শ্বেভচেংকো ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল (Shevchenko National Reserve) হৈছে ইউক্ৰেইনৰ কানিভ চহৰৰ ওচৰত অৱস্থিত এটা ঐতিহাসিক-সাংস্কৃতিক সংৰক্ষিত অঞ্চল। ইউক্ৰেইনৰ বিখ্যাত কবি তাৰাছ শ্বেভচেংকোৰ সমাধি আৰু তেওঁৰ স্মৃতিৰ প্ৰতি উৎসৰ্গিত এটা সংগ্ৰহালয়ৰ বাবে এই সংৰক্ষিত অঞ্চলটো বিশেষভাৱে পৰিচিত। সংৰক্ষিত অঞ্চলটোৰ মুঠ মাটি-কালি ৪৫ হেক্টৰ। <ref name = "Ehu"> ইয়াৰ অন্তৰ্গত আঠটা সাংস্কৃতিক ঐতিহ্যস্থল আছে। সংৰক্ষিত অঞ্চলটোৰ সীমা কানিভ প্ৰকৃতি সংৰক্ষিত অঞ্চলৰ সৈতে সংলগ্ন।১
পটভূমি
১৮৬১ চনৰ ২২ মে’ত বিখ্যাত ইউক্ৰেইনীয় কবি তাৰাছ শ্বেভচেংকোক চেৰনেচা পাহাৰত সমাধিস্থ কৰা হয়। পৰৱৰ্তী সময়ত এই পাহাৰটো তাৰাছ পাহাৰ বুলি পৰিচিত হয়। ১৮৮৪ চনত তাৰাছ পাহাৰত তাৰাছ শ্বেভচেংকোৰ প্ৰথমটো লোক-সংগ্ৰহালয় নিৰ্মাণ কৰা হয়। একে সময়তে ভিক্টৰ ছিচুহভে নক্সা কৰা এটা বিশাল ঢালাই-লোহাৰ ক্ৰছ স্মাৰক স্থাপন কৰা হয়। ১৯১৮ চনৰ ১০ জুনত ইউক্ৰেইনীয় ৰাষ্ট্ৰৰ মন্ত্ৰী পৰিষদে তাৰাছ শ্বেভচেংকোৰ সমাধিটোক ৰাষ্ট্ৰীয় সম্পত্তি হিচাপে স্বীকৃতি দিয়ে। ১৯২৫ চনৰ আগষ্ট মাহত তাৰাছ পাহাৰক এটা সংৰক্ষিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হয়।১
১৯৩৫–১৯৩৭ চনৰ সময়ছোৱাত তাৰাছ শ্বেভচেংকো সংগ্ৰহালয় নিৰ্মাণ কৰা হয়। ১৯৩৯ চনত মাটভেই মানিজাৰে নক্সা কৰা কবিগৰাকীৰ এটা নতুন ব্ৰঞ্জৰ স্মাৰক স্থাপন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাই সংগ্ৰহালয় আৰু স্মাৰকটো ধ্বংস কৰে। পিছত দুয়োটাকে পুনৰ নিৰ্মাণ কৰা হয়। ১৯৮৯ চনত এই সংৰক্ষিত অঞ্চলটোক ইউক্ৰেইনৰ বিশ্ব ঐতিহ্যৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ২ একে বছৰতে সংৰক্ষিত অঞ্চলটোৱে ৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰে আৰু বৰ্তমানৰ নাম গ্ৰহণ কৰে। ১৯৯৪ চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ এক ডিক্ৰীৰ জৰিয়তে এই মৰ্যাদা নিশ্চিত কৰা হয়। .৩১
বৰ্তমানৰ পৰিস্থিতি
বৰ্তমান এই সংৰক্ষিত অঞ্চলটো ইউক্ৰেইনৰ সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰ্যালয়ৰ পৰিচালনাৰ অধীনত আছে। এই বিভাগটো ৰাষ্ট্ৰীয় সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে দায়বদ্ধ ৰাজ্যিক সেৱাৰদ্বাৰা পৰিচালিত হয়।
শ্বেভচেংকো ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলটো এটা সাংস্কৃতিক-শিক্ষামূলক, গৱেষণা আৰু পৰ্যটন কেন্দ্ৰ। ইয়াত ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় আৰু বিশ্ব ঐতিহাসিক-সাংস্কৃতিক ঐতিহ্য, তাৰাছ শ্বেভচেংকোৰ সাহিত্যিক আৰু সাংস্কৃতিক কৃতি, আৰু চেৰনেচা পাহাৰৰ ইতিহাস অধ্যয়ন আৰু প্ৰচাৰ কৰা হয়। লগতে প্ৰাগৈতিহাসিক কালৰপৰা বৰ্তমানলৈকে থকা সাংস্কৃতিক স্মাৰকসমূহ আৰু অঞ্চলটোৰ প্ৰাকৃতিক ভূদৃশ্য সংৰক্ষণ কৰা হয়।
