ৱিণ্ড'জ ১১১ হৈছে মাইক্ৰ’ছফ্টদ্বাৰা বিকশিত ৱিণ্ড’জ এন টি অপাৰেটিং ছিষ্টেমৰ এক উল্লেখযোগ্য সংস্কৰণ যাৰ ঘোষণা ২০২১ চনৰ ২৪ জুনত কৰা হয়।২ ই ছবছৰ আগতে মুক্তি লাভ কৰা ৱিণ্ড’জ ১০ৰ নৱসংস্কৰণ যি ২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰে। ৩ ৱিণ্ড’জ ১১ সুসংগত ৱিণ্ড’জ ১০ ডিভাইচসমূহত ৱিণ্ড’জ আপডে’টৰ জৰিয়তে বিনামূলীয়া আপগ্ৰে’ড হিচাপে উপলব্ধ কৰোৱা হয়।৪৫৬৭
বিকাশ
২০১৫ চনৰ ইগনাইট সন্মিলনত মাইক্ৰ'ছফ্টৰ কৰ্মচাৰী জেৰী নিক্সনে উল্লেখ কৰিছিল যে ৱিণ্ড'জ ১০ "ৱিণ্ড'জৰ অন্তিম সংস্কৰণ" হ'ব আৰু মাইক্ৰ'ছফ্টে নিশ্চিত কৰা এক বিবৃতিত একেই কথা প্ৰকাশ পাইছিল।৮৯১০ অপাৰেটিং ছিষ্টেমটো এক সেৱাৰূপে বিবেচিত হৈছিল যিয়ে সময়ে-সময়ে নতুন নতুন বিল্ড আৰু আপডে'ট লাভ কৰি থাকিব। অৱশ্যে ২০২১ চনৰ জানুৱাৰী মাহত মাইক্ৰ'ছফ্টে ৱিণ্ড'জৰ "ব্যাপক পুনৰুজ্জীৱিতকৰণ"ৰ কথা উল্লেখ কৰি চাকৰিৰ তালিকা প'ষ্ট কৰাৰ পিচত ৱিণ্ড'জৰ নতুন সংস্কৰণ বা পুনৰ্নিৰ্মাণৰ কথাক লৈ জল্পনা-কল্পনা আৰম্ভ হয়।১১ "ছান ভেলী" সাংকেতিক নামৰ অধীনত বিকশিত ৱিণ্ড'জৰ এক দৃষ্টিসংক্ৰান্ত নৱীকৰণে প্ৰণালীটোৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠৰ আধুনিকীকৰণ কৰিব বুলি জনা গৈছিল।১২
ঘোষণা
মাইক্ৰ'ছফ্ট বিল্ড ২০২১ৰ বিকাশকাৰী সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ সত্য নাডেলাই তেওঁৰ মূল বক্তব্যৰ সময়ত ৱিণ্ড'জৰ পৰৱৰ্তী সংস্কৰণৰ কথা উল্লেখ কৰে। তেওঁ এয়াও উল্লেখ কৰে যে অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ'ব।১৩ নাডেলাৰ মূল বক্তব্যৰ এসপ্তাহ পিচতেই মাইক্ৰ'ছফ্টে ২৪ জুন, ২০২১ তাৰিখে প্ৰাচ্য সময়-মণ্ডলৰ পুৱা ১১ বজাত ৱিণ্ড'জৰ এক সমৰ্পিত সংবাদ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰা আৰম্ভ কৰে।১৪১৫ মাইক্ৰ'ছফ্টে ১০ জুনত ইউটিউবত ৱিণ্ড'জৰ ষ্টাৰ্ট-আপ ধ্বনিৰ এটা ১১ মিনিটৰ ভিডিঅ' প'ষ্ট কৰিছিল য'ত বহুলোকে মাইক্ৰ'ছফ্টৰ অনুষ্ঠান আৰু ৱিণ্ড'জৰ ষ্টাৰ্ট-আপ ধ্বনিৰ ভিডিঅ'টোৰ দৈৰ্ঘ্য দুয়োটাই অপাৰেটিং ছিষ্টেমটোৰ নাম ৱিণ্ড'জ ১১ক সূচোৱা বুলি চিন্তা-চৰ্চা কৰে।১৬১৭
২৪ জুন, ২০২১ তাৰিখে মুখ্য উৎপাদন বিষয়া পান'ছ পানায়দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল অনুষ্ঠানত ৱিণ্ড'জ ১১ৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।১৮১৯২০ নাডেলাৰ মতে ৱিণ্ড'জ ১১ "অপাৰেটিং ছিষ্টেমৰ পুনৰ্কল্পনা"।২১ একেদিনাই আন এক বিকাশকৰ্তা-কেন্দ্ৰীক অনুষ্ঠানত বিকাশকসকলৰ বাবে অধিক সবিশেষ যেনে- মাইক্ৰ'ছফ্ট ষ্ট'ৰৰ আপডে'ট, নতুন ৱিণ্ড'জ এপ্ এছডিকে (সাংকেতিক নাম- "প্ৰজেক্ট ৰিইউনিয়ন"), নতুন সাবলীল ডিজাইন গাইডলাইন আৰু আন বহুতো কথা আলোচনা কৰা হয়।২২২৩২৪
উন্মোচন
২০২১ চনৰ জুন মাহত ৱিণ্ড'জ ১১ নামটো ভুলক্ৰমে মাইক্ৰ'ছফ্টৰ সাহায্য নথিপত্ৰ এখনত মুকলি কৰা হয়।২৫২৬ ৱিণ্ড'জ ১১ৰ ডেস্কটপৰ কথিত বিটা বিল্ডৰ লীক হোৱা কেইখনমান ছবি ২০২১ চনৰ জুন মাহত ইণ্টাৰনেটত প্ৰকাশ পায়,২৭২৮ যাৰ পিচত একেদিনাই ওপৰোক্ত বিল্ডটো লীক হয়।২৯ স্ক্ৰীণশ্বট আৰু লীক হোৱা বিল্ডটোত বাতিল কৰা ৱিণ্ড'জ ১০এক্স-ৰ দৰেই এক আন্তঃপৃষ্ঠৰ লগতে পুনৰ ডিজাইন কৰা আউট-অফ-বক্স অভিজ্ঞতা (অ' অ' বি ই) আৰু ৱিণ্ড'জ ১১ৰ ব্ৰেণ্ডিং দেখা যায়।৩০ মাইক্ৰ'ছফ্টে পিচত লীক হোৱা বিটা সংস্কৰণটোৰ সত্যতা নিশ্চিত কৰে য'ত পানায়ে উল্লেখ কৰে যে সেইটো "প্ৰাৰম্ভিক অদ্ভুত বিল্ড" আছিল।৩১৩২
