ইতিহাসৰ আজিৰ দিনত
২৪ মে’
জন্ম
- ১৬৮৬ডেনিয়েল গেব্ৰীয়েল ফাৰেণহাইট, নেদাৰলেণ্ডৰ (হলেণ্ড) ভৌতিক বিজ্ঞানী, ফাৰেণহাইট তাপ-স্কেল আৰু মাৰ্কুৰীথাৰ্মোমিটাৰৰ বাবে জনাজাত। (মৃত্যু: ১৭৩৬)
- ১৮৯৯কাজী নজৰুল ইছলাম, বাংলাদেশী সঙ্গীতজ্ঞ।
- ১৯৪০মওদুদ আহমেদ, বাংলাদেশী ৰাজনীতিবিদ আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৪১বব ডিলন, আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি।
- ১৯৪২জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট, স্কটিছ ৰসায়ন বিজ্ঞানী।
- ১৯৮৮থোনাকল গোপী, ভাৰতীয় এথলেট।
মৃত্যু
- ১৫৪৩নিক'লাচ ক'পাৰ্নিকাচ, পোলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী, 'পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ নহয়, বৰং সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ'-এই কথাষাৰৰ আৱিষ্কাৰক।
- ১৯৮৫কুমাৰ কিশোৰ, অসমৰ ঔপন্যাসিক। তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। (জন্ম: ১৯৮৫)
- ১৯৮৯তৃপ্তি মিত্ৰ, ভাৰতীয় অভিনেত্ৰী।
- ২০১১কবীন ফুকন, অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ (জন্ম: ১৯৪৬ চন)।
- ২০২১দাৰা আহমেদ, অসমীয়া চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা।
- ২০২৪হৰেন্দ্ৰনাথ দাস, অসমৰ প্ৰাক্তন মুখ্য সচিব, অৰ্থনীতিবিদ আৰু লেখক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