অপাৰেটিং চিষ্টেম
৬ প্ৰবন্ধ
-
এণ্ড্ৰইড
এণ্ড্ৰইড বা এণ্ড্ৰৈড (Android) হৈছে লীনাক্স ভিত্তিক সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত গুগলে ক্ৰয় কৰে। তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে।
-
ৱিণ্ড'জ
মাইক্ৰ'চফ্ট ৱিণ্ড'জ বা ৱিণ্ড'জ মাইক্ৰচফ্ট প্ৰতিষ্ঠানে নিৰ্মাণ আৰু বিক্ৰী কৰা কেইবাটাও লৈখিক অপাৰেটিং চিষ্টেমৰ গোটৰ নাম। ১৯৮৫ চনত মাইক্ৰচফ্টে লৈখিক অপাৰেটিং চিষ্টেমসমূহৰ বৰ্দ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ ৰাখি 'ৱিণ্ড'জ' নামৰ এটি লৈখিক অপাৰেটিং চিষ্টেম, এম-এচ ড'চৰ পাছত মুক্তি প্ৰদান কৰিলে।
-
লীনাক্স
লীনাক্স বা লাইনাক্স এবিধ অপাৰেটিং চিষ্টেম; ইয়াত লীনাক্স নামৰ কাৰ্ণেল আৰু তদুপযোগী অন্যান্য প্ৰগ্ৰেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে।
-
ইউবাণ্টু
ইউবাণ্টু (Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষিণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামকৰণ কৰা হৈছে।
-
ৱিণ্ড'জ ১১
ৱিণ্ড'জ ১১ হৈছে মাইক্ৰ’ছফ্টদ্বাৰা বিকশিত ৱিণ্ড’জ এন টি অপাৰেটিং ছিষ্টেমৰ এক উল্লেখযোগ্য সংস্কৰণ যাৰ ঘোষণা ২০২১ চনৰ ২৪ জুনত কৰা হয়। ই ছবছৰ আগতে মুক্তি লাভ কৰা ৱিণ্ড’জ ১০ৰ নৱসংস্কৰণ যি ২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰে।
-
এড'ব পেজমেকাৰ
এড'ব পেজমেকাৰ (Adobe PageMaker পূৰ্বতে অলডাচ পেজমেকাৰ) হৈছে এপল মেকিনটছত অলডাচ কৰ্পোৰেচনৰ দ্বাৰা ১৯৮৫ চনত প্ৰৱৰ্তন কৰা এক বন্ধ ডেস্কটপ প্ৰকাশন কম্পিউটাৰ প্ৰগ্ৰাম।