অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱজডান শ্বেহেৰকানি

ৱজদান আলী চেৰাজ আব্দুলৰহীম শ্বাহৰখানি‍ বা শ্বেহেৰকানি বা ৱজডান শ্বেহেৰকানি (Wojdan Shaherkani; জন্মঃ ১ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ছৌদি জুডো খেলুৱৈ। ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ছৌদি আৰৱক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা দুগৰাকী মহিলা খেলুৱৈৰ ভিতৰত তেৱোঁ এগৰাকী খেলুৱৈ আছিল।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৪ ৪৩৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৱজদান আলী চেৰাজ আব্দুলৰহীম শ্বাহৰখানি‍ বা শ্বেহেৰকানি বা ৱজডান শ্বেহেৰকানি (Wojdan Shaherkani; জন্মঃ ১ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ছৌদি জুডো খেলুৱৈ। ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ছৌদি আৰৱক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হোৱা দুগৰাকী মহিলা খেলুৱৈৰ ভিতৰত তেৱোঁ এগৰাকী খেলুৱৈ আছিল। অলিম্পিকত ছৌদি আৰৱক প্ৰতিনিধিত্ব কৰা তেওঁ হ'ল প্ৰথম গৰাকী মহিলা খেলুৱৈ‍।১

কেৰিয়াৰ

শ্বাহৰখানিয়ে তেওঁৰ দেউতাক এজন জুডো ৰেফাৰী হোৱাৰ সুবাদতে‍ জুডো খেল নিৰ্বাচন কৰিছিল।২ তেওঁৰ জীৱনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল ২০১২ লণ্ডন অলিম্পিক।৩

২০১২ গ্ৰীষ্মকালীন অলিম্পিক

ব্ৰিটেইনৰ লণ্ডনত অনুষ্ঠিত ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হোৱা দুগৰাকী ছৌদি আৰৱৰ মহিলাৰ খেলুৱৈৰ ভিতৰত শ্বাহৰখানী অন্যতম। তেওঁ ৭৮ কিলোগ্ৰামৰ ওপৰৰ ইভেণ্টৰ জুডোত প্ৰতিদ্বন্দ্বিতা কৰিছিল।৪৫ নিৰ্বাচিত হোৱা আন এগৰাকী ছৌদি মহিলা খেলুৱৈ‍ আছিল পেপাৰ্ডিন বিশ্ববিদ্যালয়ৰ দৌৰবিদ ছাৰা আতাৰ।৬

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (আইঅ'চি) নিৰ্দিষ্ট আমন্ত্ৰণৰ দ্বাৰা শ্বাহৰখানীক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰেংকিঙৰ মান অনুসৰি প্ৰতিযোগিতাৰ বাবে‍ যোগ্য নাছিল।৭৮৯ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ ওপৰত ভিত্তি কৰি প্ৰতিটো ওজন শাখাৰ শীৰ্ষ ১৪ গৰাকী মহিলা খেলুৱৈয়ে‍ স্বয়ংক্ৰিয়ভাৱে যোগ্যতা অৰ্জন কৰে, আনহাতে এছিয়াৰ সকলো শ্ৰেণীতে ৮ গৰাকী মহিলা খেলুৱৈয়ে‍ মহাদেশীয় ৰেংকিঙৰ ওপৰত ভিত্তি‍ কৰি যোগ্যতা আহৰণ কৰে আৰু আই.অ'.চি., এ.এন.অ'.চি. আৰু আই.জে.এফ.-ৰ বিশেষ আমন্ত্ৰণৰ জৰিয়তে মুঠ কুৰি‍টা অতিৰিক্ত স্থান উপলব্ধ হয়।৯ প্ৰতিযোগিতাখনত থকা আন জুডো খেলুৱৈসকলে‍ ক্ৰীড়াত ব্লেক বেল্ট লাভ কৰিছিল, শ্বাহৰখানীৰ কেৱল ব্লু বেল্ট আছিল (ব্লু বেল্ট হ'ল ব্লেক বেল্টৰ তলত দুটা স্তৰ)।২

অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা মহিলাৰ ধাৰণাটোৰ প্ৰতি ছৌদি আৰৱৰ ভিতৰত বিৰোধিতা হৈছিল। অৱশেষত ছৌদি চৰকাৰে ক্ৰীড়া আৰু মহিলা অধিকাৰ কৰ্মীসকলৰ পৰা অহা আন্তঃৰাষ্ট্ৰীয় চাপৰ সন্মুখীন হৈ মহিলাসকলক অন্তৰ্ভুক্ত কৰিবলৈ বা সম্ভাৱ্য নিষেধাজ্ঞাৰ সন্মুখীন হ'বলৈ বাধ্য হৈছিল।১০১১ আই.অ'.চি.-ৰ সভাপতি জাক ৰগে শ্বাহৰখানী আৰু আতাৰৰ অন্তৰ্ভুক্তি সন্দৰ্ভত কয়,"আই.অ'.চি.-য়ে ছৌদি আৰৱ অলিম্পিক কমিটিৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰি আছে আৰু আমাৰ অব্যাহত আলোচনা ফলপ্ৰসূ হোৱাটো দেখি মই আনন্দিত হৈছোঁ।" ৬

ছৌদি আৰৱ অলিম্পিক কমিটিয়ে শ্বাহৰখানীৰ অংশগ্ৰহণৰ প্ৰচাৰ নকৰাৰ সিদ্ধান্ত লৈছিল। তেওঁলোকে লগতে ২০১২ চনৰ গেমছৰ বাবে লণ্ডনত থকাৰ সময়ত তেওঁক "শালীনভাৱে পোছাক পিন্ধিব লাগে, এজন পুৰুষ অভিভাৱকৰ সৈতে থাকিব লাগে আৰু পুৰুষৰ সৈতে মিলামিছা কৰিব নালাগে‍" বুলি জনাইছিল।১২ ইয়াৰ উপৰিও, তেওঁৰ প্ৰতিযোগিতাৰ পোচাকে‍ শৰিয়ত আইন মানি চলিব লগা হৈছিল।১২ ২০১২ চনৰ ৩০ জুলাইত শ্বাহৰখানীয়ে কৈছিল যে, তেওঁক যদি বাউটৰ সময়ত হিজাব পিন্ধিবলৈ অনুমতি দিয়া নহয় তেন্তে তেওঁ প্ৰতিযোগিতাৰ পৰা আঁতৰি যাব। তেওঁৰ দেউতাকে‍ (যিজনে প্ৰায়ে শ্বাহৰখানীৰ হৈ কথা কয়, আংশিকভাৱে শ্বাহৰখানীয়ে‍ ইংৰাজী নাজানে) স্পষ্ট কৰি দিছিল যে তেওঁ তেওঁৰ ছোৱালীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো বিচাৰিছিল, আৰু তেওঁলোকে "ছৌদিৰ মহিলাসকলৰ বাবে নতুন ইতিহাস" গঢ়িব বিচাৰিছিল যদিও হিজাব অবিহনে শ্বাহৰখানীয়ে‍ অংশগ্ৰহণ নকৰে।১৩১৪ পিছদিনা আই.অ'.চি. আৰু আন্তঃৰাষ্ট্ৰীয় জুডো ফেডাৰেচনে‍ ঘোষণা কৰিছিল যে তাই পিন্ধিব পৰা হিজাবৰ সম্পৰ্কত চুক্তি স্বাক্ষৰ কৰা হৈছে।১৫ সাধাৰণ হেডস্কাৰ্ফৰ পৰিৱৰ্তে যিটো ডিজাইনত সন্মতি জনোৱা হৈছিল সেয়া আছিল ডিঙিৰ চাৰিওফালে আৰু থুঁতৰি‍ৰ তলভাগ ঢাকি থোৱা টাইট-ফিটিং, কেপ-ষ্টাইলৰ আৱৰণ।১৬

