অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২২ নৱেম্বৰ

ঘটনাৱলী

  • ১৯৫৬অষ্টেলিয়াৰ মেলবৰ্ণত ষোড়শ(১৬) সংখ্যক অলিম্পিক গেমছ আৰম্ভ।
  • ১৯৯১আফ্ৰিকাৰ প্ৰথম ব্যক্তি হিচাপে ইজিপ্তৰ বোট্ৰাছ ঘালী, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে নিৰ্বাচিত হয়।

জন্ম

  • ১৮১৯জৰ্জ এলিয়ট, ইংৰাজ ঔপন্যাসিক, কবি, সাংবাদিক, অনুবাদক আৰু লেখিকা। প্ৰকৃত নাম মেৰী এন ইভান্স।
  • ১৮৬৪ৰুখমাবাই, ভাৰতীয় চিকিৎসক আৰু নাৰীবাদী।
  • ১৮৬৯আণ্ড্ৰে পউল গুলেইম গিদ, ফৰাচীৰ ঔপনাসিক ন’বেল বিজয়ী ঔপনাসিক।
  • ১৮৮৪ছৈয়দ ছুলেইমান নাদবী, প্ৰখ্যাত পাকিস্তানী সাহিত্যিক৷
  • ১৮৯২মীৰাবেন, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ। ১৯২০ চনত ইংলেণ্ডৰ ঘৰ এৰি মহাত্মা গান্ধীৰ নীতি আদৰ্শ গ্ৰহণ কৰি বাকীচোৱা জীৱন মানৱ জীৱনৰ বিকাশৰ বাবে কাম কৰে। ২০ জুলাই, ১৯৮২ চনত মীৰাবেনৰ মৃত্যু হয়।
  • ১৯৩৯মূলায়েম সিং যাদৱ, ভাৰতীয় ৰাজনীতিবিদ, এজন সমাজতান্ত্ৰিক ব্যক্তি আৰু সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক। তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে তিনিটা কাৰ্যকাল পালন কৰিছিল আৰু ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী(২৪ সংখ্যক) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১০ অক্টোবৰ, ২০২২ তাৰিখে মূলায়েম সিং যাদৱৰ মৃত্যু হয়।
  • ১৯৪৮সৰোজ খান, হিন্দী চলচ্চিত্ৰ জগত বলীউডৰ প্ৰথম মহিলা নৃত্য পৰিচালক।
  • ১৯৮৪স্কাৰলেট জ'হানছন, আমেৰিকান অভিনেত্ৰী, মডেল আৰু গায়িকা।

মৃত্যু

  • ১৭৭৪ৰবাৰ্ট ক্লাইভ, ভাৰতৰ ব্ৰিটিছ প্ৰশাসক।
  • ১৯৬৩জন ফিৎজাৰেল্ড কেনেডী, আমেৰিকান লেফটেনেণ্ট, ৰাজনীতিবিদ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৫ সংখ্যক ৰাষ্ট্ৰপতি।
  • ১৯৬৭তাৰা সিং, ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা।
  • ১৯৮৭হেমাঙ্গ বিশ্বাস, লোক-সঙ্গীতজ্ঞ, কবি, অসম গণনাট্য সঙ্ঘৰ প্ৰতিষ্ঠাপক সম্পাদক৷ অসমীয়া আৰু বাংলা ভাষাৰ সমন্বয়ৰ সাঁকো গঢ়া গণশিল্পী হেমাঙ্গ বিশ্বাসৰ জন্ম হৈছিল ১৯১২ চনৰ ১৪ ডিচেম্বৰত ব্ৰিটিছ শাসিত ভাৰতৰ শ্ৰীহট্ট জিলাৰ মিৰাছী গাঁৱত(বৰ্তমানৰ বাংলাদেশ)।
  • ২০০৬অসীমা চেটাৰ্জী, ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী।
  • ২০১৬মঙ্গলমপল্লী বালামুৰলীকৃষ্ণ, কণ্ঠশিল্পী, সংগীতজ্ঞ, নেপথ্য গায়ক, সুৰকাৰ আৰু অভিনেতা। ১৯৭৮ চনত তেওঁক মাদ্ৰাজ মিউজিক একাডেমীৰ সংগীত কলানিধি বঁটা প্ৰদান কৰা হয়। তেওঁ দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল(১৯৭৫, ১৯৮৭)। ১৯৭৫ চনত সংগীত নাটক একাডেমী বঁটা, কলাৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ১৯৯১ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম-বিভূষণ, ১৯৯৫ চনত ইউনেস্কোৰ পৰা মহাত্মা গান্ধী ৰূপৰ পদক লাভ কৰিছিল। তেখেত ৬ জুলাই, ১৯৩০ত জন্মগ্ৰহণ কৰিছিল।
  • ২০১৭বিজু ফুকন, অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা অভিনেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