ইতিহাসৰ আজিৰ দিনত
১০ ডিচেম্বৰ
ঘটনাৱলী
- ২০২০তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এ, ঐতিহাসিক অসম আন্দোলনৰ ছহিদ সকলৰ পুণ্য স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ হ'বলগীয়া ছহিদ স্মাৰক আৰু ছহিদ উদ্যানৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে। লগতে অসম চুক্তি ৰূপায়ন বিভাগৰ দ্বাৰা বিশিষ্ট সাহিত্যিক দিগন্ত ওজাৰ সম্পাদনাত চাৰিটা খণ্ডত প্ৰকাশ পাবলগীয়া বৃহৎ কলেৱৰৰ গ্ৰন্থ অসম আন্দোলনৰ তথ্যকোষ (উকমুকনিৰ পৰা উদ্গীৰণলৈ) প্ৰথম খণ্ড উন্মোচন কৰে।
- ২০২১অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক যোগত্যামূলক প্ৰশ্নকাকতৰ পৰা আঁতৰিল অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভাষা। ৩০০ নম্বৰৰ ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকতখনৰ অসম চৰকাৰৰ সিদ্ধান্তক চুড়ান্ত মোহৰ মাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয় এ।
জন্ম
- ১৮৯১নেলী ছাখছ, নোবেল বিজয়ী ছুইডেনৰ মহিলা কবি আৰু নাট্যকাৰ।
- ১৯৩৪ৰেণু শইকীয়া, অসমীয়া অভিনেত্ৰী।
- ১৯৪৩চিত্ৰা মুদগল, ভাৰতীয় লেখিকা আৰু আধুনিক হিন্দী সাহিত্যিক।
মৃত্যু
- ১৮৯৬আলফ্ৰেড ন'বেল, প্ৰকৃত নাম আলফ্ৰেড বাৰ্ণহাৰ্ড ন'বেল। আলফ্ৰেড ন'বেল এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক, ব্যৱসায়ী আৰু সমাজহিতৈষী আছিল। তেওঁ বিজ্ঞানলৈ কেইবাটাও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, তেওঁৰ জীৱনকালত ৩৫৫টা উদ্ভাৱন কৰিছিল। ন'বেলৰ আটাইতকৈ বিখ্যাত আৱিষ্কাৰ আছিল ডায়নামাইট। তেখেতৰ স্মৃতিতেই প্ৰতিবছৰে প্ৰদান কৰা হয় বিখ্যাত ন'বেল বঁটা। তেওঁৰ মৃত্যুৰ ৫ম বাৰ্ষিকী অৰ্থাৎ ১৯০১ চনৰ এই বঁটা প্ৰদান কৰি অহা হৈছে। জন্ম ২১ অক্টোবৰ, ১৮৩৩।
- ১৯২৩যমুনেশ্বৰী খাটনিয়াৰ, অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ প্ৰথম মহিলা কবি। মাত্ৰ ২৫ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লোৱা এইগৰাকী কবিৰ প্ৰথম কবিতা পুথি অৰুণ (১৯১৯) প্ৰকাশ পায়। জন্ম ১৮৯৯ চনত গোলাঘাট জিলাত।
- ২০১৯ৰাজেন বৰঠাকুৰ, শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ সমষ্টিৰ বিধায়ক তথা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ অধ্যক্ষ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