এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্ (ইংৰাজী: Edward Michael "Bear" Grylls; জন্ম: ৭ জুন ১৯৭৪) এজন ব্ৰিটিছ দুঃসাহসিক অভিযাত্ৰী, লেখক আৰু টেলিভিছনৰ উপস্থাপক। তেওঁ তাৰ মেন ভাৰ্চেচ ৱাইল্ড (২০০৬-২০১১), যি আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ণ ছাৰ্ভাইভাৰ: বিয়েৰ গ্ৰিলচ্ নামেৰে প্ৰচলিত, টেলিভিছন ধাৰাবাহিকৰ বাবে সৰ্বাধিক পৰিচিত। ব্ৰিটেইন আৰু আমেৰিকাৰ বহু সংখ্যক টেলিভিছন ধাৰাবাহিকৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে।
ব্যাক্তিগত জীৱন
গ্ৰিলচ্ৰ জন্ম হৈছিল ১৯৭৪ চনৰ ৭ জুনত উত্তৰ আয়াৰলেণ্ডৰ ড’নাঘাডিত।১২ গ্ৰিলচ্ ৪ বছৰ বয়সলৈ উত্তৰ আয়াৰলেণ্ডৰ কাউন্টী ডাউনৰ ডোনাঘাডিত ডাঙৰ-দীঘল হৈছিল। ইয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো ইলে অৱ ৱইটৰ বেমব্ৰিজ অঞ্চললৈ উঠি যায়।৩৪ গ্ৰিলচ্ কঞ্জাৰভেটিভ পাৰ্টীৰ নেতা ছাৰ মাইকেল গ্ৰিলচ্ আৰু লেডী চাৰাহ গ্ৰিলচ্ৰ সন্তান আছিল। লাৰা ফ'চেট নামৰ গ্ৰিলচ্ৰ এজনী বায়েকো আছে। উল্লেখযোগ্য যে এৱেই গ্ৰিলচ্ক ঘৰত মতা 'বিয়েৰ' নামটো দিছিল যেতিয়া তেওঁৰ বয়স এসপ্তাহ হৈছিল।
গ্ৰিলচে্ ইটন হাউচ, লাডগ্ৰোভ স্কুল আৰু ইটন কলেজৰ পৰা শিক্ষা লাভ কৰিছিল। ইটন কলেজৰ প্ৰথমটো পৰ্বাতৰোহী ক্লাব তেওঁৰ সহযোগত গঢ় লৈ উঠিছিল। ২০০২ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা Hispanic বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
উল্লেখযোগ্য যে তেওঁৰ আজোককা ৱাল্টাৰ ডৰ্লিং স্মাইলচ্ অসম লেজিচলেটিভ কাউঞ্চিলৰ সদস্য আছিল
২০০০ চনত গ্ৰিলচ্ শ্বাৰা কেনিংচ্ নাইটৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল।৫ তেওঁলোকৰ তিনিজন ল'ৰা সন্তান আছে।৬৭
সামৰিক সেৱা
স্কুল এৰাৰ পিছত গ্ৰিলচে্ ভাৰতীয় সেনাত যোগদান কৰাৰ কথা ভাবিছিল। এই সময়ত কেইমাহমান তেওঁ চিক্কিম, পশ্চিমবংগ আৰু অসমত থাকি হিমালয় পৰ্বত আৰোহণ কৰি কটাইছিল।৮ ইয়াৰ পিছত ১৯৯৭ চনলৈ ৩ বছৰ ব্ৰিটিছ সেনা বাহিনীত কাম কৰে।
১৯৯৬ চনত গ্ৰিলচ্ এক পেৰাচুট দুৰ্ঘটনাত পতিত হৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।৯তেওঁ পুণৰ খোজ কাঢ়িব পাৰিব নে নোৱাৰে তাত সন্দেহ আহি পৰিছিল। সুস্থ হৈ উঠালৈ প্ৰায় ১২ মাহ লাগিছিল। ইয়াৰ পিছত তেওঁ এভাৰেষ্ট আৰোহণ কৰা শৈশৱৰ স্বপ্ন পূৰ্ণ কৰাৰ বাবে উঠিপৰি লাগিছিল।
সন্মানসূচক ভাৱে তেওঁক ২০০৪ চনত লেফটেনেন্ট কামাণ্ডাৰ আৰু ২০১৩ চনত লেফটেনেন্ট কৰ্ণেল পদ প্ৰদান কৰা হয়।১০
এভাৰেষ্ট জয়
দুৰ্ঘটনাৰ ১৮ মাহ পিছত গ্ৰিলচে্ তেওঁৰ শৈশৱৰ সপোন পূৰ্ণ কৰি ১৯৯৮ চনৰ ১৬ মে' তাৰিখে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণ কৰে। ২৩ বছৰ বয়সত এই শৃংগ আৰোহণ কৰি গ্ৰিলচ্ এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা সৰ্বকনিষ্ঠ লোকসকলৰ মাজৰ এজন হিচাপে পৰিচিত হয়। দাবী কৰা ধৰণে তেওঁ আটাইতকৈ কনিষ্ঠ ব্ৰিটন হয় নে নহয় কথাটোত কিছু বিতৰ্ক হোৱা দেখা যায়। কাৰণ ১৯৯৫ চনত জেমচ্ আলেন নামৰ অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনৰ দ্বিনাগৰিকত্ব থকা ২২ বছৰীয়া যুৱক এজনে এই শৃংগ জয় কৰিবলৈ সক্ষম হৈছিল।১১
তথ্যসূত্ৰ
- ↑ Bain, Mark. (23 May 2023). NI-born Bear Grylls to learn family history on BBC show: 'I'm doing it for my mum'. Belfast Telegraph
- ↑ Tiwari, Anuj. (6 June 2023). 7 June What Happened On This Day In History. IndiaTimes
- ↑ (1 November 2009). Sunday Life reclaims the celebs with Ulster ties. The Belfast Telegraph
- ↑ "My Life In Travel: Bear Grylls", Independent.co.uk, 17 April 2004
- ↑ Out of the Wild: Bear Grylls survives the urban jungle. mensvogue.com
- ↑ Bear Grylls Welcomes Son Huckleberry Celebrity Baby Blog, 15 January 2009
- ↑ Biography. BearGrylls.com
- ↑ Bear Grylls. hmforces.co.uk
- ↑ Bear Grylls at sasspecialairservice.com
- ↑ Kelly, Jon. (17 June 2013). Five survivors of spectacular falls. BBC News
- ↑ Summit Magazine No. 40, Winter 2005, page 12
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিয়েৰ গ্ৰিলচ্” প্ৰবন্ধৰ সংশোধন ৬০২৫৩৭ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।