট (“Just When I Needed You Most”)এই গীতটোৱে ১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহত ইউ কে একক চাৰ্টত (UK Singles Chart)…