অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইজৰাইলৰ সংস্কৃতি

১৯৪৮ চনত আধুনিক ইজৰাইলে স্বাধীনতা লাভ কৰাৰ বহু আগতেই ইজৰাইলৰ সংস্কৃতিৰ মূল আধাৰ বিকশিত হৈছিল৷ ইয়াৰ আৰম্ভণি প্ৰায় ১০০০ খ্ৰীষ্টপূৰ্বৰ প্ৰাচীন ইজৰাইলত ঘটিছে বুলি ক'ব পাৰি৷ ইজৰাইলৰ ইহুদী সংস্কৃতি, প্ৰব্ৰজনকাৰী ইহুদী ইতিহাস, ১৯ শতিকাৰ শেষৰ ফালে গঢ় লৈ উঠা জায়নিষ্ট আন্দোলনৰ মতাদৰ্শৰ লগতে ইজৰাইলত বাস…

হালনাগাদ: ৯ জুন ২০২৬ ৩৭১ শব্দ · ২ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

১৯৪৮ চনত আধুনিক ইজৰাইলে স্বাধীনতা লাভ কৰাৰ বহু আগতেই ইজৰাইলৰ সংস্কৃতিৰ মূল আধাৰ বিকশিত হৈছিল৷ ইয়াৰ আৰম্ভণি প্ৰায় ১০০০ খ্ৰীষ্টপূৰ্বৰ প্ৰাচীন ইজৰাইলত ঘটিছে বুলি ক'ব পাৰি৷ ইজৰাইলৰ ইহুদী সংস্কৃতি, প্ৰব্ৰজনকাৰী ইহুদী ইতিহাস, ১৯ শতিকাৰ শেষৰ ফালে গঢ় লৈ উঠা জায়নিষ্ট আন্দোলনৰ মতাদৰ্শৰ লগতে ইজৰাইলত বাস কৰা আৰব-ইজৰাইলী জনসমষ্টি আৰু সংখ্যালঘু জনগোষ্ঠীৰ ইতিহাস আৰু পৰম্পৰাৰ প্ৰতিফলন ঘটিছে, যিসমূহ জনগোষ্ঠীৰ ভিতৰত ড্ৰুজ, চাৰ্কাচিয়ান, আৰ্মেনিয়ান আদি অন্তৰ্ভুক্ত।

ইজৰাইল ইহুদী সংস্কৃতিৰ জন্মস্থান, আৰু ই দৰ্শন, সাহিত্য, কবিতা, শিল্প, পৌৰাণিক কাহিনী, লোককথা, ৰহস্যবাদ আৰু উৎসৱকে ধৰি বহুতো ইহুদী সাংস্কৃতিক বৈশিষ্ট্যৰ ভেটি সামৰি লৈছে; তাৰ লগতে সম্পৃক্ত হৈ আছে ইহুদী ধৰ্ম, যি খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ সৃষ্টিৰ ক্ষেত্ৰতো ভূমিকা পালন কৰিছিল।১

টেল আভিভ আৰু জেৰুজালেমক ইজৰাইলৰ মূল সাংস্কৃতিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। নিউয়ৰ্ক টাইমছে টেল আভিভক "ভূমধ্যসাগৰীয় শীতলৰ ৰাজধানী" (capital of Mediterranean cool) বুলি অভিহিত কৰিছে৷ ল'নলি প্লেনেটে ইয়াক নৈশজীৱনৰ বাবে উপযুক্ত শীৰ্ষ দহখন চহৰৰ ভিতৰত স্থান দিছে আৰু নেচনেল জিঅ'গ্ৰাফিকে ইয়াক সাগৰৰ তীৰত থকা অন্যতম দহখন চহৰৰ এখন বুলি অভিহিত কৰিছে।২