২৪ জুনৰ সংবাদ অনুষ্ঠানত মাইক্ৰ'ছফ্টে কোনো সঠিক তাৰিখ নিদিয়াকৈয়ে "২০২১ৰ বন্ধৰ দিন"ত ৱিণ্ড'জ ১১ মুকলি কৰা হ'ব বুলি ঘোষণাও কৰে।৩৩৩৪ ইয়াৰ মুক্তিৰ লগতে সুসংগত ৱিণ্ড'জ ১০ ডিভাইচসমূহত বিনামূলীয়া আপগ্ৰেড প্ৰদান কৰা হ'ব।৩৫ ২৮ জুনত মাইক্ৰ'ছফ্টে ৱিণ্ড'জ ইনছাইডাৰত প্ৰথম প্ৰিভিউ বিল্ড আৰু ৱিণ্ড'জ ১১ৰ এছডিকে মুকলি কৰাৰ কথা ঘোষণা কৰে।৩৬
বৈশিষ্ট্যসমূহ
লগতে চাওক: ৱিণ্ড'জ ১১ত আঁতৰোৱা সুবিধাসমূহৰ তালিকা
২০১৫ চনত মুক্তি লাভ কৰা ৱিণ্ড'জ ১০ৰ পাচত ৱিণ্ড'জৰ আন এক উল্লেখযোগ্য সংস্কৰণ ৱিণ্ড'জ ১১ মাইক্ৰ'ছফ্টৰ নতুন সবলীল ডিজাইন গাইডলাইন অনুসৰি ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ পুনৰ্নিৰ্মাণ কৰি ইয়াৰ পূৰ্ব-সংস্কৰণৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। ব্যৱহাৰৰ সহজতা আৰু নমনীয়তাৰ ওপৰত গুৰুত্ব দিয়া পুনৰ্নিৰ্মিত সংস্কৰণটোত নতুন উৎপাদনশীলতা আৰু সামাজিক সা-সুবিধাৰ লগতে সুৰক্ষা আৰু অভিগম্যতাৰ উন্নতিসাধন প্ৰদান কৰা হৈছে যিয়ে ৱিণ্ড'জ ১০ৰ কিছুমান অসুবিধা দূৰ কৰিছে।৩৭৩৮
এপ্ আৰু অন্যান্য সমলৰ কেন্দ্ৰ হিচাপে কাম কৰা মাইক্ৰ'ছফ্ট ষ্ট'ৰ ৱিণ্ড'জ ১১ত পুনৰ ডিজাইন কৰা হৈছে। মাইক্ৰ'ছফ্টে এতিয়া বিকাশকাৰীসকলক মান্য ইউনিভাৰ্চেল ৱিণ্ড'জ প্লেটফৰ্ম এপ্ছৰ সৈতে মাইক্ৰ'ছফ্ট ষ্ট'ৰত ৱিন৩২, প্ৰগতিশীল ৱেব এপ্লিকেশ্যন আৰু অন্যান্য পেকেজিং প্ৰযুক্তি বিতৰণ কৰিবলৈ অনুমতি দিয়ে।৩৯
সহযোগিতাৰ মঞ্চ মাইক্ৰ'ছফ্ট টীম্ছ ৱিণ্ড'জ ১১ৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠত একত্ৰিত কৰা হৈছে আৰু টাস্কবাৰৰ জৰিয়তে পাব পাৰি। এতিয়া আৰু স্কাইপ অবিকল্পিতভাৱে অ'এছ-ৰ সৈতে প্ৰদান কৰা নহ'ব।৪০৪১৪২
মাইক্ৰ'ছফ্টে আপডে'টৰ সৰু আকাৰ, "যিকোনো ব্ৰাউজাৰ"ত দ্ৰুত ৱেব ব্ৰাউজিং, দ্ৰুতগতিত নিদ্ৰা ম'ডৰ জাগ্ৰত হোৱা আৰু দ্ৰুত ৱিণ্ড'জ হেল' প্ৰমাণীকৰণৰ দৰে কাৰ্যক্ষমতাৰ উন্নতিসাধনৰ প্ৰচাৰ কৰিছে।৪৩৪৪
উন্নত এক্সবক্স এপটো ৱিণ্ড'জ ১১ৰ সৈতে প্ৰদান কৰা হৈছে।৪৫৪৬ এক্সবক্স ছিৰীজ এক্স আৰু ছিৰীজ এছ-এ আগবঢ়োৱা স্বয়ং এইচ ডি আৰ আৰু ডাইৰেক্টষ্ট'ৰেজ প্ৰযুক্তি ৱিণ্ড'জ ১১ত একত্ৰিত কৰা হ'ব; পিচৰ সংস্কৰণত ডিৰেক্টএক্স ১২ আলটিমেট সমৰ্থন কৰা গ্ৰাফিক্স কাৰ্ড আৰু কমেও ১ টেৰাবাইটৰ NVMe ছ'লিড-ষ্টে'ট ড্ৰাইভৰ প্ৰয়োজন।৪৭৪৮
ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ
অপাৰেটিং ছিষ্টেমজুৰি পুনৰ ডিজাইন কৰা ইণ্টাৰফে'চ দেখা গৈছে; সমগ্ৰ ইউআই-জুৰি অৰ্দ্ধস্বচ্ছতা, ছাঁ, ৰঙৰ নতুন পেলেট আৰু বৃত্তাকাৰ জ্যামিতি প্ৰচলিত।৪৯ টাস্কবাৰৰ বুটামবোৰ অবিকল্পিতভাৱে কেন্দ্ৰ-সংৰেখিত,৫০ আৰু নতুন "ৱিজেট" বুটামটোৱে মাইক্ৰ'ছফ্ট সংবাদদ্বাৰা চালিত বাতৰি সংগ্ৰহৰ (যি ৱিণ্ড'জ ১০ৰ পিচৰ বিল্ডসমূহত আগবঢ়োৱা "বাতৰি আৰু আগ্ৰহ" পেনেলৰ সম্প্ৰসাৰণ) লগতে ৱিজেটৰ এটা পেনেল দেখুৱায়।৫১৫২ টাস্কবাৰটো স্থায়ীভাৱে স্ক্ৰীণৰ তলভাগত লাগি থাকে আৰু ৱিণ্ড'জ ১১ত স্ক্ৰীণৰ ওপৰ, বাওঁ বা সোঁকাষলৈ স্থানান্তৰ কৰিব নোৱাৰি (অথচ কেন্দ্ৰীভূত আইকনবোৰ বাওঁফালে স্থানান্তৰ কৰিব পাৰি)।৫৩
