ব্লেকপিংক
৫ প্ৰবন্ধ
-
ব্লেকপিংক
ব্লেকপিংক (কোৰিয়ান (হাংগুল লিপি): 블랙핑크|ৰোমান লিপ্যন্তৰ: Beullaekpingkeu, বা BLɅϽKPIИK হিচাপে শৈলীভুক্ত) হৈছে ৱাইজি এণ্টাৰটেইনমেণ্টৰ দ্বাৰা গঠিত দক্ষিণ কোৰিয়াৰ এটা ছোৱালী দল। এই দলটো চাৰিজনী গায়িকাৰে গঠিত: জিচু, জেনী, ৰ'জে আৰু লিচা।
-
জিচু
কিম জি-চু (কোৰিয়ান হাংগুল লিপিত: 김지수; জন্ম ৩ জানুৱাৰী, ১৯৯৫), জিচু নামেৰে জনাজাত, এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য, যি ৱাইজি এণ্টাৰটেইনমেণ্টৰ অধীনত আগষ্ট ২০১৬ ত আত্মপ্ৰকাশ কৰিছিল।
-
জেনী
জেনী কিম (কোৰিয়ান: 김제니; জন্ম ১৬ জানুৱাৰী, ১৯৯৬), জেনী নামেৰে জনাজাত, এগৰাকী দক্ষিণ কোৰিয়াৰ গায়িকা, ৰেপাৰ, গীত ৰচয়িতা, আৰু অভিনেত্ৰী। ২০০৪ চনলৈকে দক্ষিণ কোৰিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা জেনীয়ে পিছলৈ নিউজিলেণ্ডত বাস কৰে আৰু ২০১০ চনত দক্ষিণ কোৰিয়ালৈ উভতি আহি ৱাই জি এণ্টাৰটেইনমেণ্টৰ সফলতাৰে…
-
লিচা
ললিচা মনোবাল (থাই: ลลิษา มโนบาล; জন্ম পৰাণপৰীয়া মনোবাল, থাই: ปราณปรียา มโนบาล; ২৭ মাৰ্চ, ১৯৯৭), লিচা, কোৰিয়ান: 리사 নামেৰে জনাজাত) এগৰাকী থাই ৰেপাৰ, গায়িকা, নৃত্যশিল্পী, আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য, যি ৱাইজি এণ্টাৰটেইনমেন্টৰ অধীনত আগষ্ট ২০১৬ ত আত্মপ্ৰকাশ কৰিছিল।
-
ৰ'জে
ৰ'জেন পাৰ্ক (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৯৭), ৰ'জে (কোৰিয়ান: 로제) নামেৰে পৰিচিত, এগৰাকী নিউজিলেণ্ড আৰু দক্ষিণ কোৰিয়াৰ গায়িকা আৰু গীতিকাৰ। ২০১২ চনত ছিডনীত সফল অডিচনৰ পিছত তেওঁ ছউল, দক্ষিণ কোৰিয়ালৈ স্থানান্তৰ হয় আৰু ৱাইজি এণ্টাৰটেইনমেণ্টৰ সৈতে চুক্তিবদ্ধ হয়।