দুশতকৈও অধিক সংগ্ৰহালয় থকা ইজৰাইল হৈছে জনমূৰি সৰ্বাধিক সংগ্ৰহালয় থকা ৰাষ্ট্ৰ, য'লৈ বছৰি লাখ লাখ দৰ্শনাৰ্থী আহে।৩টেল আভিভ, জেৰুজালেম, হাইফা আৰু হাৰ্জলিয়াৰ লগতে বহু চহৰ আৰু কিবুটজিমত ডাঙৰ-ডাঙৰ শিল্প সংগ্ৰহালয় আছে। ইজৰাইল ফিলহাৰমনিক অৰ্কেষ্ট্ৰাই সমগ্ৰ দেশ আৰু বিদেশৰ স্থানত সংগীত পৰিৱেশন লৰে আৰু প্ৰায় প্ৰতিখন চহৰতে নিজা অৰ্কেষ্ট্ৰা থাকে৷ বহু সংগীতজ্ঞ পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পৰা আহিছে। ইজৰাইলত লোকনৃত্য জনপ্ৰিয় আৰু ইজৰাইলৰ আধুনিক নৃত্য কোম্পানী, ইয়াৰ ভিতৰত বাট্চেভা নৃত্য কোম্পানী, নৃত্য জগতত অতি প্ৰশংসিত। ইজৰাইলৰ ৰাষ্ট্ৰীয় থিয়েটাৰ বুলি গণ্য কৰা হাবিমা থিয়েটাৰ ১৯১৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইজৰাইলৰ চলচ্চিত্ৰ নিৰ্মাতা৪ আৰু অভিনেতাসকলে শেহতীয়া বছৰবোৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে।৫ ১৯৮০ চনৰ পৰা ইজৰাইলী সাহিত্যৰ ব্যাপক অনুবাদ হৈছে আৰু কেইবাজনো ইজৰাইলী লেখকে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।৬৭

পাঁচখন মহাদেশ আৰু এশখনতকৈও অধিক দেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ বৈচিত্ৰ্যপূৰ্ণ জনসমষ্টি আৰু মিজ্ৰাহিম, আৰব, ৰাছিয়ান ইহুদী, ইথিঅ'পিয়ান ইহুদী, ধৰ্মনিৰপেক্ষ ইহুদী আৰু অতি-ৰক্ষণশীলৰ(Ultra-orthodox) দৰে উল্লেখযোগ্য উপসংস্কৃতিৰ সৈতে, প্ৰত্যেকৰে নিজস্ব সাংস্কৃতিক পৰিধিৰে সমৃদ্ধ ইজৰাইলী সংস্কৃতি অত্যন্ত বৈচিত্ৰ্যময়। ৮

ইজৰাইল ৰাষ্ট্ৰৰ চৰকাৰী ভাষা হিব্ৰু ভাষা যদিও দেশখনত ৮৩ টাতকৈও অধিক ভাষা কোৱা হয়।৯

২০১২ চনত প্ৰকাশিত অৰ্গেনাইজেচন ফৰ ইকনমিক ক’অপাৰেশ্যন এণ্ড ডেভেলপমেণ্টৰ এডুকেচন এট এ গ্লান্স প্ৰতিবেদন অনুসৰি ২০১২ চনত ইজৰাইলক বিশ্বৰ দ্বিতীয় সৰ্বাধিক শিক্ষিত দেশ হিচাপে নিৰ্বাচিত কৰা হৈছিল। প্ৰতিবেদনত দেখা গৈছে যে শিক্ষাত বিনিয়োগ কৰা ৭৮% ধন আহে ৰাজহুৱা ধনৰ পৰা৷ আনহাতে দেশত ৪৫% নাগৰিকৰে একোটা বিশ্ববিদ্যালয় বা কলেজৰ ডিপ্লমা আছে।১০

তথ্যসূত্ৰ

  1. ↑ Jonathan Daly. (19 December 2013). The Rise of Western Power: A Comparative History of Western Civilization. A&C Black. পৃ. 21–. ISBN 978-1-4411-1851-6"Upon the foundation of Judaism, two civilizations centered on monotheistic religion emerged, Christianity and Islam. To these civilizations, the Jews added a leaven of astonishing creativity in business, medicine, letters, science, the arts, and a variety of other leadership roles."
  2. ↑ Linzen, Yael. (25 April 2013). Absolut bottle dedicated to Tel Aviv. Ynetnews
  3. ↑ Science & Technology. Consulate General of Israel in Los Angeles
  4. ↑ (25 May 2012). Israeli film wins award in Cannes Film Festival. Ynetnews
  5. ↑ Israeli wins best actress at Venice Film Festival – Israel Hayom. www.israelhayom.com
  6. ↑ (17 February 2013). Another Israeli film awarded in Berlin. Ynetnews
  7. ↑ FOCUS on ISRAEL (Language). www.focusmm.com
  8. ↑ (26 April 2012). Break Dancing Across the Green Line
  9. ↑ (26 June 2009). Diverse cultures of Israel on screen.(Entertainment)
  10. ↑ Haaretz. (1 February 2012). Israel Ranked Second Most Educated Country in the World, Study Shows. Haaretz

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইজৰাইলৰ সংস্কৃতি” প্ৰবন্ধৰ সংশোধন ৬১১৫৬৮ (৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।