ইতিহাসৰ আজিৰ দিনত
২১ নৱেম্বৰ
ঘটনাৱলী
- ১৯৬২চীনা পিপলছ লিবাৰেচন আৰ্মীয়ে ভাৰত-চীন যুদ্ধত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে। ভাৰত-চীন সীমান্ত বিবাদৰ বাবে চীন আৰু ভাৰতৰ মাজত ১৯৬২ চনৰ অক্টোবৰৰ পৰা নৱেম্বৰ লৈকে চীন-ভাৰত যুদ্ধ সংঘটিত হৈছিল।
- ১৯৭১মুক্তি বাহিনী (বঙালী গেৰিলা)ৰ আংশিক সহায়ত ভাৰতীয় সৈন্যই গৰীবপুৰ যুদ্ধত পাকিস্তানৰ সেনাক পৰাস্ত কৰে।
- ২০০২নাটো(North Atlantic Treaty Organization)ৱে বুলগেৰিয়া, এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া, ৰোমানিয়া, স্লোভাকিয়া আৰু স্লোভেনিয়াক সদস্য হ'বলৈ আমন্ত্ৰণ জনায়।
জন্ম
- ১৬৯৪ভলতেয়ৰ, ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু কবি। তেওঁ জীৱনকালত ২০,০০০ তকৈও অধিক চিঠি আৰু ২,০০০ কিতাপ আৰু পত্ৰিকা লিখিছিল। ভল্টেয়াৰ আন্তৰ্জাতিক ভাৱে প্ৰসিদ্ধ আৰু বাণিজ্যিকভাৱে সফল হোৱা প্ৰথমশ্ৰেণীৰ লেখকসকলৰ ভিতৰত এজন আছিল। এইজন মহান দাৰ্শনিকৰ মৃত্যু হৈছিল ১৭৭৮ চনৰ ৩০ মে'ত।
- ১৯৩৮হেলেন, ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী।
- ১৯৪৮ৰামন পৰিমালা, ভাৰতীয় গণিতজ্ঞ।
- ১৯৭০জিণ্টু গগৈ, কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসমৰ সেনা জোৱান।
- ১৯৮৭ঈশা কাৰাৱাদে, ২০১১ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰমণ্ডল দবা চেম্পিয়নশ্বিপ(Commonwealth Chess Championship) ত স্বৰ্ণ পদক বিজয়ী খেলুৱৈ। তেওঁ ইতিমধ্যে ইণ্টাৰনেচনেল মাষ্টাৰ (আইএম) আৰু ৱুমেন গ্ৰেণ্ডমাষ্টাৰ (ডব্লিউজিএম)ৰ খিতাপ দখল কৰিছে। ঈশা কাৰৱাদেই ২০১০, ২০১২ আৰু ২০১৪ চনৰ দবা অলিম্পিয়াডত ভাৰতৰ হৈ খেলিছিল।
মৃত্যু
- ১৯৮১ৰমা দাশ, অসমীয়া চুটি গল্পকাৰ।
- ১৯৯৬আব্দুছ ছালাম, পাকিস্তানী পদাৰ্থবিজ্ঞানী।
- ২০১৮মীনা আলেকজেণ্ডাৰ, ভাৰতীয় কবি, চিন্তাবিদ আৰু লেখক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