অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৮ ডিচেম্বৰ

ঘটনাৱলী

  • ২০২১ভাৰতীয় সেনাৰ ইতিহাসত সৰ্ববৃহৎ বিমান দুৰ্ঘটনা। সৰ্বাধিনায়ক বিপিন ৰাৱাটসহ ১২জনৰ অপঘাত মৃত্যু। নিহতৰ মাজত ৰাৱাটৰ পত্নী মধুলিকা, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেঃ কৰ্ণেল হৰজিন্দৰ সিং। প্ৰাণৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিং ৱেলিংটনক সংকটজনক অৱস্থাত চিকিৎসাধীন। ইয়াৰ পূৰ্বেও ২০১৫ চনত ডিমাপুৰৰ ৰঙা পাহাৰত বিমান দুৰ্ঘটনা হৈ কথমপি প্ৰাণৰক্ষা পৰিছিল ৰাৱাটৰ।

জন্ম

  • ১৯০০উদয় শংকৰ, ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু অভিনেতা।
  • ১৯৭১গীতা গোপীনাথ, ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ।

মৃত্যু

  • ২০২১বিপিন ৰাৱাট ভাৰতীয় সামৰিক বিষয়া আছিল যি ভাৰতীয় সেনাৰ চাৰিতাৰকাযুক্ত মুখ্য সেনাধ্যক্ষ আছিল। ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ২০২১ চনৰ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱালৈকে তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চিডিএছ ৰ দায়িত্ব লোৱাৰ আগতে তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ চীফ অফ ষ্টাফ কমিটিৰ (অধ্যক্ষ চিঅ'এছচি) ৫৭তম অধ্যক্ষ আৰু লগতে ভাৰতীয় সেনাৰ ২৬তম সেনা প্ৰধান (চিঅএএছ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জন্ম ১৬ মাৰ্চ, ১৯৫৮।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