৩ আগষ্টত অলিম্পিক প্ৰতিযোগিতাৰ সপ্তম দিনা তেওঁৰ প্ৰথমখন খেল আছিল ৰাউণ্ড অৱ ৩২-ত। এইখন আছিল এলিমিনেচন ৰাউণ্ড। বগা পোছাক পিন্ধা শ্বাহৰখানী পুয়েৰ্টো ৰিকান মেলিছা মোজিকাৰ হাতত ৮২ ছেকেণ্ডত পৰাস্ত হৈছিল। তেওঁৰ ওজন শ্ৰেণীৰ আটাইতকৈ চুটি মেচতকৈ বেছি সময় ধৰি খেলখন চলিছিল, চুটি মেচখন ৪৮ ছেকেণ্ড ধৰি চলিছিল আৰু জাপানৰ মিকা সুগিমোটোৱে ব্ৰাজিলৰ মাৰিয়া চুলেন আলথেমেনক পৰাস্ত কৰিছিল।১৭১৮ খেলখনৰ ৰেফাৰী আছিল উইলিয়ান ৰছকুয়েটে আৰু ইয়ং চুন জিয়ন আৰু কেথী মাউট বিচাৰক। খেলখনত কোনো পেনাল্টি দিয়া হোৱা নাছিল। খেলৰ পিছত, তেওঁ সংবাদ মাধ্যমৰ আগত কয় (আৰবী ভাষাতঃ "অলিম্পিকত উপস্থিত হৈ মই সুখী। দুৰ্ভাগ্যজনকভাৱে, আমি পদক লাভ কৰা নাই, কিন্তু ভৱিষ্যতে আমি কৰিম আৰু মই মহিলাৰ অংশগ্ৰহণৰ বাবে এগৰাকী তাৰকা হ'ম।" তেওঁ লগতে কৈছিল, যিহেতু তেওঁ ইমান ডাঙৰ প্ৰতিযোগিতাত যুঁজিবলৈ অভ্যস্ত নাছিল আৰু হিজাবক লৈ হোৱা বিতৰ্কৰ বাবে, তেওঁৰ বাবে প্ৰতিযোগিতাত মনোনিৱেশ কৰাটো কঠিন হৈ পৰিছিল।১৯ তথাপিও তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ অংশগ্ৰহণ কৰি সুখী আৰু ভৱিষ্যতে জুডো অনুশীলন অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে। যদিও তেওঁৰ যুঁজ কোনো স্থানীয় ছৌদি টেলিভিছন চেনেলত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হোৱা নাছিল, তথাপিও আৰৱ বিশ্বৰ আন অংশৰ পৰা সম্প্ৰচাৰ হোৱা কেইবাটাও উপগ্ৰহ নেটৱৰ্কত ই উপলব্ধ আছিল।১৬

তথ্যসূত্ৰ

  1. ↑ First female competitors at the Olympics by country. Olympedia
  2. ↑ (3 August 2012). Saudi women's Olympic judo bout over in 82 seconds. Associated Press
  3. ↑ (3 August 2012). London 2012: Saudi Arabia's 1st female judo athlete loses bout in 82 seconds. Associated Press
  4. ↑ India & The Olympics. The Sports Campus
  5. ↑ Saudi Arabia joins Brunei Darussalam and Qatar in sending female athletes to London 2012. Bahrain Chronicle
  6. ↑ Pilon. Two Female Athletes Will Compete for Saudi Arabia
  7. ↑ http://www.globalpost.com/dispatches/globalpost-blogs/world-at-play/london-olympics-saudi-arabia-2-female-athletes
  8. ↑ Saudis to send female athletes to Olympics for first time. The Portland Press Herald / Maine Sunday Telegram
  9. ↑ Jevans. (2012). Explanatory Guide: Judo. LOCOG. পৃ. 20–21
  10. ↑ (14 February 2012). https://www.theguardian.com/commentisfree/2012/jul/13/olympics-2012-saudi-women
  11. ↑ Gardner, Frank. (24 June 2012). BBC News – London 2012 Olympics: Saudis allow women to compete. BBC
  12. ↑ http://www.nst.com.my/sports/other/sportcheck-taboo-over-1.107154
  13. ↑ (30 July 2012). Olympics judo: Saudi Arabia judoka could pull out in hijab row. BBC
  14. ↑ (31 July 2012). London Olympics: Saudi Judo player allowed to compete wearing hijab. Al-Arabiya
  15. ↑ Olympics judo: Saudi Arabia hijab dispute resolved
  16. ↑ (3 August 2012). https://www.usnews.com/news/world/articles/2012/08/03/saudi-woman-in-olympics-displays-fight-to-kingdom
  17. ↑ Associated Press. (3 August 2012). London 2012: Saudi Arabia’s 1st female judo athlete loses bout in 82 seconds
  18. ↑ (2012). Competition Statistics. LOCOG
  19. ↑ (3 August 2012). Saudi women's Olympic judo bout over in 82 seconds. ESPN

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱজডান শ্বেহেৰকানি” প্ৰবন্ধৰ সংশোধন ৪৫০৫৫৭ (৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।