অভিনয় শিল্পী
৭৫ প্ৰবন্ধ
-
নাদিয়া গামাল
নাদিয়া গামাল ( Nadia Gamal; আৰবী: نادية جمال, ১৯৩৭ – ১৯৯০ ) এগৰাকী ইজিপ্তৰ নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। স্থানীয় ইজিপ্তৰ বেলী নৃত্যক তেওঁ ৱেষ্টাৰ্ণ ৱাল্টজ, কাউবয়, ছা ছা নৃত্য আৰু অন্যান্য কিছু নৃত্যৰ সৈতে মিহলি কৰা বুলি জনা যায়।
-
পুষ্পা হন্স
পুষ্পা হন্স কাপুৰ ( Pushpa Hans Kapoor; ১৯১৭–২০১১) ১৯৪০ আৰু ১৯৫০ দশকৰ হিন্দী আৰু পাঞ্জাবী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। ১৯৫০ চনৰ হিন্দী ছবি শীশ মহলৰ গীত আৰু ১৯৪৯ চনৰ অপনা দেশ ছবিত অভিনয়ৰ বাবে তেওঁ পৰিচিত আছিল।
-
ফ্ৰেডা ব্ৰিলিয়েণ্ট
ফ্ৰেডা ব্ৰিলিয়েণ্ট ( Fredda Brilliant; ৭ এপ্ৰিল ১৯০৩ – ২৫ মে' ১৯৯৯) পোলেণ্ডৰ ল'ড্জত জন্মগ্ৰহণ কৰা এগৰাকী পোলেণ্ডৰ ভাস্কৰ্য শিল্পী আৰু অভিনেত্ৰী। বিভিন্ন মাধ্যমত কাম কৰা ফ্ৰেডাই এগৰাকী নিপুণ ভাস্কৰ্য্য শিল্পী, লেখিকা, অভিনেত্ৰী, গায়িকা আৰু চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।
-
বেনেডিক্ট কাম্বাৰবেটছ্
বেনেডিক্ট টিম'থি কাৰ্লটন কাম্বাৰবেটছ্ (Benedict Timothy Carlton Cumberbatch; জন্ম: ১৯ জুলাই ১৯৭৬) হৈছে এগৰাকী ইংৰাজ অভিনেতা। মানচেষ্টাৰ ভিক্টোৰিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক কাম্বাৰবেটছে লণ্ডন সংগীত আৰু নাট্যকলাৰ একাডেমীত প্ৰশিক্ষণ লয় আৰু ধ্ৰুপদী অভিনয়-কলাত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।
-
মণিকংকনা দত্ত
মণিকংকণা দত্ত মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ গুৱাহাটীত। গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰি পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।
-
মিনাংক ডেকা
মিনাংক ডেকা ( Minangka Deka) অসমৰ এগৰাকী মূকাভিনয় শিল্পী। সংগীত নাটক অকাডেমী বঁটা বিজয়ী মইনুল হকৰ ওচৰত মূকাভিনয়ৰ প্ৰশিক্ষণ লৈ দেশে-বিদেশে মূকাভিনয়েৰে সমাজৰ বিভিন্ন দিশৰ ওপৰত জনসজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে।
-
মেগান মাৰ্কল
মেগান, ডাচেছ অৱ ছাচেক্স (Meghan, Duchess of Sussex, ৪ আগষ্ট, ১৯৮১) ব্ৰিটিছ ৰাজকীয় পৰিয়ালৰ এগৰাকী আমেৰিকান সদস্য, সংবাদ মাধ্যমৰ ব্যক্তিত্ব আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁৰ তৃতীয় চাৰ্লছ ৰজাৰ কনিষ্ঠ পুত্ৰ ছাচেক্সৰ ড্যুক ৰাজকুমাৰ হেৰীৰ সৈতে বিবাহ হয়। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত মেগানৰ জন্ম হৈছিল।
-
ল'ৰা বাসুকি