আৰম্ভ মেন্যু গুৰুত্বপূৰ্ণভাৱে পুনৰ ডিজাইন কৰা হৈছে, ৱিণ্ড'জ ৮.এক্স আৰু ১০ৰ দ্বাৰা ব্যৱহৃত "লাইভ টাইল"ৰ সলনি "পিন কৰা" এপ্লিকেশ্যনৰ গ্ৰিড আৰু শেহতীয়া এপ্লিকেশ্যন আৰু নথিপত্ৰৰ এখন তালিকা দেখুওৱা হয়।৪০৫৪
ৱিণ্ড'জ ১০ত আগবঢ়োৱা টাস্ক ভিউ নামৰ এটা সুবিধাত এক সতেজ ডিজাইন দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো ভাৰ্চুৱেল ডেস্কটপত পৃথককৈ ওৱালপেপাৰ ৰাখিব পাৰি। ৱিণ্ড'জ স্নেপিং কাৰ্যক্ষমতা দুটা অতিৰিক্ত সুবিধাৰে উন্নত কৰা হৈছে; "স্নেপ লে'আউট"-এ ব্যৱহাৰকাৰীক এটা ডিছপ্লে'ত একাধিক ৱিণ্ড'জ টাইল কৰাৰ বাবে ব্যৱহাৰ কৰিব বিচৰা পূৰ্ব-নিৰ্ধাৰিত লে'আউট বাছনি কৰিবলৈ দিয়ে। ৱিণ্ড'জৰ টাইলযুক্ত সজ্জা মিনিমাইজ কৰি "স্নেপ গ্ৰুপ" হিচাপে টাস্কবাৰৰ পৰা পুনঃস্থাপন কৰিব পাৰি।৫৪
ৱিণ্ড'জ ১১ত এটা নতুন ফণ্ট— ছীগ' ইউআই ভেৰিয়েবল যোগ কৰা হৈছে। ফণ্টটো প্ৰতি ইঞ্চিত অধিক পৰিমাণৰ বিন্দু থকা মনিটৰৰ সৈতে ভালদৰে সৰু-ডাঙৰ হ'বলৈ প্ৰস্তুত কৰা হৈছে, যি পুৰণি ছীগ' ইউআই-এ কৰিব নোৱাৰিছিল।৫৫ ছিষ্টেমৰ অন্যান্য সাল-সলনিৰ ভিতৰত আছে নতুন ছিষ্টেম আইকন, এনিমেশ্যন, ধ্বনি আৰু ৱিজেট।৫৬৫৭ সৰহভাগ ইণ্টাৰফে'চ আৰু আৰম্ভ মেন্যু এতিয়া বাতিল কৰা ৱিণ্ড'জ ১০এক্স-ৰ পৰা ঘাইকৈ অনুপ্ৰাণিত।৫৮ ফাইল এক্সপ্ল'ৰাৰ আৰু ৱিণ্ড'জ ছেটিংছ এপতো নতুন ডিজাইন দেখিবলৈ পোৱা গৈছে।৫৯৬০
এণ্ড্ৰইডৰ বাবে ৱিণ্ড'জ ছাবছিষ্টেম
ৱিণ্ড'জ ১১ত ব্যৱহাৰকাৰীসকলে এণ্ড্ৰইডৰ বাবে নতুন ৱিণ্ড'জ ছাবছিষ্টেম (ডব্লিউ এছ এ) আৰু এণ্ড্ৰইড মুক্ত উৎস প্ৰকল্প (এ অ' এছ পি) ব্যৱহাৰ কৰি তেওঁলোকৰ ডিভাইচত এণ্ড্ৰইড এপ্ ইনষ্টল কৰিব আৰু চলাব পাৰিব। এই এপ্বোৰ মাইক্ৰ'ছফ্ট ষ্ট'ৰৰ ভিতৰৰ পৰা আমাজন এপ্ষ্ট'ৰৰ জৰিয়তে প্ৰাপ্ত কৰিব পাৰি। এই সুবিধাটোৰ বাবে মাইক্ৰ'ছফ্ট একাউণ্ট, এটা এমাজন একাউণ্ট আৰু ৱিণ্ড'জ আমাজন এপ্ষ্ট'ৰ ক্লায়েণ্ট এবাৰ ইনষ্টল কৰিব লাগিব।৬১৬২৬৩৬৪ ব্যৱহাৰকাৰীসকলে এণ্ড্ৰইড এপ্লিকেশ্যন পেকেজ (এ পি কে) ফাইল ফৰ্মেট ব্যৱহাৰ কৰি যিকোনো উৎসৰ জৰিয়তে এণ্ড্ৰইড এপ্ ইনষ্টল কৰিব পাৰে।৬৫
ব্যৱস্থাপ্ৰণালীৰ সুৰক্ষা
নিম্নতম ছিষ্টেম-প্ৰয়োজনীয়তাৰ অংশ হিচাপে ৱিণ্ড'জ ১১ কেৱল ট্ৰাষ্টেড প্লেটফৰ্ম মডিউল ২.০ সুৰক্ষা ক'প্ৰচেছৰ থকা ডিভাইচসমূহতহে চলে। মাইক্ৰ'ছফ্টৰ মতে ফাৰ্মৱেৰ আৰু হাৰ্ডৱেৰ আক্ৰমণৰ বিৰুদ্ধে সুৰক্ষাৰ বাবে টিপিএম ২.০ ক'প্ৰচেছৰ হৈছে এক "গুৰুত্বপূৰ্ণ বিল্ডিং ব্লক"। ইয়াৰ উপৰিও ৱিণ্ড'জ ১১ থকা ডিভাইচসমূহত মাইক্ৰ'ছফ্টক এতিয়া ভাৰ্চুৱেলাইজেশ্যন-বে'জ্ড ছিকিউৰিটী (ভি বি এছ), হাইপাৰভাইজৰ-প্ৰ'টেক্টেড ক'ড ইণ্টিগ্ৰিটী (এইচ ভি চি আই) আৰু সুৰক্ষিত বুট অন্তৰ্নিৰ্মিত আৰু অবিকল্পিতভাৱে সক্ষম থকাটো প্ৰয়োজনীয়।৬৬ অপাৰেটিং ছিষ্টেমটোত শূণ্য-দিনীয়া আক্ৰমণৰ বিৰুদ্ধে সুৰক্ষাৰ প্ৰদান কৰিবলৈ সমৰ্থিত ইণ্টেল আৰু এএমডি প্ৰচেছৰৰ বাবে হাৰ্ডৱেৰ-এনফ'ৰ্চ্ড ষ্টেক সুৰক্ষাও আছে।
