অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৱিকিকনফাৰেন্স ইণ্ডিয়া

ৱিকি সন্মিলন ভাৰত বা ৱিকিকনফাৰেন্স ইণ্ডিয়া (Wikiconference India) চমুকৈ WCI হৈছে ভাৰতত আয়োজিত এখন ৰাষ্ট্ৰীয় ৱিকিপিডিয়া সন্মিলন। প্ৰথম ৱিকি সন্মিলন ভাৰত ২০১১ চনৰ নৱেম্বৰ মাহত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী মুম্বাইত অনুষ্ঠিত হৈছিল।

হালনাগাদ: ১২ জুন ২০২৫ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ৱিকি সন্মিলন ভাৰত বা ৱিকিকনফাৰেন্স ইণ্ডিয়া (Wikiconference India) চমুকৈ WCI হৈছে ভাৰতত আয়োজিত এখন ৰাষ্ট্ৰীয় ৱিকিপিডিয়া সন্মিলন। প্ৰথম ৱিকি সন্মিলন ভাৰত ২০১১ চনৰ নৱেম্বৰ মাহত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী মুম্বাইত অনুষ্ঠিত হৈছিল।১২

এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনে ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প আৰু ভাৰতৰ ভাষা ভিত্তিক আন্দোলনৰ অন্যান্য দিশসমূহৰ প্ৰতি আগ্ৰহী দক্ষিণ এছিয়া অঞ্চলৰ ৱিকিমিডিয়ান আৰু অংশীদাৰসকলৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে। ইয়াত ৱিকিমিডিয়ান সকলক একেটা স্থানত লগ পোৱা, সংযোগ স্থাপন, কাহিনী, শিক্ষণ, উত্তম পদ্ধতি, আৰু প্ৰত্যাহ্বানৰ ভাগ-বতৰা, আৰু আমাৰ অঞ্চলৰ ভৱিষ্যত কৌশলৰ বিষয়ে আলোচনা কৰাৰ বাবে আয়োজিত এক অনুষ্ঠান। এই সন্মিলনখন ২০২৩ চনৰ ২৮ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ হাইদৰাবাদত অনুষ্ঠিত হৈছে। ৩

তথ্যসূত্ৰ

  1. ↑ IANS. (9 November 2011). Mumbai to host first WikiConference in India. India Current Affairs
  2. ↑ Unattributed. (9 November 2011). Mumbai To Host First Ever National WikiConference In India. EFY Times. EFY Enterprises
  3. ↑ (12 October 2022). WikiConference India 2023. Meta

সম্পৰ্কিত শ্ৰেণী

ৱিকিমিডিয়া ফাউণ্ডেশ্যন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিকনফাৰেন্স ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৫১৭২৫৪ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।