অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান

লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান (Lampi Island Marine National Park) ম্যানমাৰৰ এখন সাগৰীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ আয়তন ৭৯.০৯ বৰ্গমাইল (২০৪.৮ বৰ্গ কিলোমিটাৰ)। ১৯৯৬ চনত এই উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল।

হালনাগাদ: ২৭ জুন ২০২৫ ৫১৬ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান (Lampi Island Marine National Park) ম্যানমাৰৰ এখন সাগৰীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ আয়তন ৭৯.০৯ বৰ্গমাইল (২০৪.৮ বৰ্গ কিলোমিটাৰ)। ১৯৯৬ চনত এই উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল।১ ই লানবি দ্বীপ আৰু মেৰগুই দ্বীপপুঞ্জৰ কেইবাটাও সৰু সৰু দ্বীপক সামৰি লৈছে, য'ত প্ৰবাল প্ৰাচীৰ, সাগৰীয় ঘাঁহৰ বিছনা, মেনগ্ৰ'ভ, বালিৰ টিলা আৰু গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্য ১,৪৯৩ ফুট (৪৫৫ মিটাৰ) উচ্চতালৈকে আছে। ৰাষ্ট্ৰীয় উদ্যানখনক গুৰুত্বপূৰ্ণ পখী অঞ্চল আৰু আছিয়ান ঐতিহ্য উদ্যানসমূহৰ ভিতৰৰ এখন অন্যতম উদ্যান হিচাপে চিনাক্ত কৰা হৈছে‍। সাগৰীয় ৰাষ্ট্ৰীয় উদ্যানৰ বৈশিষ্ট্যসমূহ হ’ল - গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ বৰ্ষাৰণ্য, জলজ পৰিৱেশ তন্ত্ৰৰ বিস্তৃত পৰিসৰক সুৰক্ষা দিয়া বিশাল প্ৰবাল প্ৰাচীৰ ব্যৱস্থা আৰু এই অঞ্চলৰ উল্লেখযোগ্য জীৱ বৈচিত্ৰ্য। দিনৰ ভাগত এই উদ্যানখন ভ্ৰমণৰ বাবে প্ৰৱেশ সীমিত।২

ভূগোল

লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান সাধাৰণতে সমতল, কিন্তু ক্ৰমাত উঠি সমুদ্ৰপৃষ্ঠৰ পৰা ই ২৭০ মিটাৰ (৮৯০ ফুট ) উচ্চতাত অৱস্থিত আৰু ইয়াত বহুকেইটা সমুদ্ৰতীৰ আৰু বালিৰে আবৃত প্ৰৱেশপথ অন্তৰ্ভুক্ত হৈ‍ আছে। উদ্যানখনত বিশাল গুহাৰ লগতে‍ বহুতো সতেজ পানীৰ উৎস আছে।৩

উদ্ভিদকুল

লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানত নদী আৰু মিঠা পানীৰ উৎসৰ কাষত বৃদ্ধি পোৱা জলাহভূমিৰ অৰণ্য আছে। প্ৰৱাল প্ৰাচীৰে বিভিন্ন ধৰণৰ সামুদ্ৰিক জীৱ-জন্তুক বাসস্থান প্ৰদান কৰে। নিম্নভূমিৰ অৰণ্যত ডিপ্টেৰ'কাৰ্পাছ আলাটাছ, লিয়ানাছকে ধৰি এপিফাইট, কেঁচুৱাৰিনা ইকুইছেটিফ'লিয়া, ডিলেনিয়া আৰু কেলোফিলাম, বনৰীয়া অৰ্কিড আৰু ফাৰ্ণ আছে। ইয়াৰ উপৰিও ইয়াত ১৭বিধ বিপন্ন গছ, ৫০বিধ মেনগ্ৰ'ভ প্ৰজাতি, ৬ প্ৰকাৰৰ সাগৰীয় ঘাঁহ, আৰু ৬০বিধ ভিন্ন প্ৰজাতিৰ প্ৰবাল চিনাক্ত কৰা হৈছে‍। দ্বীপটোৰ পূব অংশৰ চাৰিওফালে থকা সাগৰীয় ঘাঁহৰ ভিতৰত আছে থেলাচিয়ান্থাছ হেম্প্ৰিচি, চিমোডোচিয়া ৰোটুনডাটা, হেল'ডুল অনিনাৰ্ভিছ, এইচ. পিনিফোলিয়া আৰু ডুগং ঘাঁহ (হেল'ফিলা ওভালিছ) আদি‍।৩

জীৱ-জন্তু

২০০৮ চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে লাম্পি দ্বীপত ডুগংগ (ডুগং ডুগন)ৰ উপস্থিতি নিশ্চিত কৰা হৈছিল। তেতিয়াৰ পৰা ডুগংগৰ পৰাই ডুগং ঘাঁহৰ অংশলৈ এৰি যোৱা পথবোৰ বাৰে বাৰে পৰ্যবেক্ষণ কৰা হৈছিল।৪২০১৩ চনত এক জৰীপৰ সময়ত লেম্পা দ্বীপত লেডাৰবেক সাগৰীয় কাছ (ডৰ্মোচেলিছ ক'ৰিয়াচিয়া), সেউজীয়া সাগৰীয় কাছ (চেলোনিয়া মাইডাছ), হকছবিল সাগৰীয় কাছ (এৰেটমোচেলিছ ইমব্ৰিকাটা) আৰু অ'ল্ডহামছ পাত কাছ (চাইক্লেমিছ অ 'ল্ডেহামি)ৰ কাছিমাৰ পোৱা গৈছিল। পোপৰ ট্ৰী পিটভাইপাৰ (ট্ৰিমেৰেচুৰাছ পোপিয়ৰাম), জলগুঁই (ভাৰানাছ চালভাটৰ) আৰু কেঁকোসাপ (গেক্কো গেকো) পৰ্যবেক্ষণ কৰা হৈছিল। ৰেটিক্যুলেটেড পাইথন (পাইথন ৰেটিকুলাটাছ)ও দেখা যায়।৫৬

