অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৱাজমা ফ্ৰ'গ

ৱাজমা ফ্ৰ'গ (Wazhma Frogh) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৱাজমা ফ্ৰ'গ (Wazhma Frogh) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।১২

জীৱন

অষ্টম শ্ৰেণীত ফ্ৰ'গে তেওঁৰ ঘৰৰ মালিকৰ সন্তানক টিউচন দিছিল, যাতে ঘৰৰ মালিকে তেওঁৰ ভাড়া হ্ৰাস কৰে৷ এইদৰে তেওঁ আৰু তেওঁৰ ভনীয়েকহঁতে স্কুলৰ খৰচ বহন কৰিছিল।৩ ১৭ বছৰ বয়সত তেওঁ পাকিস্তানৰ এখন কাকতত ইণ্টাৰনিং কৰি থকাৰ সময়ত পাকিস্তানৰ আফগান শৰণাৰ্থী শিবিৰত মহিলাসকলৰ ওপৰত হোৱা দুৰ্বল জীৱন-যাপনৰ অৱস্থা আৰু মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ কথা উদঙাই দিয়ে।৩ ১৯৯২ চনৰ পৰা ২০০১ চনলৈকে তেওঁ নিজেই পেছাৱাৰত থকাৰ সময়ত আফগানিস্তানৰ মহিলাসকলৰ বাবে সম্প্ৰদায়ভিত্তিক সবলীকৰণ কাৰ্যসূচীৰ আয়োজন কৰিছিল আৰু ২০০১ চনত আফগানিস্তানলৈ উভতি আহিছিল।৪ ২০০২ চনত তেওঁ আফগানিস্তানৰ নুৰিষ্টানত মহিলাৰ অৱস্থাৰ প্ৰথম লিংগ মূল্যায়ন সমাপ্ত কৰে।৪ ফ্ৰগে আফগানিস্তানৰ কান্দাৰ, গাজনি, হেৰাট আৰু পৰৱান প্ৰদেশত মহিলা উন্নয়ন কেন্দ্ৰ গঠনতো সমৰ্থন কৰিছিল।[৪

ফ্ৰ'গ সহ-প্ৰতিষ্ঠাপক আৰু ২০১৩ চনলৈকে আফগান সংস্থা ৰিচাৰ্চ ইনষ্টিটিউট ফৰ ৱমেন, পিছ এণ্ড ছিকিউৰিটিৰ পৰিচালক আছিল।২২০১৩ চনত তেওঁ নাটোৰ প্ৰতি দিয়া প্ৰতিবেদনত পুনৰাবৃত্তিমূলক অধিকাৰ উলংঘাকাৰী বুলি চিনাক্ত কৰা এজন মিলিটেৰী কমাণ্ডাৰক এৰাই চলিবলৈ আমেৰিকা ভ্ৰমণ কৰিবলৈ চেষ্টা কৰে।৫ কিন্তু তেওঁ আৰু তেওঁৰ ভনীয়েকসকলক ভাবুকি দি থকা হয়৷ অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক ইনষ্টিটিউট অৱ ইনক্লুছিভ ছিকিউৰিটিয়ে ফ্ৰগক ছয়ৰ পৰা ১২ মাহ ভিজিটিং ফেলো হিচাপে কটাবলৈ আমন্ত্ৰণ জনাইছিল, তথাপিও তেওঁৰ ভিছা নাকচ কৰা হৈছিল।৫

আফগানিস্তানৰ বিষয়ে তেওঁ দ্য গাৰ্ডিয়ানতো লিখিছে। ২০১০ চনত তেওঁ লিখিছিল যে যিকোনো মূল্যৰ বিনিময়ত নিজৰ দেশত শান্তি অহাৰ প্ৰয়োজনীয়তা আছে। নহ'লে মহিলাৰ অধিকাৰক বলিদান দিয়া হ'ব আৰু অপৰাধীক মুকলি কৰি দিয়া হ'ব।৬

২০০৩ চনত আফগানিস্তানে অনুমোদন জনোৱা মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ সন্ধিত আমেৰিকাই অনুমোদন জনোৱাটো তেওঁ সমৰ্থন কৰে।৭৮

২০০৯ চনত তেওঁক ফ্ৰ'গে আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ The Secretary of State's 2009 International Women of Courage Awards. U.S. Department of State
  2. ↑ (2014-08-26). Wazhma Frogh - The Independent. Independent.co.uk
  3. ↑ DipNote. United States Department of State
  4. ↑ » The Women Waging Peace Network. www.inclusivesecurity.org
  5. ↑ Frustration in Afghan women's rights struggle
  6. ↑ Wazhma Frogh · The Guardian. The Guardian
  7. ↑ (2013-07-11). Afghanistan: Failing Commitments to Protect Women's Rights. Human Rights Watch
  8. ↑ Kim, Barbra. (2010-11-17). CEDAW ratification would be a triumph for Afghan women. The Hill

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাজমা ফ্ৰ'গ” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৯৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।