সামাজিক ন্যায়ৰ মূৰ্তি ১২৩৪ যাক ড° ভীমৰাও ৰামজী আম্বেদকাৰ স্মাৰক বুলিও জনা যায়, ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বিজয়াৱাড়াত অৱস্থিত ২০৬ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। ভাৰতীয় বহু গণিতজ্ঞ, ৰাষ্ট্ৰনেতা, সমাজ সংস্কাৰক তথা ভাৰতীয় সংবিধানৰ জনক বি আৰ আম্বেদকাৰৰ নামত উচৰ্গা কৰা স্মৃতিসৌধ। এই মূৰ্তিটো ১২৫ ফুট (৩৮ মিটাৰ) ওখ আৰু ৮১ ফুট (২৫ মিটাৰ) ওখ ভিত্তি বিল্ডিঙৰ ওপৰত থিয় হৈ আছে, যাৰ ফলত ইয়াৰ মুঠ উচ্চতা ২০৬ ফুট (৬৩ মিটাৰ) হৈছে।৫ ই ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ মূৰ্তি।৬
ইতিহাস
(১৮৯১–১৯৫৬) ভাৰতৰ অন্যতম বিশিষ্ট নেতা, এজন সমাজ সংস্কাৰক আৰু ভাৰতীয় সংবিধানৰ পিতৃ আছিল।]]
বাবাছাহেব আম্বেদকাৰ সামাজিক ন্যায়ৰ বাবে ক্ৰুছেডাৰ আছিল আৰু ভাৰতৰ নাগৰিকসকলৰ বাবে সামাজিক আৰু মৌলিক আইনী অধিকাৰ আৰু সমতা নিশ্চিত কৰা ভাৰতৰ সংবিধানৰ মুখ্য স্থপতি আছিল। এজন বেৰিষ্টাৰ, অৰ্থনীতিবিদ, ৰাজনীতিবিদ আৰু সংস্কাৰক, স্বাধীন ভাৰতৰ প্ৰথমজন আইন আৰু ন্যায় মন্ত্ৰী। তেওঁক সাধাৰণতে ‘চেম্পিয়ন অৱ দ্য আনটাচেবলছ’ বুলি জনা গৈছিল।৭৮
অন্ধ্ৰপ্ৰদেশ চৰকাৰে আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম জয়ন্তী অৰ্থাৎ ১৪ এপ্ৰিল, ২০১৬ৰ স্মৃতিত ২০৬ ফুট উচ্চতাৰ আম্বেদকাৰ স্মৃতিসৌধ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৬ চনৰ এপ্ৰিল মাহত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে হায়দৰাবাদ চহৰত ২০৬ ফুট ওখ আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লৈছিল।

অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানী অমৰাৱতীৰ ইনাভোলু গাঁৱত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ২০১৭ চনত আম্বেদকাৰৰ ১২৬ সংখ্যক জন্ম জয়ন্তীত আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পত ড° বাবাছাহেব আম্বেদকাৰ আৰু তেওঁৰ ২০৬ ফুট ওখ প্ৰতিমূৰ্তিৰ এক ভৱিষ্যৎ স্মৃতিসৌধ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল। পিছলৈ ২০১৯ চনত ৱাই.এছ.জগন মোহন ৰেড্ডীৰ প্ৰাক্তন চৰকাৰে "ড° বি.আৰ. স্মৃতিসৌধ" প্ৰকল্পটো এৰি দিয়ে আৰুবিজয়াৱাড়া চহৰত এটা নতুন প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত।৯১০১১
২০২০ চনৰ ৯ জুলাইত অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াৰ মাজমজিয়াত থকা স্বৰাজ ময়দানত ড° বাবাছাহেব আম্বেদকাৰৰ ২০৬ ফুট ওখ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে প্ৰাক্তন অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগান মোহন ৰেড্ডীয়ে।১২ অন্ধ্ৰ প্ৰদেশ চৰকাৰে ‘পি ডব্লিউ ডি ময়দান’ নামেৰে পৰিচিত খেলপথাৰখনৰ নাম সলনি কৰি ‘ড. বি আৰ আম্বেদকাৰ স্বৰাজ্য ময়দান'।৫ ২০২৪ চনৰ ১৯ জানুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে সামাজিক ন্যায়ৰ মূৰ্তি উন্মোচন কৰে।১৩১৪১৫১৬১৭