পূৰ্বৰ সংস্কৰণৰ দৰেই ৱিণ্ড'জ ১১তো ৱিণ্ড'জ হেল'ৰ জৰিয়তে বহু-কাৰক প্ৰমাণীকৰণ আৰু বায়'মেট্ৰিক প্ৰমাণীকৰণ সমৰ্থিত।৬৭
বিএছঅ'ডি-ৰ ৰং পৰিৱৰ্তন
যদিও এইটো মাইক্ৰ'ছফ্টদ্বাৰা নিশ্চিত কৰা হোৱা নাই আৰু পূৰ্বলোকন সংস্কৰণৰ ত্ৰুটি হ'ব পাৰে, কেইবাটাও ৱেবছাইটে জনাইছে যে ৱিণ্ড'জ ১১ৰ বিএছঅ'ডি-ৰ ৰং ক'লালৈ সলনি কৰা হৈছে।৬৮৬৯
সংস্কৰণৰ ইতিহাস
ৱিণ্ড'জ ১১ৰ প্ৰথম ৰাজহুৱা প্ৰিভিউ বিল্ড ২৮ জুন, ২০২১ তাৰিখে ৱিণ্ড'জ ইনছাইডাৰ্ছৰ ডেভ চেনেলত উপলব্ধ কৰোৱা হৈছিল।
| ৱিণ্ড'জ ১১ৰ প্ৰিভিউ বিল্ডসমূহ | ||
|---|---|---|
| সংস্কৰণ | মুক্তি লাভ কৰা তাৰিখ | হাইলাইটসমূহ |
| ১০.০.২২০০০.৫১ | ডেভ চেনেল: ২৮ জুল, ২০২১ | প্ৰাৰম্ভিক প্ৰিভিউ উন্মোচন ৱিণ্ড'জ ১১ৰ নতুন সুবিধাসমূহ চাওক |
ছিষ্টেমৰ প্ৰয়োজনীয়তাসমূহ
| +ৱিণ্ড'জ ১১ৰ হাৰ্ডৱেৰ-প্ৰয়োজনীয়তা৭০৭১ | উপাদান | নিম্নতম |
| প্ৰচেছৰ | কমেও ১ গিগাহাৰ্জ ঘড়ীৰ হাৰ আৰু কমেও ২টা ক'ৰ থকা সুসংগত ৬৪-বিট প্ৰচেছৰ (X86-64 বা ARM64) | |
| মেম'ৰী (RAM) | কমেও ৪ জিবি | |
| সংৰক্ষণৰ বাবে খালী ঠাই | কমেও ৬৪ জিবি | |
| ছিষ্টেম ফাৰ্মৱেৰ | UEFI | |
| নিৰাপত্তা | সুৰক্ষিত বুট, অবিকল্পিতভাৱে সক্ষম | |
| ট্ৰাষ্টেড প্লেটফৰ্ম মডিউল (টিপিএম) সংস্কৰণ ২.০ | ||
| গ্ৰাফিক্স কাৰ্ড | WDDM ২.০ ড্ৰাইভাৰসহ ডিৰেক্টএক্স ১২ বা তাৰ পাচৰ সংস্কৰণৰ সৈতে সুসংগত | |
| ডিছপ্লে' | হাই ডেফিনিশ্যন (৭২০পি) ডিছপ্লে' যি এফলীয়াকৈ ৯ইঞ্চিতকৈ ডাঙৰ, ৮ বিট প্ৰতি ৰঙৰ চেনেল | |
| ইণ্টাৰনেট সংযোগ আৰু মাইক্ৰ'ছফ্ট একাউণ্ট | ৱিণ্ড'জ ১১ হ'মত প্ৰথমবাৰৰ ছেটআপ সম্পূৰ্ণ কৰিবলৈ ইণ্টাৰনেট সংযোগ আৰু মাইক্ৰ'ছফ্ট একাউণ্টৰ প্ৰয়োজন। |
| +বৈকল্পিক কাৰ্যক্ষমতাৰ বাবে অতিৰিক্ত প্ৰয়োজনীয়তা | সুবিধা | প্ৰয়োজনীয়তা |
| 5G সমৰ্থন | 5G সক্ষম মডেম | |
| স্বয়ং এইচ ডি আৰ | এইচ ডি আৰ সক্ষম মনিটৰ | |
| বায়'মেট্ৰিক প্ৰমাণীকৰণ আৰু ৱিণ্ড'জ হেল' | উদ্দীপ্ত অৱলোহিত কেমেৰা বা ফিংগাৰপ্ৰিণ্ট ৰীডাৰ | |
| বিট্লকাৰ টু গ' | ইউ এছ বি ফ্লেশ্ব ড্ৰাইভ (ৱিণ্ড'জ ১১ প্ৰ' আৰু ওপৰৰ সংস্কৰণত উপলব্ধ) | |
| হাইপাৰ-ভি | ছেকেণ্ড লেভেল এড্ৰেছ ট্ৰাঞ্চলেশ্যন (SLAT) | |
| ডিৰেক্টষ্ট'ৰেজ | কমেও ১ টেৰাবাইট সঞ্চয়াগাৰ থকা NVMe ছ'লিড-ষ্টে'ট ড্ৰাইভ আৰু শ্বেডাৰ মডেল ৬.০সহ ডিৰেক্টএক্স 12 আল্টিমেট গ্ৰাফিক্স কাৰ্ড | |
| ডিৰেক্টএক্স 12 আল্টিমেট | সমৰ্থিত গেম আৰু গ্ৰাফিক্স কাৰ্ডৰ সৈতে উপলব্ধ | |
| স্থানিক ধ্বনি | হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সমৰ্থন কৰা | |
| দুই-কাৰক প্ৰমাণীকৰণ | পিন, বায়'মেট্ৰিক প্ৰমাণীকৰণ, অথবা ৱাই-ফাই বা ব্লুটুথৰ সুবিধা থকা ফোনৰ ব্যৱহাৰ | |
| কণ্ঠস্বৰ চিনাক্তকৰণ | মাইক্ৰ'ফ'ন | |
| ৱাই-ফাই 6E সমৰ্থন | নতুন WLAN IHV হাৰ্ডৱেৰ আৰু ড্ৰাইভাৰ, ৱাই-ফাই 6E সক্ষম AP/ৰাউটাৰ | |
| ৱিণ্ড'জ প্ৰক্ষেপণ | ৱাই-ফাই ডিৰেক্ট, WDDM 2.0 ছাপ'ৰ্ট কৰা ৱাই-ফাই এডাপ্টাৰ |