২০১৫ চনৰ নৱেম্বৰৰ পৰা ২০১৭ চনৰ মে’ মাহৰ ভিতৰত কেমেৰা ট্ৰেপিং কৰা এক সমীক্ষাত মসৃণ আৱৰণযুক্ত উট (Lutrogale perspicillata), জহামাল (Paradoxurus hermaphroditus), সৰু দাঁতৰ পাম চিভেট (Arctogalidia trivirgata), দীঘল ঠেঙৰ বান্দৰ (Macaca fascicularis), গাহৰীনেজীয়া বান্দৰ (M. leonina), ডাস্কি লেংগুৰ (Trachypithecus obscurus), লাজুকী বান্দৰ (Nycticebus bengalensis), লেছাৰ মাউছ হৰিণ (Tragulus kanchil lampensis), বনৰীয়া গাহৰি (Sus scrofa), সুণ্ডা পেংগোলিন (Manis javanica), উত্তৰ ট্ৰিচিউ (Tupaia belangeri), ৰঙা উৰণীয়া কেৰ্কেটুৱা (Petaurista petaurista), ক'লা বৰ কেৰ্কটেুৱা (Ratufa bicolour), ধূসৰ পেটৰ কেৰ্কটেুৱা (Callosciurus caniceps), পালছ' কেৰ্কটেুৱা (C. erythraeus), বাৰ্ডম’ৰৰ মাটি কেৰ্কটেুৱা (Menetes berdmorei), দীঘল ঠেংযুক্ত বিশাল নিগনি (Leopoldamys sabanus) আৰু ৰঙা কাঁইটীয়া এন্দুৰ (Maxomys surifer) আদি নথীভুক্ত হৈছে‍।৭

পৰ্যবেক্ষণ কৰা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত আছে নিকোবৰ পাৰ (কেল'ইনাছ নিক'বাৰিকা) আৰু এডিবল-নেষ্ট ছুইফ্টলেট (কেল'কেলিয়া ফুচিফাগা)।৮৯

বন্যপ্ৰাণীৰ বাবে ভাবুকি

লাম্পিত সাগৰীয় কাছই সন্মুখীন হোৱা প্ৰাথমিক বিপদসমূহৰ ভিতৰত আছে বাসস্থানৰ অৱক্ষয় আৰু মাছ ধৰা সামগ্ৰীৰ লগতে মাছমৰীয়া আৰু স্থানীয় লোকে কাছক প্ৰত্যক্ষভাৱে ইয়াক ইয়াৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই নি বাণিজ্যিক লাভৰ বাবে ব্যৱহাৰ কৰা। অঞ্চলটোৰ উপাৰ্জনৰ মূল উৎস হৈছে মাছ ধৰা, কিন্তু চিকাৰ কৰাটো অতি লাভজনক যেন লাগে। এইটো সঁচা, বিশেষকৈ যিসকল ব্যক্তি দ্বীপটোৰ বাহিৰৰ পৰা দ্বীপটোলৈ আহে‍ তেওেঁলাকে মাউছ হৰিণ, বনৰৌ, বনৰীয়া গাহৰি, আৰু গুঁই চিকাৰ কৰিবলৈ যাত্ৰা কৰে আৰু মাছ ধৰা নাও বা অভ্যন্তৰীণ বজাৰত বিক্ৰী কৰে। আনহাতে স্থানীয় লোকসকলে সাধাৰণতে মূলতঃ জীৱিকাৰ উদ্দেশ্যে চিকাৰ কৰে। ১০

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ World Database on Protected Areas. (2019). Lampi Marine National Park. Protected Planet
  2. ↑ Beffasti, L. (2011). Myanmar Protected Areas: Context, Current Status and Challenges. Istituto Oikos, Biodiversity and Nature Conservation Association. পৃ. 50–51
  3. ↑ Lampi Marine National Park - Myanmar's first national park. Asean Centre of Biodiversity
  4. ↑ (2012). https://repository.kulib.kyoto-u.ac.jp/dspace/bitstream/2433/154048/1/11thseastar_15.pdf. পৃ. 15–21
  5. ↑ Platt, S. G.; Platt, K.; Soe, M. M. (2015). Marine turtles and estuarine crocodiles in Lampi Marind National Park, Myanmar: A conservation and threat assessment with recommendations. Herpetological Review. পৃ. 319–327
  6. ↑ Platt, S. G.; Zug, G. R.; Platt, K. (2018). Field records of turtles, snakes and lizards in Myanmar (2009–2017) with natural history observations and notes on Folk herpetological knowledge. Natural History Bulletin of the Siam Society. পৃ. 67–114
  7. ↑ Bisi, F.; Gagliardi, A.; Cremonesi, G. (2019). Distribution of Wildlife and Illegal Human Activities in the Lampi Marine National Park (Myanmar). Environmental Conservation. পৃ. 1–8
  8. ↑ Lampi National Park Guide Book
  9. ↑ Lampi Marine National Park eyes more travellers in open season · Ministry Of Information. www.moi.gov.mm
  10. ↑ Habitat degradation. Habitat and Mangroves of Lampi island

সম্পৰ্কিত শ্ৰেণী

আই ইউ চি এন শ্ৰেণী II

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫২১১০৬ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।