ৰ'জেন পাৰ্ক (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৯৭), ৰ'জে (কোৰিয়ান: 로제) নামেৰে পৰিচিত, এগৰাকী নিউজিলেণ্ড আৰু দক্ষিণ কোৰিয়াৰ গায়িকা আৰু গীতিকাৰ। তেওঁ নিউজিলেণ্ডৰ অকলেণ্ডত জন্মগ্ৰহণ কৰি অষ্ট্ৰেলিয়াৰ মেলব'ৰ্ণত ডাঙৰ-দীঘল হয়।১ ২০১২ চনত ছিডনীত সফল অডিচনৰ পিছত তেওঁ ছউল, দক্ষিণ কোৰিয়ালৈ স্থানান্তৰ হয় আৰু ৱাইজি এণ্টাৰটেইনমেণ্টৰ সৈতে চুক্তিবদ্ধ হয়। চাৰিবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি, ২০১৬ চনৰ আগষ্টত দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য হিচাপে অভিষেক কৰে।
২০২১ চনৰ মাৰ্চ মাহত, ৰ'জে তেওঁৰ প্ৰথম একক এ্যালবাম আৰ্ মুক্তি দিয়ে, যিয়ে প্ৰথম সপ্তাহতেই ৪,৪৮,০৮৯ কঁপি বিক্ৰী হয়, যি কোনো কোৰিয়ান মহিলা একক শিল্পীৰ বাবে আটাইতকৈ বেছি আছিল। এই এলবামৰ মুখ্য গীত "অন দ্য গ্ৰাউণ্ড।" ৰ'জেক একক শিল্পী আৰু গ্ৰুপ সদস্য হিচাপে বিলব'ৰ্ড গ্লোবেল ২০০-ৰ শীৰ্ষস্থান লাভ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিচিত কৰে। ২০২৪ চনত তেওঁ দ্য ব্লেক লেবেল আৰু আটলাণ্টিক ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয় আৰু ব্ৰুনো মাৰ্চৰ সৈতে "Apt." মুক্তি দিয়ে, যি বিলব'ৰ্ড গ্লোবেল ২০০-ৰ শীৰ্ষস্থানত উপনীত হয়।
ৰ'জে তেওঁৰ সংগীত জীৱনৰ ভিতৰত বিভিন্ন সন্মান লাভ কৰিছে, যাৰ ভিতৰত পাঁচটা গিনিজ বিশ্ব অভিলেখ, দুটা MAMA বঁটা, আৰু এছিয়া আৰ্টিষ্ট বঁটাত "বৰ্ষশ্ৰেষ্ঠ গান"ৰ বঁটা অন্তৰ্ভুক্ত। ইনষ্টাগ্ৰামত তেওঁ দ্বিতীয় স্থানৰ কোৰিয়ান ব্যক্তি আৰু ৰলিং ষ্টোনৰ মতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ জীৱন্ত প্ৰতিচ্ছবি হিচাপে পৰিচিত। তেওঁ ইভ চেণ্ট লৰেণ্ট আৰু টিফানী এণ্ড কোম্পানীৰ গ্লোবেল এম্বেছেডৰ হিচাপে ফেশ্বনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।



ফিল্মোগ্ৰাফী
টেলিভিছন
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | টোকা | উৎস |
|---|---|---|---|---|
| ২০১৭ | কিং অৱ মাক্স চিঙাৰ | প্ৰতিযোগী (চাৰ্কাছ গাৰ্ল) | পৰ্ব ১০৩–১০৪ | ২ |
| ফেণ্টাষ্টিক ডু' ২ | প্ৰতিযোগী (অষ্ট্ৰেলিয়া ৪০০:১) | পৰ্ব ১৯–২০ | ||
| ২০২১ | চি অৱ হোপ | শিল্পী দলৰ সদস্যা | পৰ্ব ১, ৩–৬ | ৩ |
সংগীত ভিডিঅ' উপস্থিতি
| বৰ্ষ | শীৰ্ষক | শিল্পী | পৰিচালক | দৈৰ্ঘ্য | উৎস |
|---|---|---|---|---|---|
| ২০২৫ | Fat Juicy & Wet | Sexyy Red আৰু Bruno Mars | Bruno Mars আৰু Daniel Ramos | ২:২৫ | ৪ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Noh, Han-bin. (19 June 2023). ko:로제와 < 엘비스> 감독 바즈 루어만의 대화 "이 영화가 제 성장에 큰 영감을 주었어요". '''
- ↑ Jo, Hae-jin. (26 March 2017). ko:'복면가왕' 블랙핑크 로제, 엄마 언급에 눈물 왈칵 "자랑스러운 딸 되겠다". ENews24
- ↑ Moon, Ji-yeon. (26 May 2021). ko:(단독) 블랙핑크 로제, JTBC 새 예능 '바라던 바다' 특급 게스트. Sports Chosun
- ↑ Green, Walden. (24 January 2025). Bruno Mars and Sexyy Red Share Video for New Song "Fat Juicy & Wet": Watch. Pitchfork
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'জে” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৮৬ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।