ইতিহাসৰ আজিৰ দিনত
৫ অক্টোবৰ
ঘটনাৱলী
- ১৮৬৪ভাৰতৰ কলকাতাৰ বেছিভাগ অঞ্চল ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ দ্বাৰা প্লাবিত আৰু ধ্বংস হৈছিল। এই ঘূৰ্ণীবতাহক ১৮৬৪ চনৰ কলিকতা ঘূৰ্ণীবতাহ বুলি অভিহিত কৰা। এই ধুমুহাৰ ফলত ৬০,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।
- ১৯১০পৰ্তুগালৰ এক বিপ্লৱত ৰাজতন্ত্ৰৰ সমাপ্তি ঘটে আৰু গণৰাজ্য ঘোষণা কৰা হয়।
- ১৯৬২ইয়ান ফ্লেমিংৰ 'ডক্টৰ ন'' উপন্যাসৰ ওপৰত আধাৰিত জেমছ বণ্ড চলচ্চিত্ৰ শৃংখলাৰ প্ৰথম খন চলচ্চিত্ৰ ব্ৰিটেইনত মুক্তি লাভ কৰে।
- ১৯৮৮ব্ৰাজিলৰ সংবিধান সভাই তেওঁলোকৰৰ সংবিধানৰ অনুমোদন জনায়।
- ২০১১ভাৰতত বিশ্বৰ আটাইতকৈ সস্তা ২২৫০ টকাৰ টেবলেট পিচি আকাশ মুকলি কৰা হৈছিল।
জন্ম
- ১৫২৪ৰাণী দুৰ্গাৱতী, গোণ্ডৰ ৰাণী, ভাৰতৰ ইতিহাসৰ এগৰাকী প্ৰসিদ্ধ বীৰাংগনা।
- ১৮৮২ৰবাৰ্ট হাচিংছ গ'ডাৰ্ড, এজন আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়। (জঃ আগষ্ট ১০, ১৯৪৫)
- ১৯০৩মেৰিয়ন কিং হুবাৰ্ট, আমেৰিকান ভূতাত্ত্বিক আৰু ভূ-পদাৰ্থবিজ্ঞানী। তেওঁ 'হুবাৰ্ট পিক থিয়ৰী'ৰ (Hubbert peak theory) বাবে জনাজাত। (জঃ ১১ অক্টোবৰ, ১৯৮৯)
- ১৯২৩কৈলাশপতি মিশ্ৰ, এজন ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল আছিল।
- ১৯৫২ইমৰান খান, পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী।
- ১৯৬৩আদিল হুছেইন, অসমৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা।
- ১৯৭৫কেট ৱিনস্লেট, ব্ৰিটিছ অভিনেত্ৰী, আৰ. এম. এছ. টাইটানিক আৰু ৰিভলিউচনৰী ৰোড কথাছবিৰ বাবে বিখ্যাত, ইংলেণ্ডৰ বাৰ্কশায়াৰৰ ৰিডিঙত জন্মগ্ৰহণ কৰিছিল।
মৃত্যু
- ৫৭৮জাষ্টিন দ্বিতীয়, বাইজেন্টাইন সম্ৰাট। (জন্মঃ ৫২০)
- ১০৫৬হেনৰী তৃতীয়, ৰোমান সম্ৰাট। (জন্মঃ ১০১৬)
- ১২৮৫ফিলিপ তৃতীয়, ফ্ৰান্স ৰজা।
- ১৮০৫লৰ্ড কৰ্ণৱালিছ, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ দ্বিতীয় গৱৰ্ণৰ আছিল।
- ২০১১ষ্টিভ জবছ, তেওঁ এপ'ল আই এন চিৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া (চিইও) আৰু সহ-প্ৰতিষ্ঠাপক আছিল।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