ইতিহাসৰ আজিৰ দিনত
৬ অক্টোবৰ
ঘটনাৱলী
- ১৭৬২সাত বছৰীয়া যুদ্ধ: ব্ৰিটিছ সকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে।
- ১৯৪৩দ্বিতীয় বিশ্বযুদ্ধ: ক্ৰিটত এটা অৰ্ধসামৰিক গোটে তেৰজন নাগৰিকক জীৱিত অৱস্থাত জ্বলাই দিয়ে।
- ১৯৪৮তুৰ্কমেনিস্তানৰ আশ্বগাবাট (Ashgabat) চহৰ ভূমিকম্পই (ৰিখটাৰ স্কেলত ৭.৩ জোখৰ) ধ্বংস কৰে। প্ৰতিবেদনসমূৰ মতে ১,১০,০০০ জনলৈকে লোক নিহত হৈছিল, যাৰ ফলত ই ১০টা আটাইতকৈ ভয়ংকৰ ভূমিকম্পৰ ভিতৰত এটা হৈ পৰিছিল।
- ১৯৫৬বিজ্ঞানী এলবাৰ্ট চাবিনে ঘোষণা কৰে যে তেওঁৰ মৌখিক পলিঅ' ভেকছিন পৰীক্ষাৰ বাবে সাজু; ই সোনকালেই পৃথিৱীৰ বহুঠাইত জোনাছ চালকৰ ভেকছিনক স্থানান্তৰ কৰিব।
- ১৯৮৩পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন কৰা হয়।
- ১৯৮৭ফিজি গণৰাজ্যত পৰিণত হয়।
- ১৯৯৫আন্য় এটা সূৰ্যক প্ৰদক্ষিণ কৰা প্ৰথম গ্ৰহ ৫১ পেগাচি বি আৱিষ্কাৰ হয়।
জন্ম
- ১৭৭৩লুই ফিলিপ প্ৰথম, ফ্ৰান্সৰ ৰজা। (মৃঃ ১৮৫০)
- ১৮৪৬জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ, আমেৰিকান উদ্যোগী আৰু অভিযন্তা।
- ১৮৮৭লী ক'ৰবাজিয়ে, খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক।
- ১৮৯৩মেঘনাদ সাহা, ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, প্ৰতিষ্ঠান নিৰ্মাতা আৰু সাংসদ, তেখেতে 'আয়'নাইজেছন থিয়ৰী' বিকশিত কৰিছিল আৰু নক্ষত্ৰীয় বৰ্ণালীৰ ব্যাখ্যাত ইয়াৰ প্ৰয়োগ কৰিছিল।
- ১৯১৪টুৰ হেয়াৰ্ডাল, ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ।
- ১৯৪৬বিনোদ খান্না, বলীউড অভিনেতা আৰু প্ৰযোজক।
- ১৯৫০শামা ভাটে, ভাৰতীয় কথক নৃত্যশিল্পী।
- ১৯৬৩সঞ্জয় মিশ্ৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
- ১৯৬৬শিৰীন শাৰমিন চৌধুৰী, বাংলাদেশী ৰাজনীতিবিদ। বাংলাদেশৰ ইতিহাসত জাতীয় সংসদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ।
- ১৯৯১নিকিতা সিং, ভাৰতীয় লেখক।
মৃত্যু
- ১৯৫১অটো ফ্ৰিটজ মেয়াৰহ'ফ, ন'বেল বঁটা বিজয়ী জাৰ্মান-আমেৰিকান চিকিৎসক আৰু জৈৱ ৰসায়নবিদ। (জঃ ১৮৮৪)
- ১৯৮১আনৱাৰ সাদাত, ইজিপ্তৰ তৃতীয় ৰাষ্ট্ৰপতি (১৯৭০-৮১), শান্তিৰ ন'বেল বঁটা জয়ী (১৯৭৮), ৬২ বছৰ বয়সত মৌলবাদী সেনা বিষয়াসকলে হত্যা কৰে।
- ২০০৭লক্ষ্মী মল সিংভি, আইনবিদ, সাংসদ, পণ্ডিত আৰু কূটনীতিবিদ।
- ২০০৭বাবাচাহেব ভোচালে, ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্ট্ৰৰ অষ্টম মুখ্যমন্ত্ৰী (জঃ ১৯২১)
- ২০১২বি সত্য নাৰায়ণ ৰেড্ডী, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগৰ ৰাজ্যপাল আছিল।
- ২০১৪মৰিয়ন ছেল্ডেছ, আমেৰিকান অভিনেত্ৰী।
- ২০২১অৰবিন্দ ত্ৰিবেদী, ভাৰতীয় অভিনেতা।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