অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দীপিকা ঠাকুৰ

দীপিকা ঠাকুৰ ( Deepika Thakur; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা দলৰ আটাইতকৈ জ্যেষ্ঠ আৰু সৰ্বোচ্চ কেপ থকা খেলুৱৈ। ছিনিয়ৰ দলত ডিফেণ্ডাৰ হিচাপে খেলে আৰু ২০০ৰো অধিক আউটিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু ২৪টা গ'ল দিছে।

হালনাগাদ: ২৬ জুন ২০২৬ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দীপিকা ঠাকুৰ ( Deepika Thakur; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা দলৰ আটাইতকৈ জ্যেষ্ঠ আৰু সৰ্বোচ্চ কেপ থকা খেলুৱৈ। ছিনিয়ৰ দলত ডিফেণ্ডাৰ হিচাপে খেলে আৰু ২০০ৰো অধিক আউটিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু ২৪টা গ'ল দিছে।১

কৰ্মজীৱন

হাৰিয়ানাৰ আৰু চণ্ডীগড়ৰ স্প’ৰ্টছ হোষ্টেলৰ প্ৰডাক্ট। তেওঁ ভাৰতীয় ৰে'লৱেত কাম কৰে।২ ২০০৬ আৰু ২০১০ চনত বিশ্বকাপ, ২০১০, ২০১৪ আৰু ২০১৮ চনত এছিয়ান গেমছ আৰু ২০১০ আৰু ২০১৪ চনত কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

দীপিকাই সোনকালে বিয়া হোৱাটো বিচৰা পিতৃ-মাতৃৰ ইচ্ছাৰ বহু বিপৰীতে ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা হকী দলত যোগদান কৰে। ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে খেলাৰ উদ্দেশ্যে ২০১৬ চনৰ অক্টোবৰ মাহত হ’বলগীয়া বিবাহখন পিছুৱাই দিছিল। ভাৰতীয় মহিলা দলটোৱে ৩৬ বছৰৰ ব্যৱধানৰ পিছত ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।৩ সেই দলৰ সহ অধিনায়ক আছিল দীপিকা। যদিও ভাৰতে গ্ৰুপৰ তলৰ স্থান দখল কৰে।৪৫৬৭৮

মালয়েছিয়াত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফী (২০১৬)ত ভাৰতীয় মহিলাই প্ৰথম খিতাপ দখল কৰে য’ত দীপিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও তেওঁ ‘টুৰ্ণামেণ্টৰ সৰ্বোচ্চ স্ক’ৰাৰ’ বঁটাও লাভ কৰে।৯১০

ভাৰতে দক্ষিণ এছিয়ান গেমছ, ২০১৬ত সোণৰ পদক লাভ কৰে।দীপিকা দলৰ অংশ আছিল আৰু শ্ৰীলংকাৰ বিৰুদ্ধে চূড়ান্ত খেলখনত এটা গ'ল দিছিল।১১১২