বিশেষ বিৱৰণ

সামাজিক ন্যায়ৰ মূৰ্তি বিশ্বৰ আটাইতকৈ ওখ আম্বেদকাৰৰ মূৰ্তি। ২৩ ২০৬ ফুট ওখ সামাজিক ন্যায়ৰ মূৰ্তিটোৰ মুঠ উচ্চতা ২০৬ ফুট। ১১১৮ই ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ মূৰ্তি আৰু দ্বিতীয় সৰ্বোচ্চ থিয় হৈ থকা মূৰ্তি।১৯ বিশ্বৰ শীৰ্ষ ৪০ টা ওখ মূৰ্তিৰ ভিতৰত আছে সামাজিক ন্যায়ৰ মূৰ্তি। ১৭৫ ফুট উচ্চতাৰ আম্বেদকাৰৰ দ্বিতীয় সৰ্বোচ্চ প্ৰতিমূৰ্তি চুবুৰীয়া ৰাজ্য তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত।২০
বিজয়ৱাড়াৰ ড° বি. আৰ. আম্বেদকাৰ স্মৃতি বনমত ₹৪০৪.৩৫ কোটি ব্যয় কৰি 18.81 একৰ মাটিত এই মূৰ্তিটো নিৰ্মাণ কৰা হৈছে।২১
আকাশচুম্বী এই দৰ্শনীয় ২০৬ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিটো ৮১ ফুট উচ্চতাৰ এক পেডেষ্টেল বা স্তম্ভমূলৰ ওপৰত স্থাপন কৰা হৈছে। এই স্তম্ভমূলটো বৌদ্ধ স্থাপত্যৰ কালচক্ৰ মহা মণ্ডল আৰ্হিত আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা হৈছে।২২ গাঁথনিটোৰ ভেটি ৫৩৯টা পাইলেৰে শক্তিশালী কৰা হৈছে, যাৰ প্ৰতিটোৰে গভীৰতা ৩০ মিটাৰ। শিয়াৰ ৱাল, হেলনীয়া শ্লেব আৰু ৫০ ডিগ্ৰী হেলনীয়া বিমৰ দৰে নক্সাৰ সংযোজনে কেৱল ইয়াৰ গাঁথনিগত দৃঢ়তাই বৃদ্ধি কৰা নাই, বৰঞ্চ ভৱনটোৰ নান্দনিক সৌন্দৰ্যও বৃদ্ধি কৰিছে।২৩
আম্বেদকাৰৰ এই মূৰ্তিটোৱে সামাজিক ন্যায়ৰ লগতে সামাজিক সমতা আৰু স্বাধীনতাৰ গুৰুত্বক প্ৰতিনিধিত্ব কৰে। আম্বেদকাৰ স্মৃতি বনমত আম্বেদকাৰৰ জীৱনীভিত্তিক সংগ্ৰহালয়, এটা মিনি থিয়েটাৰ, এখন সন্মিলন কেন্দ্ৰ, স্কাই লাইটিং, ফোৱাৰা আৰু পুথিভঁৰালকে ধৰি বহুতো সুবিধা আছে। স্মৃতিসৌধটোত ৩,০০০ আসনযুক্ত বহুমুখী সন্মিলন কক্ষ, ২,০০০ আসনযুক্ত মুকলি থিয়েটাৰ আৰু ১০,০০০ কিতাপ থকা এটা পুথিভঁৰাল আছে।২১ কেঁচা সামগ্ৰী সংগ্ৰহৰ পৰা আৰম্ভ কৰি নক্সা প্ৰস্তুত কৰালৈকে মূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণৰূপে 'মেক ইন ইণ্ডিয়া' প্ৰকল্পৰ অধীনত কৰা হৈছে। ইয়াৰ নিৰ্মাণত প্ৰায় ৪০০ টন তীখা ব্যৱহাৰ কৰা হৈছে।১০
আম্বেদকাৰ স্মৃতি বনমত এক বিস্তৃত আম্বেদকাৰ অভিজ্ঞতা (Ambedkar Experience) শাখা আছে যিয়ে এই দূৰদৰ্শী নেতাগৰাকীৰ জীৱন আৰু সময়ৰ চিত্ৰায়ণ কৰে। মূৰ্তিটোৰ স্তম্ভমূলটো তিনিটা মহলাৰে (G+2) গঠিত। ইয়াৰ ভূ-তলত চাৰিটা হল আছে, যাৰ এটা চিনেমা হল আৰু বাকীকেইটা আম্বেদকাৰৰ জীৱনৰ সবিশেষ বৰ্ণনা কৰা ডিজিটেল মিউজিয়াম। প্ৰথম মহলাৰ চাৰিটা হলৰ ভিতৰত এটা দক্ষিণ ভাৰতৰ সৈতে বি. আৰ. আম্বেদকাৰৰ সম্পৰ্ক প্ৰদৰ্শনৰ বাবে উৎসৰ্গিত, দুটা সংগ্ৰহালয়ৰ বাবে আৰু চতুৰ্থটো পুথিভঁৰাল হিচাপে ব্যৱহাৰ কৰা হ’ব। দ্বিতীয় মহলাৰ চাৰিটা হল পুথিভঁৰাল হিচাপে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ডিজাইনাৰসকলে সমগ্ৰ চৌহদটো ধুনীয়া ফুল গছ আৰু আকৰ্ষণীয় মাৰ্বলৰ পথেৰে সজাই তুলিছে।২২
তথ্যসূত্ৰ
- ↑ (2024-01-17). CM Jagan Mohan Reddy to unveil statue of social justice on January 19. The Hindu
