কলা
৫১ প্ৰবন্ধ
-
শিল্পৰ ইতিহাস
শিল্পৰ ইতিহাসত মানুহে যিকোনো সংখ্যক আধ্যাত্মিক, আখ্যানমূলক, দাৰ্শনিক, প্ৰতিকী, ধাৰণাগত, তথ্যচিত্ৰ, সজ্জাগত, আনকি কাৰ্য্যকৰী আৰু অন্যান্য উদ্দেশ্যৰ বাবে নিৰ্মিত বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে যদিও ইয়াৰ নান্দনিক দৃশ্য ৰূপৰ ওপৰত প্ৰাথমিক গুৰুত্ব দিয়া হয়।
-
অৰিগামি
অৰিগামি, জাপানৰ (মূল জাপানী শব্দ, 'অৰি', অৰ্থ ভাঁজ কৰা, আৰু 'কামি', অৰ্থ কাগজ) এটা পাৰম্পৰিক কলা, য'ত কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি সজা হয়। সপ্তদশ শতিকাত এই কলাৰ আৰম্ভণি হৈছিল আৰু ১৯০০ চনৰ পাছত ই জাপানৰ বাহিৰতো বিয়পি পৰে। অৰিগামি বৰ্তমানে এটা আধুনিক কলা।
-
আফগান শিল্প
আফগান শিল্প বহু শতিকাজুৰি বিস্তৃত হৈ আছে। শেহতীয়া শতিকাবোৰত স্বাধীনতা আৰু বিচ্ছিন্নতাৰ বিপৰীতে প্ৰাচীন আৰু মধ্যযুগীয় আফগানিস্তান দীৰ্ঘদিন ধৰি বৃহৎ সাম্ৰাজ্যৰ অংশ আছিল, আধুনিক পাকিস্তানৰ বহু অংশ আৰু উত্তৰ ভাৰতৰ কিছু অংশৰ লগতে ইৰাণকো সামৰি লৈছিল।
-
ইলেকট্ৰনিক সংগীত
ইলেক্ট্ৰনিক সংগীত হৈছে সংগীতৰ এক বিস্তৃত শাখা, য'ত ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰ, পৰিপথ-ভিত্তিক সংগীত প্ৰযুক্তি, চফ্টৱেৰ, অথবা ব্যক্তিগত কম্পিউটাৰ আদি সাধাৰণ উদ্দেশ্যৰ ইলেক্ট্ৰনিক উপকৰণ ব্যৱহাৰ কৰা হয়।
-
এম্পায়াৰ ষ্টেট বিল্ডিং
এম্পায়াৰ ষ্টেট বিল্ডিং হৈছে আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ মানহাটানৰ মিডটাউন চাউথ চুবুৰীত অৱস্থিত ১০২ মহলীয়া আৰ্ট ডেকো শৈলীৰ ছুপাৰটাল আকাশচুম্বী ঘৰ। ১৯৩০ চনৰ পৰা ১৯৩১ চনলৈকে নিৰ্মাণ কৰা এই ভৱনটোৰ ডিজাইন নিউয়ৰ্ক ৰাজ্যৰ ডাকনাম " এম্পায়াৰ ষ্টেট " ৰ পৰা লোৱা হৈছে।
-
ঐন্দ্ৰিলা মাইতি সুৰাই
অইণ্ড্ৰিলা মাইটি ছুৰাই (Oindrilla Maity Surai; জন্ম ১৯৭৮) এজন ভাৰতীয় স্বতন্ত্ৰ কিউৰেটৰ, কলা সমালোচক, আৰু কলকাতাস্থিত শিক্ষয়িত্ৰী। বাণিজ্যিক গেলেৰীৰ দৃষ্টান্তৰ বাহিৰেও তেওঁ প্ৰদৰ্শনীৰ আয়োজন কৰিছে।
-
কলাজ