কৃতিত্বসমূহ

  • ২৫০ মেচ কেপ মাইলষ্টোন
  • এছিয়ান গেমছ ২০১৮ (জাকাৰ্টা- ইণ্ডোনেছিয়া) – ৰূপৰ পদক
  • ৫ম এছিয়ান চেম্পিয়ন ট্ৰফী, কোৰিয়া (২০১৮) – ৰূপৰ পদক
  • মহিলা হকী বিশ্ব লীগৰ ছেমিফাইনেল ( Vencouver- Canada) ২০১৭ - বিজয়ী
  • চতুৰ্থ এছিয়ান চেম্পিয়ন ট্ৰফী (চিংগাপুৰ) (২০১৬) – স্বৰ্ণ পদক
  • দ্বাদশ এছ এ এফ খেল (গুৱাহাটী – ভাৰত) ২০১৬ – স্বৰ্ণ পদক
  • এফ আই এইচ ৱৰ্ল্ড লীগ ৰাউণ্ড ২ (দিল্লী- ভাৰত) ২০১৫ - বিজয়ী
  • টেষ্ট মেচ শৃংখলা ইণ্ডিয়া বনাম স্পেইন (ভেলেন্সিয়া- স্পেইন) ২০১৫ - বিজয়ী
  • টেষ্ট ছিৰিজ (ৰোম-ইটালী) ২০১৪ - বিজয়ী
  • ১৭ সংখ্যক এছিয়ান খেল (ইঞ্চিয়ন-কোৰিয়া) ২০১৪ – ব্ৰঞ্জৰ পদক
  • অষ্টম মহিলা এছিয়া কাপ (মালয়েছিয়া) ২০১৩ – ব্ৰঞ্জৰ পদক
  • তৃতীয় এছিয়ান চেম্পিয়নশ্বিপ (গিফু-জাপান) ২০১৩ – ৰূপৰ পদক
  • এফ আই এইচ অলিম্পিক কোৱালিফাইং টুৰ্ণামেণ্ট (নতুন দিল্লী-ভাৰত) ২০১২- ৰূপৰ পদক
  • টেষ্ট মেচ ছিৰিজ ইণ্ডিয়া বনাম আজাৰবাইজান (নতুন দিল্লী -ভাৰত) ২০১২- বিজয়ী
  • টেষ্ট মেচ ছিৰিজ (অষ্ট্ৰেলিয়া) ২০১১ – দ্বিতীয় স্থান
  • ১ম এছিয়ান চেম্পিয়ন ট্ৰফী (বুছান-কোৰিয়া) ২০১০ – ব্ৰঞ্জৰ পদক
  • ৪ জাতিৰ প্ৰতিযোগিতা (জাৰ্মানী)২০১০ – ব্ৰঞ্জৰ পদক
  • ৭ম এছিয়া কাপ (বেংকক- থাইলেণ্ড) ২০০৯ – ৰূপৰ পদক
  • চেম্পিয়ন চেলেঞ্জ II (কাজান-ৰাছিয়া) ২০০৯ - স্বৰ্ণ পদক

পুৰস্কাৰ আৰু সন্মান

  • বাছনি সমিতিৰ সদস্য খেলো ইণ্ডিয়া ২০২১
  • ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ পৰা হাই পাৰফৰমেন্স মেনেজাৰ (হকী)।
  • অৰ্জুন বঁটা ২০২০ (হকী)
  • হকীত বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ, মহিলা (২০১৫) ধ্ৰুৱ বাত্ৰ।১৩
  • হকী ইণ্ডিয়া ২০১৪ চনৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰ
  • জি এম ৰেলৱেজ বঁটা ২০০৮

তথ্যসূত্ৰ

  1. ↑ Deepika Thakur: 10 things to know about India's talented hockey defender. Sportskeeda.com
  2. ↑ Deepika Thakur Profile. Hockey India
  3. ↑ Indian women hockey team qualifies for Olympics after 36 years. দ্য হিন্দু
  4. ↑ (31 July 2016). DEEPIKA THAKUR (29). Sportstarlive
  5. ↑ (16 July 2016). India's women's hockey team gears up for USA Tour before Rio Olympics. Espn.in
  6. ↑ (31 July 2016). Rio 2016 Olympics a chance at liberation for Indian women's hockey team. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  7. ↑ (9 August 2016). Rio 2016 Olympics: Great Britain outclass India 3–0 in women's hockey. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  8. ↑ Haryana sportswomen shelve marriage plans for Rio Olympics | othersports. হিন্দুস্তান টাইমছ
  9. ↑ Whenever I've felt low, something good has happened: Deepika Thakur
  10. ↑ Kumar, Nandini. (30 March 2016). Woman On! Outback to Olympics. The New Indian Express
  11. ↑ Indian women's Hockey team clinches gold
  12. ↑ Suhrid Barua. (9 June 2015). Interview with Deepika Thakur: "Want to finish in top-3 in Hockey World League". In.news.yahoo.com
  13. ↑ হকী ইণ্ডিয়া · পি.আৰ শ্ৰীজেশ আৰু দীপিকাই হকী ইণ্ডিয়াত জয়লাভ কৰে বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপিকা ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬১৪৫৫৪ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।