অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অৰিগামি

অৰিগামি, জাপানৰ (মূল জাপানী শব্দ, 'অৰি', অৰ্থ ভাঁজ কৰা, আৰু 'কামি', অৰ্থ কাগজ) এটা পাৰম্পৰিক কলা, য'ত কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি সজা হয়। সপ্তদশ শতিকাত এই কলাৰ আৰম্ভণি হৈছিল আৰু ১৯০০ চনৰ পাছত ই জাপানৰ বাহিৰতো বিয়পি পৰে। অৰিগামি বৰ্তমানে এটা আধুনিক কলা।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৪ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অৰিগামি, জাপানৰ (মূল জাপানী শব্দ, 'অৰি', অৰ্থ ভাঁজ কৰা, আৰু 'কামি', অৰ্থ কাগজ) এটা পাৰম্পৰিক কলা, য'ত কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি সজা হয়। সপ্তদশ শতিকাত এই কলাৰ আৰম্ভণি হৈছিল আৰু ১৯০০ চনৰ পাছত ই জাপানৰ বাহিৰতো বিয়পি পৰে। অৰিগামি বৰ্তমানে এটা আধুনিক কলা। এই কলাত মূলতঃ কাগজ ভাঁজ কৰাৰ হে অনুমতি আছে, কাগজ কাটি বা আঠা লগাই সজা আকৃতিক অৰিগামিৰ ভিতৰত ধৰা নহয়।

অৰিগামিত মূলতঃ কেইটামানহে ভাঁজ কৰাৰ বিশেষ পদ্ধতি আছে। একে কেইটা ভাঁজকে বিভিন্ন ধৰণে লগলগাই বিভিন্ন আকৃতি সজা হয়। সাধাৰণতে এখন বৰ্গাকাৰ কাগজৰপৰা প্ৰায়ভাগ অৰিগামি আকৃতিৰ নিৰ্মাণ আৰম্ভ হয়। অৰিগামিৰ বাবে ব্যৱহৃত বিশেষ কাগজৰ এপিঠি ৰঙীন হয় আৰু আনটো ফাল সাধাৰণতে বগা ৰঙৰ হয়।

অৰিগামিৰ কৌশলবিলাক বস্তুবন্ধা, অভিআন্ত্ৰিক গঠন ইত্যাদিতো ব্যৱহাৰ কৰা হয়।১

চিত্ৰ

কেইটামান বিভিন্ন ধৰণৰ অৰিগামিৰ চিত্ৰ:

তথ্যসূত্ৰ

  1. ↑ Merali, Zeeya. (17 June, 2011). Origami Engineer Flexes to Create Stronger, More Agile Materials. Science. পৃ. 1376-1377

সম্পৰ্কিত শ্ৰেণী

কলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰিগামি” প্ৰবন্ধৰ সংশোধন ৪০২৪৫০ (১৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।