সংৰক্ষিত অঞ্চলটোৰ সংগ্ৰহত বস্ত্ৰশিল্পী হান্না ভেৰেছৰ শিল্পকৰ্মো অন্তৰ্ভুক্ত আছে।৪ প্ৰতি বছৰে ইউক্ৰেইন আৰু বিদেশৰপৰা ১ লাখৰো অধিক পৰ্যটকে শ্বেভচেংকো ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ সংগ্ৰহালয়সমূহ পৰিদৰ্শন কৰে।
শ্বেভচেংকো ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ মহাপৰিচালকসকল:
- ১৯৮৯–২০০৫ - ইহৰ লিকহোভি (Ihor Likhovy)৫
- ২০০৫–২০১০ - মেৰিয়ান পিনিয়াক (Maryan Pinyak)৬
- ২০১০–২০১১ - ইহৰ ৰেংকাছ (Ihor Renkas)৭
- ২০১১–২০১৩ - ভাছিল কোলোমিয়েটছ (Vasyl Kolomiets)৮
- ২০১৪–২০১৫ - ভাছিল টুলিন (Vasyl Tulin)৯
- ২০১৫–২০২০ - মেৰিয়ান পিনিয়াক (Maryan Pinyak)৬
- ২০২০ চনৰপৰা - ভেলেন্তিনা কোভালেংকো (Valentyna Kovalenko)১০
অধিক পঢ়ক
- Kugno II Kaniv. Guide to the city and its surroundings. Kyiv: Pandemia, 2006, pp. 22–24. ISBN 966-8947-00-2
- Shevchenko in 21 century // Ukraina moloda, 5.08.2010 р., c. 14.
- «Серед степу широкого на Вкраїні милій…»: to the 90th anniversary of the founding of the Shevchenko National Reserve in Kaniv (1925). Dates and events. Kyiv, 2014. pp. 36–40.
বাহ্যিক সংযোগ
- Taras Shevchenko National park, official page.
- Shevchenko National Reserve Encyclopedia of Ukraine
তথ্যসূত্ৰ
- ↑ SA Bryzhytska. Shevchenkivsky National Reserve in Kaniv. Encyclopedia of the History of Ukraine: in 10 vol. Кyiv: Naukova dumka, 2013. Vol. 10. p. 617. 784 pp. ISBN 978-966-00-1359-9
- ↑ Tarass Shevtchenko Tomb and State Historical and Natural Museum – Reserve. UNESCO World Heritage Centre
- ↑ (October 11, 1994). Decree of the President of Ukraine "On National Cultural Institutions". Ukrainian Parliament
- ↑ РУШНИКИ ГАННИ ВАСИЛАЩУК ТА ГАННИ ВЕРЕС. lib.if.ua
- ↑ Ліховий Ігор Дмитрович. Institute of history of Ukraine
- ↑ The director of the Shevchenkivsky National Reserve in Kaniv, Maryan Pinyak, passed away
- ↑ Ihor Renkas has been appointed as a director of the Shevchenko reserve. kaniv.net
- ↑ Vasyl Kolomiets has been appointed as a director of the Shevchenko reserve. kaniv.net
- ↑ New director of Shevchenko Museum in Kaniv is appointed. istpravda.com.ua
- ↑ Shevchenko National Reserve in Kaniv was headed by Valentyna Kovalenko. procherk.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেভচেংকো ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চল” প্ৰবন্ধৰ সংশোধন ৬২৭৭৫৫ (১৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।