ইতিহাসৰ আজিৰ দিনত
১২ জুন
ঘটনাৱলী
- ১৮৮৩সোণৰ পদক লাভেৰে পদাৰ্থবিদ তথা ৰসায়নবিদ মেৰী কুৰীয়ে স্কুলীয়া জীৱন শেষ কৰিছিল।
- ১৮৯৭৮.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। এই ভূমিকম্পৰ ফলত অসমত প্ৰায় ১৫০০জন লোকৰ মৃত্যু হৈছিল।
- ১৮৯৮ফিলিপাইন স্বাধীন হৈছিল।
- ১৯৬১মহাকাশলৈ যোৱা প্ৰথম মানৱ য়ুৰি গেগেৰিন-এ পোলেণ্ডৰ পৰা ‘‘Cross of Grunewald, 1st class’’ সন্মান লাভ কৰিছিল।
জন্ম
- ১৯২২মাৰ্গেৰিটা হেক, ইটালীৰ জ্যোতিপদাৰ্থবিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা। (মৃঃ ২০১৩)
- ১৯২৪জৰ্জ. এইচ. ডব্লিউ. বুশ্ব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪১তম ৰাষ্ট্ৰপতি।
- ১৯২৯আনে' ফ্ৰাংক, ডায়েৰী অব এ ইয়ং গাৰ্লৰ বাবে বিখ্যাত এই গৰাকী লেখিকা।
- ১৯৩২পদ্মিনী, ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী।
- ১৯৫৭জাভেদ মিয়াঁদাদ, পাকিস্থানৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ।
- ১৯৬২জৰ্দান পিটাৰছন, কানাডাৰ ক্লিনিকেল মনোবিজ্ঞানী আৰু লেখক।
মৃত্যু
- ১৯৬৮পদ্মধৰ চলিহা, প্ৰসিদ্ধ কবি তথা সাহিত্যিক।
- ২০১৪খগেন মহন্ত, বিহু সম্ৰাট।
- ২০১৪হাওবম ওংবি ঙাংবি দেৱী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সংগীতজ্ঞ।
- ২০১৫নেক চান্দ চে'নি, ভাৰতীয় ভাস্কৰ্য্য আৰু স্থাপত্য শিল্পী।
- ২০১৬অচ্যুত লহকৰ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক।
- ২০১৭চাৰ্লছ পি. থেকাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কম্পিউটাৰ বিজ্ঞানী। (জঃ ১৯৪৩)
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