ৱিণ্ড'জ ১১ৰ প্ৰাথমিক ছিষ্টেম-প্ৰয়োজনীয়তা ৱিণ্ড'জ ১০ৰ দৰেই। অৱশ্যে ৱিণ্ড'জ ১১ত কেৱল X86-64 বা ARM64 প্ৰচেছৰ ব্যৱহাৰ কৰা ছিষ্টেমসমূহৰ দৰে ৬৪-বিট ছিষ্টেমসমূহৰহে সমৰ্থন আছে; IA-32 প্ৰচেছৰৰ বাবে সমৰ্থন আঁতৰোৱা হৈছে।৭২ নিম্নতম ৰেম আৰু সঞ্চয়াগাৰৰ প্ৰয়োজনীয়তাও বৃদ্ধি কৰা হৈছে; ৱিণ্ড'জ ১১ত এতিয়া কমেও ৪ জিবি ৰেম আৰু ৬৪ জিবি সঞ্চয়াগাৰৰ প্ৰয়োজন। S ম'ড কেৱল ৱিণ্ড'জ ১১ৰ হ'ম সংস্কৰণৰ বাবে সমৰ্থিত।৭৩ ২০২১ চনৰ জুন মাহলৈকে কেৱল ইণ্টেল ক'ৰ এইট্থ জেনেৰেশ্যন (কফি লে'ক, হুইস্কী লে'ক) আৰু পিচৰ সংস্কৰণ, এএমডি জেন+ (ৰাইজেন ফাৰ্ষ্ট জেন "এএফ" ৰিভিজ্যনৰ বাহিৰে) আৰু পিছৰ সংস্কৰণ আৰু কুৱালকম স্নেপড্ৰেগন ৮৫০ আৰু পিছৰ প্ৰচেছৰসমূহ আনুষ্ঠানিকভাৱে সমৰ্থিত।৭৪
লিগেচী BIOS এতিয়া আৰু সমৰ্থিত নহয়; এতিয়া সুৰক্ষিত বুট থকা UEFI ছিষ্টেম আৰু টিপিএম ২.০ সুৰক্ষা ক'প্ৰচেছৰৰ প্ৰয়োজন।৭৫৭৬৭৭৭৮ বিশেষকৈ টিপিএম-ৰ প্ৰয়োজনীয়তাই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কিয়নো বহুতো মাদাৰব'ৰ্ডত টিপিএম সমৰ্থন নাই, মাদাৰব'ৰ্ডত শাৰীৰিকভাৱে ইনষ্টল কৰিবলৈ এটা সুসংগত টিপিএম মডিউলৰ প্ৰয়োজন অথবা চিপিইউ ফাৰ্মৱেৰ বা হাৰ্ডৱেৰ স্তৰত এটা অন্তৰ্নিৰ্মিত টিপিএম থাকিব লাগিব যি অবিকল্পিতভাৱে নিষ্ক্ৰিয় কৰা থাকে যাৰ বাবে কম্পিউটাৰৰ UEFI-ত ছেটিংছ সলনি কৰিব লাগে।৭৯ মূল সাজ-সৰঞ্জাম নিৰ্মাতাসকলে তথাপি মাইক্ৰ'ছফ্টৰ অনুমোদনৰ পিচত টিপিএম ২.০ ক'প্ৰচেছৰ অবিহনে কম্পিউটাৰ প্ৰেৰণ কৰিব পাৰে। ইনষ্টলেশ্যন মিডিয়া সম্পাদনা কৰি লিগেচী BIOS-ত বা সুৰক্ষিত বুট বা টিপিএম 2.0 অবিহনে ৱিণ্ড'জ ১১ ইনষ্টল কৰিব পাৰি।৭০৮০
অভ্যৰ্থনা
উন্মোচনৰ পূৰ্বে
পূৰ্বলোকন সংস্কৰণ প্ৰকাশ পোৱাৰ পিচত ৱিণ্ড'জ ১১এ ইতিবাচক সঁহাৰি লাভ কৰিছে য'ত সমালোচকসকলে নতুন ডিজাইন আৰু উৎপাদনশীলতাৰ সুবিধাসমূহৰ প্ৰশংসা কৰিছে,৮১ অৱশ্যে ৱিণ্ড'জ ১১ৰ নিম্নতম ছিষ্টেম-প্ৰয়োজনীয়তাক লৈ অনিচ্ছাকৃতভাৱে বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে মাইক্ৰ'ছফ্টক সমালোচনা কৰা হৈছে।৮২ মাইক্ৰ'ছফ্টে আৰম্ভণিতে প্ৰকাশ কৰা বৰ্ধিত ছিষ্টেম-প্ৰয়োজনীয়তা (ৱিণ্ড'জ ১০ৰ তুলনাত) অনুসৰি দেখা গৈছিল যে বৰ্তমানৰ ৱিণ্ড'জ ১০ পিচি-ৰ প্ৰায় ৬০ শতাংশই ৱিণ্ড'জ ১১লৈ আপগ্ৰেড কৰিব নোৱাৰিব।৮৩
তথ্যসূত্ৰ
- ↑ Introducing Windows 11 – Press materials for Windows 11 news announcement. news.microsoft.com
- ↑ (June 24, 2021). Upgrade to the New Windows 11 OS. Microsoft
- ↑ (June 1, 2015). Hello World: Windows 10 Available on July 29. windows.com
- ↑ How check whether your laptop, desktop is compatible with Windows 11 in few simple steps. Gadgets Now
- ↑ Blog, Windows Experience. (June 24, 2021). Introducing Windows 11. Windows Experience Blog
- ↑ Parmar, Mayank. (June 24, 2021). Microsoft confirms Windows 11 is a free upgrade for Windows 10. Windows Latest
- ↑ Warren, Tom. (June 24, 2021). Windows 11 is a free upgrade. The Verge
- ↑ Kelly, Gordon. Why Microsoft Announced Windows 10 Is 'The Last Version Of Windows'. Forbes
