ৱিকি ৰেবিট হোল (Wiki Rabbit Hole) হৈছে এজন পাঠকে ইণ্টাৰনেটত ব্ৰাউজ কৰোঁতে ৱিকিপিডিয়া আৰু অন্যান্য ৱিকিলৈ এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ভ্ৰমণ কৰা শিক্ষণ পথ। ইয়াক 'ৱিকি ব্লেক হোল' বা 'ৱিকি হোল' হিচাপেও জনা যায়।১২ এই 'হোল' বা অসমীয়াত গহ্বৰৰ ৰূপক 'এলিচছ্ এডভেন্সাৰ ইন ৱাণ্ডৰলণ্ড' নামৰ বিখ্যাত কিতাপ খনৰ পৰা আহিছে। ইয়াত এলিচে এটা বগা শহাপহু বা ইংৰাজীত 'ৰেবিট'ক অনুসৰণ কৰি তাৰ গহ্বৰ বা 'হোল'ৰ জৰিয়তে দুঃসাহসিক অভিযানৰ পাতনি মেলিছিল।
ৱিকিপিডিয়াৰ বাহিৰত ভিডিঅ' চাওঁতে বহু লোকে কি দেখিছিল সেই বিষয়ে অধিক তথ্য পাবলৈ ৱিকিলৈ যায় আৰু ৱিকি ৰেবিট হোলত সোমাই পৰে। এনেদৰে তেওঁলোকে আৰম্ভ কৰা স্থানৰ পৰা প্ৰগতিশীলভাৱে আঁতৰোৱা আন বিষয়লৈ আগবাঢ়ে।৩ ঐতিহাসিক লোক বা ঘটনাৰ ওপৰত আধাৰিত চলচ্চিত্ৰবোৰে প্ৰায়ে ৱিকিপিডিয়া ৰেবিট হোল অন্বেষণ কৰিবলৈ আকৰ্ষণ কৰে।৪
ৱিকিপিডিয়া প্ৰবন্ধৰ মাজৰ সম্পৰ্ক দেখুওৱা তথ্য কল্পনাই পথপ্ৰদৰ্শন কৰা পাঠ্যয়ে পাঠকক এটা বিষয়ৰ পৰা আন বিষয়লৈ ভ্ৰমি ফুৰিবলৈ বাধ্য কৰায়।৫ ৱিকিমিডিয়া ফাউণ্ডেচনে পাঠকসকল কেনেদৰে ৰেবিট হোলত প্ৰৱেশ কৰে তাৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰে।৬
ৱিকিপিডিয়া ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ৰেবিট হোল আচৰণৰ অভিজ্ঞতাবোৰ ৱিকিপিডিয়া উদযাপনৰ অংশ হিচাপে আৰু লগতে সামাজিক মাধ্যমত ভাগ-বতৰা কৰিছে।৭৮ কিছুমান লোকে ৰেবিট হোল বিচৰাৰ মজাৰ বাবে ৱিকিপিডিয়ালৈ আহে।৯১০ ৰেবিট হোলৰ অন্বেষণ ৱিকিৰেচিঙৰ অংশ হ'ব পাৰে।১১
তথ্যসূত্ৰ
- ↑ Stockton, Chrissy. (4 January 2014). The 10 Best Wikipedia Black Holes For Curious People (Who Have No Impulse Control). Thought Catalog
- ↑ Bate, Ellie. (12 September 2016). 19 Wikipedia Pages That'll Send You Into A Week-Long Wikihole. BuzzFeed
- ↑ Yahr, Emily. (4 January 2018). Do you fall down a Wikipedia rabbit hole after each episode of 'The Crown'? You're not alone.. Washington Post
- ↑ Lia Beck. (Aug 23, 2018). 13 Movies Based On True Stories With Wikipedia Rabbit Holes You'll Spend Hours On. Bustle
- ↑ Li, Shirley. (12 December 2014). WikiGalaxy: A Visualization of Wikipedia Rabbit Holes. The Atlantic
- ↑ Allemandou, Joseph; Popov, Mikhail; Taraborelli, Dario. (16 January 2018). New monthly dataset shows where people fall into Wikipedia rabbit holes – Wikimedia Blog. blog.wikimedia.org
- ↑ Ars staff. (16 January 2016). On Wikipedia's 15th birthday, Ars shares the entries that most fascinate us. Ars Technica
- ↑ Howard, Dorothy. (22 July 2015). Feed my Feed: Radical publishing in Facebook Groups. Rhizome
- ↑ Bosch, Torie. (25 January 2018). Rabbit Holes: Exploring the Wikipedia Page of "People Who Disappeared Mysteriously.". Slate Magazine
- ↑ Entertainment, Thrillist. (30 April 2020). 10 Outrageous Wikipedia Articles That Will Send You Down a Rabbit Hole. Thrillist
- ↑ (5 February 2015). Down the Wikipedia Rabbit Hole: The Game! - On The Media - WNYC Studios. wnycstudios
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকি ৰেবিট হোল” প্ৰবন্ধৰ সংশোধন ২৫৮৬৫৬ (১০ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।