ৱিকিচৰ্ছ বা ৱিকিউৎস (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
ইতিহাস
ৱিকিউৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত। তেতিয়া ইয়াৰ নাম ৰাখিছিল "Project Sourceberg" (a play on words for Project Gutenberg)১ আৰু ইয়াৰ ইউআৰএল (URL) আছিল sources.wikipedia.org।{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম "Wikisource" লৈ ৰূপান্তৰিত কৰিলে কিন্তু ইউআৰএলটো ২০০৪ চনৰ, ২৩ জুলাইলৈকে wikisource.org লৈ নিয়া হোৱা নাছিল।
ৱিকিউৎসৰ সমল
ৱিকিউৎস ৱেবছাইটতত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। সকলো ভাষাৰ অনুবাদ লিখনি ইয়াত থাকিব পাৰে।
ৱিকিউৎসত অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়।
অসমীয়া ভাষাত ৱিকিউৎস
অসমীয়া ভাষাত ৱিকিউৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে। প্ৰথমে ইনকিউবেটৰৰ থকা প্ৰকল্পটোৱে ২০১৩ চনৰ ৪ জানুৱাৰীত নিজা উপ-ড'মেইন লাভ কৰে। বৰ্তমান ইয়াৰ ৱেব ঠিকনা হৈছে www.as.wikisource.org।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিচ'ৰ্ছ” প্ৰবন্ধৰ সংশোধন ৩৮৬১৪৭ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।