- ↑ (April 30, 2015). Windows forever: Windows 10 builds will continue even after Microsoft ships it. PCWorld
- ↑ Windows 10 Takes Its Place as Microsoft's 'Forever OS' -- Redmondmag.com. Redmondmag
- ↑ Warren, Tom. (January 4, 2021). Microsoft planning 'sweeping visual rejuvenation of Windows'. The Verge
- ↑ (June 3, 2021). Everything we know about Windows' big Sun Valley release so far. Windows Central
- ↑ (May 25, 2021). Satya Nadella teases major updates coming soon to Windows during Build 2021 keynote. Windows Central
- ↑ (June 2, 2021). Microsoft to reveal its next generation of Windows on June 24. The Verge
- ↑ (June 2, 2021). Microsoft Windows Event - Watch the June 24 LIVE stream. Microsoft
- ↑ (June 10, 2021). Windows Startup Sounds – Slo-fi Remix. ইউটিউব. Microsoft
- ↑ (June 10, 2021). Microsoft teases new Windows 11 startup sound with 11-minute video. The Verge
- ↑ Tom Warren. (June 24, 2021). LIVE BLOG: MICROSOFT'S WINDOWS 11 EVENT
- ↑ (June 2, 2021). Microsoft Windows Event - Watch the June 24 LIVE stream. Microsoft
- ↑ Novet, Jordan; Leswing, Kif; Haselton, Todd. (June 24, 2021). Microsoft just unveiled Windows 11: Here's everything it announced. CNBC
- ↑ (June 25, 2021). Today marks the beginning of a new generation of Windows
- ↑ Join us to see what's next for developers
- ↑ Gallo, Kevin. (June 24, 2021). What Windows 11 Means for Developers. Windows Developer Blog
- ↑ Jones, Luke. (June 18, 2021). Microsoft Announces Windows 11 Developer Event on June 24. WinBuzzer
- ↑ Parmar, Mayank. (June 21, 2021). Windows 11 confirmed in a new Microsoft support document. Windows Latest
- ↑ Darren Allan. (June 21, 2021). Windows 11 name confirmed in fresh leak from Microsoft. Tech Radar
- ↑ 传说中的Windows11,测试版/The legendary Windows 11, beta version. Baidu
- ↑ Reichert, Corinne. (June 15, 2021). Windows 11 screenshots leak online, report says. CNET
- ↑ Mott, Nathaniel. (June 17, 2021). Windows 11: Everything We Know About Microsoft's Next OS. Tom's Hardware
- ↑ (June 15, 2021). Windows 11 Build Leaks, Shows a New Desktop UI, Start Menu, and More. reviewgeek
- ↑ Warren, Tom. (2021-06-25). Microsoft’s Panos Panay on building Windows 11 during a pandemic, Android, and the leak. The Verge
- ↑ Rubino, Daniel. (June 18, 2021). Microsoft issues DMCA complaint against site hosting Windows 11 ISO, confirms authenticity. Windows Central
- ↑ (June 24, 2021). Upgrade to the New Windows 11 OS. Microsoft
- ↑ Rayome, Alison DeNisco. Windows 11 release date: Here's when you can install Microsoft's free update. CNET