ল'ৰা বাসুকি (জন্ম: ৯ জানুৱাৰী ১৯৮৮) এগৰাকী ইণ্ডোনেছিয়ান মডেল আৰু অভিনেত্ৰী। তেওঁ জাভানীজ, চীনা আৰু ভিয়েটনামীজ বংশৰ সৈতে সম্পৰ্কিত।
-
শাবানা
আফ্ৰোজা চুলতানা ৰত্না (মঞ্চনাম শাবানা নামেৰে পৰিচিত) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মুঠ দহটা বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। জননী (১৯৭৭), সখী তুমি কাৰ (১৯৮০), দুই পইছাৰ আলতা (১৯৮২), নাজমা (১৯৮৩), ভাত দে (১৯৮৪), অপেক্ষা (১৯৮৭), ৰঙা ভাবি (১৯৮৯), মৰণেৰ পৰে (১৯৯০) আৰু অচেনা…
-
শিল্পা মাস্কে
শিল্পা মাস্কে (জন্ম ১৪ এপ্ৰিল ১৯৯২, বিৰাটনগৰ, নেপাল) এগৰাকী নেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ নেপালী চলচ্চিত্ৰ জগতত "দ্য ব্ৰেক আপ" ছবিখনত আশীৰ্মান ডি.এছ. জোশীৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰি আত্মপ্ৰকাশ কৰিছিল।
-
শ্বামিন মান্নান
শ্বামিন মান্নান হিন্দী টেলিভিছনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। কালাৰ্ছ টিভি নাট্য ধাৰাবাহিক সংস্কাৰ – ধৰোহৰ আপনো কি (২০১৩–১৪)ত ভূমি বৈষ্ণৱৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছিকৈ পৰিচিত হৈছে।
-
শ্বৰীব হাছমী
শ্বৰীব হাছমী (Sharib Hashmi; জন্ম: ২৫ জানুৱাৰী ১৯৭৬) হিন্দী চিনেমাজগতৰ এজন ভাৰতীয় অভিনেতা, লেখক, প্ৰযোজক আৰু পৰিচালক। আমাজন প্ৰাইম ভিডিঅ’ৰ ধাৰাবাহিক দ্য ফেমিলি মেন (২০১৯-২০২১)ত জে কে টালপেডৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
সুমুখী সুৰেশ
সুমুখী সুৰেশ (Sumukhi Suresh) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু পৰিচালক। হাস্যৰসময়ী স্কেচৰ বাবে তেওঁ পৰিচিত যিবোৰ তেওঁ লিখে আৰু পৰিবেশন কৰে। হিন্দুস্তান টাইমছে এটা অনলাইন প্ৰবন্ধত সুমুখী সুৰেশক "ভাৰতৰ টিনা ফেই" বুলি উল্লেখ কৰিছে।
-
হুমা চফদাৰ
হুমা চফদাৰ ( Huma Safdar, উৰ্দু: ہما صفدر) এগৰাকী শিক্ষক, নাট্য শিল্পী, পাঞ্জাবী ভাষাৰ সমাজ সচেতক কৰ্মী তথা নাৰীবাদী নাট্য “সংগত”ৰ পৰিচালক। এগৰাকী শিল্পী হিচাপে তেওঁ পঞ্জাৱ লোক ৰহছৰ সৈতে কাম কৰিছিল। লাহোৰ ব্যাকৰণ বিদ্যালয়ত কলা আৰু পাঞ্জাবী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে অধ্যাপনা কৰি আহিছে।
-
হোৰিয়া নিয়াটি
হোৰিয়া নিয়াটি (জন্ম ১৯৪৮) লণ্ডনত বাস কৰা এগৰাকী আলজেৰিয়ান শিল্পী। নিয়াটি মিক্সড মিডিয়া ইনষ্টলেশ্যনত বিশেষজ্ঞ যিয়ে পশ্চিমীয়া প্ৰতিনিধিত্ব আৰু উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ মহিলাসকলৰ বস্তুনিষ্ঠকৰণক সমালোচনা কৰে।