- ↑ (2024-01-18). World's tallest Ambedkar statue to be unveiled on January 19 in Vijayawada. The Times of India
- ↑ Sudhir, S. N. V. Jagan Mohan Reddy to unveil tallest Ambedkar statue of justice in Vijayawada. Deccan Herald
- ↑ Service, Express News. (2024-01-18). Ambedkar statue is sculpture of social justice: CM Jagan. The New Indian Express
- ↑ 206-ft Ambedkar statue to come up in Vijayawada. The New Indian Express
- ↑ Top 10 Tallest Statues in India (January 2024). Dhamma Bharat
- ↑ Dr B. R. Ambedkar - graysinn.org.uk
- ↑ Wilson, Mairi. (1 July 2021). Ambedkar Room and portrait
- ↑ Hiwale, Sandesh. (2023-08-25). Know all about 206 ft tall Ambedkar statue in Vijayawada, Andhra Pradesh. Dhamma Bharat
- ↑ Umashanker, K. (2024-01-14). Andhra Pradesh CM to unveil 206-foot-tall Ambedkar statue in Vijayawada on Jan. 19. The Hindu
- ↑ (2024-01-17). CM Jagan Mohan Reddy to unveil statue of social justice on January 19. The Hindu
- ↑ Jagan Reddy Lays Foundation Stone For 206-Foot BR Ambedkar Statue In Vijayawada. NDTV.com
- ↑ (2023-12-10). Chief Minister to open Ambedkar Smriti Vanam in Vijayawada on January 20. The Hindu
- ↑ (2023-08-16). CM Jagan Mohan Reddy to inaugurate 206-ft Ambedkar statue in Vijayawada on November 26. The Hindu
- ↑ Brahmaji, Y. (2023-08-17). CM Jagan to inaugurate 206 ft Ambedkar statue on Nov 26. www.thehansindia.com
- ↑ (2024-01-18). World's tallest Ambedkar statue to be unveiled on January 19 in Vijayawada. The Times of India
- ↑ Service, Express News. (2024-01-18). Ambedkar statue is sculpture of social justice: CM Jagan. The New Indian Express
- ↑ (2024-01-18). Ambedkar's statue will embolden oppressed to fight for justice: CM. The Times of India
- ↑ Top 10 Tallest Statues in India (January 2024). Dhamma Bharat
- ↑ (2024-01-19). World's tallest Ambedkar statue to be unveiled in Andhra Pradesh today. 5 points. Hindustan Times
- ↑ Service, Express News. (2023-12-28). CM Jagan Mohan Reddy to unveil Ambedkar statue on January 19. The New Indian Express
- ↑ (2024-01-20). Andhra Pradesh CM unveils 206-feet tall Ambedkar statue in Vijayawada. Telangana Today
- ↑ All about Andhra Pradesh's 'Statue of Social Justice': The tallest statue of BR Ambedkar in the world!. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সামাজিক ন্যায়ৰ মূৰ্তি” প্ৰবন্ধৰ সংশোধন ৬০৩৬২৩ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।