- ↑ Blog, Windows Experience. (June 24, 2021). Introducing Windows 11. Windows Experience Blog
- ↑ (June 28, 2021). Announcing the first Insider Preview for Windows 11. Windows Insider Blog
- ↑ Panay, Panos. (June 24, 2021). Introducing Windows 11. Windows Experience Blog
- ↑ Windows 11 Is the Overhaul Microsoft Needed. Gizmodo
- ↑ (June 24, 2021). Microsoft is committed to the Microsoft Store with Windows 11. Windows Central
- ↑ Warren, Tom. (June 24, 2021). Microsoft announces Windows 11, with a new design, Start menu, and more. The Verge
- ↑ Lawler, Richard. (June 24, 2021). Microsoft didn't kill Skype, but Windows 11 is shoving it out of sight. The Verge
- ↑ Welch, Chris. (June 24, 2021). Microsoft Teams will be directly integrated as part of Windows 11. The Verge
- ↑ Salter, Jim. (June 24, 2021). Windows 11 is much more than a new theme slapped onto Windows 10. Ars Technica
- ↑ Warren, Tom. (June 24, 2021). Microsoft announces Windows 11, with a new design, Start menu, and more. The Verge
- ↑ Sarkar, Samit. (June 24, 2021). Xbox Game Pass is built into Windows 11. Polygon
- ↑ Machkovech, Sam. (June 24, 2021). DirectStorage on Windows 11: Next-gen gaming performance, with PC requirements. Ars Technica
- ↑ Machkovech, Sam. (June 24, 2021). DirectStorage on Windows 11: Next-gen gaming performance, with PC requirements. Ars Technica
- ↑ Rishi Alwani. (June 24, 2021). Windows 11 Gets Xbox Series X Auto HDR, Direct Storage API, and Game Pass. IGN
- ↑ Windows 11 Leaks Indicate a Dramatic New Look Is Coming Soon. Gizmodo
- ↑ Warren, Tom. (June 15, 2021). Windows 11 leak reveals new UI, Start menu, and more. The Verge
- ↑ Warren, Tom. (June 24, 2021). Microsoft announces Windows 11, with a new design, Start menu, and more. The Verge
- ↑ Salter, Jim. (June 24, 2021). Windows 11 is much more than a new theme slapped onto Windows 10. Ars Technica
- ↑ Windows 11 Specifications - Microsoft. Windows
- ↑ Salter, Jim. (June 24, 2021). Windows 11 is much more than a new theme slapped onto Windows 10. Ars Technica
- ↑ (June 18, 2021). Windows 11 features already in preview: Everything you can try right now. XDA Developers
- ↑ Leak Shows Off 'Windows 11' Ahead of Next Week's Microsoft Event. PCMAG
- ↑ Arif Bacchus. (June 16, 2021). Microsoft Windows 11 preview: 11 new features we are most excited for. Digital Trends
- ↑ Warren, Tom. (June 15, 2021). Windows 11 leak reveals new UI, Start menu, and more. The Verge
- ↑ Parmar, Mayank. (June 24, 2021). Microsoft teases new File Explorer for Windows 11 with redesigned header. Windows Latest
