ইতিহাসৰ আজিৰ দিনত
৯ ডিচেম্বৰ
ঘটনাৱলী
- ১৯৪৬নতুন দিল্লীত ভাৰতীয় সংবিধান সভা প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হয়। “এই সংবিধান সভাৰ প্ৰথম কাম হৈছে নতুন সংবিধানৰ জৰিয়তে ভাৰতক মুক্ত কৰা, ভোকত থকা লোকসকলক খাদ্য যোগান ধৰা, আৰু উলংগ জনতাক কাপোৰ পিন্ধোৱা, আৰু প্ৰতিজন ভাৰতীয়ক তেওঁৰ সামৰ্থ্য অনুসৰি নিজকে বিকাশ কৰাৰ সম্পূৰ্ণ সুযোগ দিয়া — জৱাহৰলাল নেহৰু, কাৰ্যাৱলী সংবিধান সভা বিতৰ্ক।”
- ১৯৭১বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ভাৰতীয় সেনাই এক বিমান অভিযান মেঘনা হেলি ব্ৰীজ আৰম্ভ কৰে।
- ১৯৯২মহাকাশচাৰী সকলে হাবল টেলিস্ক'পত ঘটা বিজুতি শুধৰাবলৈ সক্ষম হয়।
- ২০১৯উত্তৰ-পূব ভাৰতৰ জনতাৰ ভাৱাবেগক নস্যাৎ কৰি লোকসভাত গৃহীত জাতিধ্বংসী কেব। মাজনিশা ৩১১-৮০ টা ভোটৰ ব্যৱধানত নিম্ন সদনৰ অনুমোদন বিতৰ্কিত বিধেয়কলৈ।
জন্ম
- ১৪৮৪দৃষ্টিহী সুৰ দাস, প্ৰখ্যাত হিন্দী গায়ক।
- ১৬০৮জন মিল্টন, ইংৰাজ ৰোমাণ্টিক কবি আৰু বুদ্ধিজীৱী। “পেৰাডাইজ লষ্ট” তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ। পেৰাডাইজ লষ্টক এতিয়ালৈকে লিখা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ৰচনা বুলি গণ্য কৰা হয়, আৰু ই মিল্টনক ইতিহাসৰ পাতত অন্যতম মহান কবি হিচাপে বহুলভাৱে প্ৰতিষ্ঠা কৰিছিল। মৃত্যু ৮ নৱেম্বৰ, ১৬৭৪।
- ১৮৮০ৰোকেয়া সাখাৱাত হোচেইন, ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক।
- ১৮৮৯চন্দ্ৰনাথ শৰ্মা, স্বাধীনতা সংগ্ৰামী। অসম ৰাজ্যৰ প্ৰথম অসহযোগকাৰী আৰু অসমত কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ নেতা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা। শোণিতপুৰ জিলাৰ বিহগুৰিৰ মেকনৰ ভিতৰুৱা অঞ্চলৰ পৰা গৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা এইগৰাকী ক্ষণজন্মা বাগ্মী পুৰুষৰ প্ৰচেষ্টাতেই জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীয়ে অসমত পদাৰ্পন কৰিছিল। মৃত্যু ২০ জুলাই, ১৯২২।
- ১৯৩৭ভক্তিস্বৰূপ দামোদৰ স্বামী,যাক ডঃ থৌড়ম দামোদৰ সিং বুলিও জনা যায়। শ্ৰদ্ধেয় শ্ৰীপদ (শ্ৰীপাদ) গৌড়িয় বৈষ্ণৱৰ এজন আধ্যাত্মিক নেতা, ধৰ্ম আৰু বিজ্ঞান সাহিত্যৰ লেখক। ১৯৭১ চনত তেওঁ এচি ভক্তিবেদান্ত স্বামী প্ৰভুপদৰ পৰা আধ্যাত্মিক দীক্ষা লাভ কৰে আৰু কেইবছৰমানৰ পিছত তেওঁ ইণ্টাৰনেচনেল চছাইটি ফৰ কৃষ্ণ চেতনাৰ (হৰে কৃষ্ণ আন্দোলন নামেৰেও জনাজাত) এজন ধৰ্মীয় নেতা হৈ পৰে। মৃত্যু ২ অক্টোবৰ, ২০০৬।
- ১৯৭৪শুভ্ৰজিৎ শইকীয়া, এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যি অসম ক্ৰিকেট দলৰ হৈ ঘৰুৱা ক্ৰিকেট শৃংখলাত খেলিছিল। তেওঁ এজন বাওঁহাতৰ বেটছমেন যিয়ে সোঁ-হাতৰ মধ্যম গতিত বলিং কৰিছিল। ১৯৯৩/৯৪ বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ শৃংখলাত অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰে শইকীয়াই। তেওঁ ২৯খন লিষ্ট এ মেচৰ সৈতে ৪৩খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল য'ত তেওঁৰ সৰ্বাধিক ৰাণ ১২৭ আছিল। ২০১২/১৩ ঘৰুৱা শৃংখলাত অসম ক্ৰিকেট দলৰ প্ৰশিক্ষক আছিল। প্ৰশিক্ষক হিচাপে তেওঁৰ কাৰ্যকালত দলটোৱে ২০১৩ চনৰ বিজয় হাজাৰে ট্ৰফীত ৰানাৰ্ছ আপ হৈছিল।
- ১৯৭৫তিশানী দোশী, ভাৰতীয় কবি, সাংবাদিক আৰু নৃত্যশিল্পী।
মৃত্যু
- ১৯৩২ৰোকেয়া সাখাৱাত হোচেইন, ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