কলাজ (ইংৰাজী Collage: ফৰাচী শব্দ Coller ৰ পৰা যাৰ অৰ্থ হৈছে আঠা লগোৱা)। কলাজ দৃশ্য কলাৰ এটা বিশেষ কৌশল। এই কলাত বিভিন্ন ৰূপৰ সংযোজনৰ দ্বাৰা সম্পূৰ্ণ নতুন এক ৰূপ তৈয়াৰ কৰা হয়।
-
ক্লেজত্ৰুপ হ্ৰদত বিশ্বৰ মানচিত্ৰ
ক্লেজত্ৰুপ হ্ৰদত বিশ্ব মানচিত্ৰ হৈছে ডেনমাৰ্কৰ ভাইবৰ্গ পৌৰসভাৰ ক্লেজত্ৰুপ গাঁৱৰ ওচৰৰ ক্লেজত্ৰুপ হ্ৰদৰ শিল আৰু ঘাঁহেৰে নিৰ্মিত এখন ক্ষুদ্ৰ বিশ্ব মানচিত্ৰ।
-
গ' খেল
গ (囲碁, 围棋, 바둑, Go) হৈছে এটি প্ৰাচীন কৌশলভিত্তিক দুজন খেলুৱৈৰ ব'ৰ্ড গেম, যাৰ উৎপত্তি ২৫০০ বছৰ আগতে প্ৰাচীন চীনত হৈছিল। এই খেলত খেলুৱৈ দুজনৰ মাজত ব'ৰ্ডত ক’লা আৰু বগা গুটি স্থাপন কৰি অঞ্চল অধিকাৰ কৰাৰ বাবে প্ৰতিযোগিতা হয়।
-
গ্ৰীটিংছ কাৰ্ড
গ্ৰীটিংছ কাৰ্ড (Greeting card) শুভেচ্ছা, অভিনন্দন, অভিবাদন আদি জনাই প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ। অতি প্ৰাচীন কালৰে পৰাই বিভিন্ন উপহাৰৰ মাধ্যমেৰে শুভেচ্ছা জনোৱাৰ নিয়ম মানৱ সমাজত প্ৰচলিত হৈ আছে।
-
চীনা লোক-কলা
চীনা লোক-কলা (ইংৰাজী: Chinese folk art) বা চীনা হস্তশিল্প হৈছে চীনৰ কোনো আঞ্চলিক বা জনগোষ্ঠীয় সমাজৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা বিভিন্ন শৈল্পিক ৰূপ। সাধাৰণতে চীনৰ বিভিন্ন প্ৰদেশসমূহৰ মাজত এই কলাৰ কিছু তাৰতম্য বা প্ৰভেদ দেখা যায়।
-
চৌষষ্ঠি কলা
কলাৰ অৰ্থ সংস্কৃতত ‘পাৰফৰ্মিং আৰ্ট’, অৰ্থাৎ পৰিৱেশ্য কলা। হিন্দু শাস্ত্ৰত শিৱক কলাৰ গুৰু হিচাপে গণ্য কৰা হয়। ললিত সহস্ৰানামত দেৱীক ৬৪টা সূক্ষ্ম কলাৰ মূৰ্তি হিচাপে আমন্ত্ৰণ কৰা হৈছে।
-
তিনি গিৰিসংকটৰ বান্ধ
তিনি গিৰিসংকটৰ বান্ধ ( 三峡大坝; Three Gorges Dam) হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ জলবিদ্যুৎ উৎপাদক বান্ধ। এই বান্ধখন চীন দেশৰ হুবেই (Hubei) প্ৰদেশৰ ইচাং (Yichang) চহৰৰ ওচৰত Yangtze নদীৰ ওপৰত অৱস্থিত।
-
নগ্ন
নগ্ন (Nude) শব্দটি সাধাৰণতে মানুহৰ শৰীৰত কোনো পোছাক বা আচ্ছাদন নথকাৰ অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে নগ্নতা হৈছে মানুহৰ কাপোৰ নোহোৱা অৱস্থা, যি নগ্ন শব্দৰ বিশেষণ ৰূপে ব্যৱহৃত হয়৷ অনুমান বেলেগ বেলেগ হ’লেও প্ৰাক-ইতিহাসৰ প্ৰথম ৯০,০০০ বছৰত শাৰীৰিকভাৱে মানুহ উলংগ আছিল।
