অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ষ্টেচু অফ লিবাৰ্টি

স্বাধীনতাৰ প্ৰতিমূৰ্তি (Liberty Enlightening the World; La Liberté éclairant le monde) এটা নিউক্লাসিক শৈলীৰ বৃহৎ মূৰ্তিচিত্ৰ, যি নিউ ইয়ৰ্ক চিটিৰ নিউ ইয়ৰ্ক উপসাগৰৰ ভিতৰত অৱস্থিত লিবাৰ্টি আইলেণ্ডত থকাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক।

হালনাগাদ: ২৩ জুন ২০২৬ ৩৪১ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

স্বাধীনতাৰ প্ৰতিমূৰ্তি (Liberty Enlightening the World; La Liberté éclairant le monde) এটা নিউক্লাসিক শৈলীৰ বৃহৎ মূৰ্তিচিত্ৰ, যি নিউয়ৰ্ক মহানগৰৰ নিউ ইয়ৰ্ক উপসাগৰৰ ভিতৰত অৱস্থিত লিবাৰ্টি আইলেণ্ডত থকাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। তামাৰে আবৃত এই প্ৰতিমূৰ্তিটো ফ্ৰান্সৰ জনসাধাৰণৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ দিয়া এটা উপহাৰ, যাক ফ্ৰেঞ্চ ভাস্কৰ ফ্ৰেদেৰিক অ'গুষ্ট বাৰ্থল্ডিয়ে ডিজাইন কৰিছিল আৰু ইয়াৰ ধাতু কাঠামোখন গুস্তাভ আইফেলয়ে নিৰ্মাণ কৰিছিল। এই প্ৰতিমূৰ্তিটো ১৮৮৬ চনৰ ২৮ অক্টোবৰত উন্মোচিত কৰা হৈছিল।

এই প্ৰতিমূৰ্তিটো এটা স্বাধীনতাৰ ৰোমান দেৱীৰ অনুপ্ৰাণিত, চিৰাচৰিত পোছাক পৰিধান কৰা এজনী মহিলাৰ ৰূপত প্ৰতিষ্ঠিত।১২ তেওঁ নিজৰ সোঁহাতত এখন দিপ্‌ জ্বলা মশাল ধৰি আছে আৰু বাওঁহাতত Tabula ansata ধৰণৰ এখন ফলক লৈ আছে, য’ত JULY IV MDCCLXXVI (৪ জুলাই, ১৭৭৬) তাৰিখটো ৰোমান সংখ্যাত খোদিত আছে। এই তাৰিখটো আমেৰিকাৰ স্বাধীনতা ঘোষণাক সূচায়। তেওঁ তেওঁৰ বাঁও ভৰাত এটা ভাঙি পেলোৱা শৃংখল আৰু বেড়ী মচি থৈছে,৩ যিয়ে আমেৰিকাৰ গৃহযুদ্ধৰ পিছত আমেৰিকাত দাসপ্ৰথাৰ অন্তৰ স্মৃতিচিহ্ন হিচাপে বিবেচিত।৪৫৬

এই প্ৰতিমূৰ্তিটো ১৮৬৫ চনত ফ্ৰেঞ্চ ঐতিহাসিক আৰু দাসত্ত্ববিৰোধী আন্দোলনকাৰী এডুৱাৰ্ড দে লাবুলেয়ে প্ৰস্তাব কৰিছিল, যিয়ে যুক্তৰাষ্ট্ৰৰ স্বাধীনতাৰ শতবৰ্ষ (১৮৭৬) উদযাপন, গণতন্ত্ৰৰ অটলতা আৰু দাসত্ত্বৰ পৰা মুক্তিৰ স্মৃতি ৰূপে এটা স্মাৰক প্ৰতিষ্ঠা কৰাৰ কথা ভাবিছিল।৭ কিন্তু ফ্ৰাংকো-প্ৰাছিয়ান যুদ্ধৰ ফলত কাম বিলম্বিত হয় আৰু ১৮৭৫ চনত লাবুলে ফ্ৰান্সৰ জনতাই প্ৰতিমূৰ্তিৰ খৰচ বহন আৰু আমেৰিকাই স্থান আৰু স্তম্ভ নিৰ্মাণৰ দায়িত্ব লোৱাৰ প্ৰস্তাব আগবঢ়ায়।

বাৰ্থল্ডিয়ে প্ৰথমে মূৰ আৰু মশাল থকা বাহু অংশ নিৰ্মাণ কৰিছিল আৰু এই অংশসমূহক বেলেগ বেলেগ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল। মশালধাৰী বাহুখন ১৮৭৬ চনৰ শতবৰ্ষ প্ৰদৰ্শনীত ফিলাডেলফিয়াত আৰু ১৮৭৬-১৮৮২ চনৰ ভিতৰত ম্যানহেটনৰ মেডিছন স্কুৱাৰ পাৰ্কত প্ৰদৰ্শন কৰা হৈছিল। পুঁজিৰ অভাৱ বিশেষকৈ আমেৰিকাত দেখা যায়। ১৮৮৫ চনত স্তম্ভ নিৰ্মাণ বন্ধ হোৱাৰ উপকণ্ঠত থাকোঁতেই New York World কাকতৰ প্ৰকাশক জ’ছেফ পুলিচাৰয়ে পুঁজিৰ বাবে আহ্বান জনায় আৰু ১,২০,০০০তকৈ অধিক দানকাৰীয়ে এক ডলাৰৰো তলৰ অনুদান আগবঢ়ায়। প্ৰতিমূৰ্তিখন ফ্ৰান্সত নিৰ্মাণ কৰি, খণ্ড খণ্ড ৰূপে আমেৰিকালৈ পঠিয়াই, পূৰ্ণ হৈ থকা স্তম্ভত স্থাপন কৰা হয়।

এই প্ৰতিমূৰ্তিটো লাইটহাউচ ব'ৰ্ডৰ অধীনত ১৯০১ চনলৈকে ৰখা হৈছিল, তাৰপিছত যুদ্ধ বিভাগৰ তত্ত্বাৱধানত আছিল। ১৯৩৩ চনৰ পৰাই ই ৰাষ্ট্ৰীয় উদ্যান সেৱাৰ অধীন স্বাধীনতাৰ প্ৰতিমূৰ্তি ৰাষ্ট্ৰীয় স্মাৰক হিচাপে সংৰক্ষণ কৰা হৈছে। পৰ্যটকৰ বাবে স্তম্ভ আৰু মুকুট অভ্যন্তৰভাগলৈ সীমিতভাৱে প্ৰৱেশ সলভ, যদিও ১৯১৬ চনৰপৰাই মশাল অংশত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Hayden Despont 1986, পৃ. 45
  2. ↑ Sutherland 2003, পৃ. 19
  3. ↑ Hayden Despont 1986, পৃ. 45
  4. ↑ Jacobs, Julia. (2019-05-15). New Statue of Liberty Museum Illuminates a Forgotten History. The New York Times
  5. ↑ (2021-10-25). Celebrate Lady Liberty. The Statue of Liberty—Ellis Island Foundation
  6. ↑ (February 26, 2015). Abolition. Statue of Liberty National Monument. National Park Service
  7. ↑ (May 19, 2019). The French Connection. National Park Service

সম্পৰ্কিত শ্ৰেণী

কলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেচু অফ লিবাৰ্টি” প্ৰবন্ধৰ সংশোধন ৬১৩৯৪৬ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।