- ↑ Parmar, Mayank. (June 24, 2021). Microsoft shows off redesigned Settings app for Windows 11. Windows Latest
- ↑ Amazon and Microsoft create new opportunities for developers and increase return on investment in the Amazon Appstore: Appstore Blogs. developer.amazon.com
- ↑ Haselton, Jordan Novet,Kif Leswing,Todd. (June 24, 2021). Microsoft Windows 11 will support Android apps. CNBC
- ↑ Gartenberg, Chaim. (June 24, 2021). Windows 11's Intel-powered Android apps will run on AMD and Arm processors, too. The Verge
- ↑ Warren, Tom. (June 24, 2021). Microsoft is bringing Android apps to Windows 11 with Amazon's Appstore. The Verge
- ↑ (June 25, 2021). Windows 11 will support Android apps from outside the Amazon Appstore. xda-developers
- ↑ (June 25, 2021). Windows 11 enables security by design from the chip to the cloud. Microsoft Security Blog
- ↑ (June 25, 2021). Windows 11 enables security by design from the chip to the cloud. Microsoft Security Blog
- ↑ Warren, Tom. (July 1, 2021). Microsoft’s Blue Screen of Death is changing to black in Windows 11. The Verge
- ↑ (July 2, 2021). Microsoft’s Windows 11 blue screen of death to become black. BBC News
- ↑ (June 2021). Windows 11: Minimum Hardware Requirements. Microsoft
- ↑ Compatibility for Windows 11- Compatibility Cookbook. docs.microsoft.com
- ↑ Windows 11 won't work without a TPM - What you need to know. BleepingComputer
- ↑ greg-lindsay. Windows 11 requirements - What's new in Windows. docs.microsoft.com
- ↑ Windows Processor Requirements. docs.microsoft.com
- ↑ Windows 11 Specifications - Microsoft. Windows
- ↑ Hanson, Matt. (June 24, 2021). Windows 11 system requirements are bad news for old laptops and PCs. TechRadar
- ↑ Paul Thurrott. (June 24, 2021). Microsoft Unveils Windows 11. Thurrott.com
- ↑ Compatibility for Windows 11- Compatibility Cookbook. docs.microsoft.com
- ↑ (June 24, 2021). Windows 11 update: TPM 2.0 and PC Health Check confusion. SlashGear
- ↑ Parmar, Mayank. (June 27, 2021). Microsoft: OEMs can still ship some Windows 11 PCs without TPM. Windows Latest
- ↑ Windows 11 hands-on: A cleaner OS to keep you productive. Engadget
- ↑ Bott, Ed. (June 25, 2021). Will your PC run Windows 11? Even Microsoft can't say for sure. ZDNet
- ↑ Kingsley-Hughes, Adrian. (July 1, 2021). Windows 11 chaos, and how copying Apple could have helped Microsoft avoid it. ZDNet
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিণ্ড'জ ১১” প্ৰবন্ধৰ সংশোধন ৪২১৩৯৫ (২০ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।