-
পিয়ান'
পিয়ান (Piano) এটা সুৰীয়া বাদ্যযন্ত্ৰ, যিটো কি-বোৰ্ড বাদ্যযন্ত্ৰৰ অন্তৰ্গত। ইয়াত হাতৰে বজাব পৰা ধুনীয়া কি (চাবি) থাকে যিবোৰে হাওঁ-দেওঁ কাঠৰ তন্তুৰ ওপৰত হাতুৰীৰ দৰে আঘাত কৰি শব্দ উৎপন্ন কৰে।
-
বাস্কিং
বাস্কিং বা পথৰ ওপৰত কলা পৰিৱেশন হৈছে দান-বৰঙণিৰ বাবে ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰা কাৰ্য্য। বহু দেশত বৰঙণি সাধাৰণতে ধনৰ ৰূপত দিয়া হয় যদিও অন্যান্য বৰঙণি যেনে খাদ্য, পানীয় বা অন্য বস্তুও দিয়া হ’ব পাৰে। ষ্ট্ৰীট পাৰফৰমেন্স সমগ্ৰ বিশ্বতে চৰ্চা কৰা হয় আৰু ইয়াৰ আৰম্ভণি প্ৰাচীন কালৰপৰাই চলি আহিছে।
-
বিশ্ব কলা দিৱস
বিশ্ব কলা দিৱস (World Art Day) হৈছে সুকুমাৰ কলাৰ আন্তঃৰাষ্ট্ৰীয় উদ্যাপন যিটো বিশ্বজুৰি সৃষ্টিশীল কাৰ্যকলাপৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ইণ্টাৰনেশ্যনেল এছ’চিয়েচন অৱ আৰ্ট (IAA)য়ে ঘোষণা কৰিছিল।
-
বেকগেমন
বেকগেমন (Backgammon “তাবুলা”, “নাৰ্ডশিৰ”, “নাৰ্দ” ইত্যাদি নামেৰেও জনা যায়) হ'ল দুজন খেলুৱৈৰ বাবে সাজি উলিওৱা কৌশলভিত্তিক ব'ৰ্ড গেম। এই খেলটো দবা খেলৰ দৰে গুটি (ডাইচ) আৰু বিশেষ আকাৰৰ বেকগেমন ব'ৰ্ডত খেলা হয়।
-
ষ্টেচু অফ লিবাৰ্টি
স্বাধীনতাৰ প্ৰতিমূৰ্তি (Liberty Enlightening the World; La Liberté éclairant le monde) এটা নিউক্লাসিক শৈলীৰ বৃহৎ মূৰ্তিচিত্ৰ, যি নিউ ইয়ৰ্ক চিটিৰ নিউ ইয়ৰ্ক উপসাগৰৰ ভিতৰত অৱস্থিত লিবাৰ্টি আইলেণ্ডত থকাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক।
-
হাজিয়া চ'ফিয়া
হাজিয়া চ'ফিয়া (Ayasofya, Ἁγία Σοφία; অৰ্থাৎ “পবিত্ৰ জ্ঞান”) হৈছে তুৰ্কীৰ ইস্তানবুল চহৰত অৱস্থিত এটা ঐতিহাসিক স্থাপত্য। এইটো মূলতে এটা বাইজেণ্টাইনত খ্ৰীষ্টান ধৰ্মৰ গীৰ্জা হিচাপে ৫৩৭ খ্ৰীষ্টাব্দত জুষ্টিনিয়ান প্ৰথমে নিৰ্মাণ কৰিছিল।
-
হুপ টেম
হুপ টেম (ইংৰাজী: Hup taem বা hoop taem) (থাই: ฮูปแต้ม; অৰ্থ: ছবি অঁকা) হ’ল এক ইচান লোককলাৰ শৈলী। এই দেৱাল চিত্ৰসমূহ বৌদ্ধ মন্দিৰৰ 'অৰ্ডিনেশ্বন হল' বা চিমত পোৱা যায়।