ৰেখা ৰাজু (Rekha Raju) কৰ্ণাটকৰ বেংগালুৰু নিবাসী এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য পটিয়সী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ ভাৰতনাট্যম আৰু মোহিনীঅট্টম নৃত্যৰ বিশেষজ্ঞ।১২৩৪৫৬৭৮
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
কেৰালাৰ পলাক্কড় জিলাৰ এটি ব্ৰাহ্মণ পৰিয়ালত ৰেখাৰ জন্ম হৈছি।৯ দেউতাক এম আৰ ৰাজু এজন থিয়েটাৰ শিল্পী আৰু মাক জয়লক্ষ্মী ৰাঘৱন। ৰেখা বেংগালুৰুত ডাঙৰ দীঘল হৈছিল। তেওঁ চাৰি বছৰ বয়সত শাস্ত্ৰীয় নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল। ৰেখা ৰাজুৱে কলামণ্ডলম ঊষা দতৰ, ৰাজু দতৰ, গোপিকা বাৰ্মা আৰু জনাৰ্দ্দনকে ধৰি বিভিন্নজন গুৰুৰ অধীনত প্ৰশিক্ষণ লৈছিল।১০ তেওঁ বাণিজ্য শাখাত নামভৰ্তিৰে কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল আৰু মানৱ সম্পদ আৰু একাউণ্টচ (Human Resource & Accounts ) আৰু পাফৰ্মিং আৰ্ট বিষয় ৰূপে লৈ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল।১১ তেওঁ জাৰ্মানীৰ হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ফাইন আৰ্টছত পিএইচডি সম্পূৰ্ণ কৰে। ৰাজু ভাৰতনাট্যমত ডিচটিংচনসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু বিদ্বাথ [দক্ষতা]ৰ পদবী ধাৰক।১২১৩
কৰ্মজীৱন
ৰেখাই ২০০৩ চনত বেংগালুৰুৰ ৰবীন্দ্ৰ কলাক্ষেত্ৰৰ মঞ্চত প্ৰথম আত্মপ্ৰকাশ কৰিছিল।১৪১৫১৬ চাৰি বছৰ বয়সৰ পৰাই তেওঁ ভাৰত আৰু বিদেশৰ বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰি আহিছে আৰু ভাৰতৰ বহুতো সন্মানীয় নৃত্য প্ৰতিষ্ঠানৰ বাবে একক শিল্পী ৰূপে নৃত্য কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য অনুষ্ঠানসমুহ হৈছে কানাড়া সংস্কৃতি বিভাগৰ দ্বাৰা আয়োজিত যুৱ সৌৰভ, সাংস্কৃতিক সম্পৰ্ক ৰক্ষাৰ্থে ইণ্ডিয়ান কাউন্সিলে আয়োজন কৰা অনুষ্ঠান, ইনষ্টিটিউট অৱ ৱৰ্ল্ড কালচাৰ, দিল্লী আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ, পুনা নৃত্য মহোৎসৱ, খাজুৰাহো নৃত্য মহোৎসৱ, কোণাৰ্ক নৃত্য মহোৎসৱ, পুৰাণা কিলা, চেন্নাই চিজনেল ডান্স ফেষ্টিভেল, চিদাম্বৰম নৃত্য উৎসৱ, বেলগামত আয়োজিত বিশ্ব কানাড়া সন্মিলন, অন্ধ্ৰ সংগীত আৰু নৃত্য মহোৎসৱ ইত্যাদি। ৰেখা ৰাজুৱে একক আৰু দলীয়, দুয়োবিধ নৃত্যৰ বাবেই সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰিছে।১৭১৮১৯২০ বৰ্তমান ৰাজুৱে বেংগালুৰু তামিল সঙ্গমত সহকাৰী নৃত্য প্ৰশিক্ষক ৰূপে আৰু আন্তৰ্জাতিক ব্যৱস্থাপনা আৰু ভাৰতীয় অধ্যয়ন কেন্দ্ৰ (International Center for Management & Indian Studies)ত নৃত্যৰ অতিথি প্ৰবক্তা হিচাপে কাম কৰি আছে, য’ত বিদেশী শিক্ষাৰ্থীসকলক ভাৰতীয় সংস্কৃতি বিষয়ক প্ৰশিক্ষণ দিয়া হয়।২১২২ তেওঁ বেংগালুৰু দূৰদৰ্শনৰ এগৰাকী অডিচনপ্ৰাপ্ত শিল্পী আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ এগৰাকী পেনেল আৰ্টিষ্ট। তেওঁ ‘নৃত্য ধাম’ নামৰ এটা নৃত্য প্ৰতিষ্ঠানৰ মুৰব্বী। ইয়াত তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ শিশুসকলক প্ৰশিক্ষণ দিয়ে। ৰেখা ৰাজু ‘ফ্ৰীডম ফাউণ্ডেচন’ৰ নামৰ এটি সেচ্ছাসেৱী সংগঠনৰ সৈতেও জড়িত, যি এইচ.আই.ভি.পজিটিভ শিশুসকলক চোৱা-চিতা কৰে।২৩২৪ ৰাজুৱে ১০০০ গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰা তাঞ্জোৰ নৃত্য মহোৎসৱত নৃত্য প্ৰদৰ্শন কৰি ‘লিমকা বুক অৱ ৰেকৰ্ডছত’ নাম লিখাইছিল।২৫২৬২৭ ভাৰতীয় কলাৰ প্ৰচাৰত অৰিহণা যোগোৱা বাবে বেঙ্গালুৰু তামিল সঙ্গমে তেওঁক শ্ৰেষ্ঠ যুৱ নৃত্যশিল্পী হিচাপে সন্মানিত কৰিছে। তেওঁক কলাহাল্লি মন্দিৰ ট্ৰাষ্টৰ দ্বাৰা ‘স্বৰ্ণ মুখী’ উপাধিৰে সন্মানিত কৰা হৈছে।২৮২৯
বঁটা আৰু স্বীকৃতি
- কৃষ্ণ গণ সভাৰ দ্বাৰা ‘কৃষ্ণ গণ সভা ইণ্ডাউমেণ্ট এৱাৰ্ড’, (২০১৬)
- বেংগালুৰু ক্লাৱ ফ’ৰ কথাকলি এণ্ড দ্য আৰ্টচৰ ফালৰ পৰা ‘যুৱ কলা প্ৰতিভা’, (২০১৪)
- ‘অভিনৱ ভাৰতী’, (২০১৩)
- ভাৰত কলাচাৰৰ পৰা ‘যুৱ কলা ভাৰতী’, (২০১৩)
- নটৰাজ ডান্স একাডেমিৰ পৰা নাট্য বেদ এৱাৰ্ড, (২০১৩)
- অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰদান কৰা ‘নৃত্য কৌমুদী’ উপাধি, (২০১২)
- ‘নৃত্য বিভূষণ’, (২০১২)
- কন্নুৰ আৰ্ট একাডেমিৰ ‘নৃত্য ৰজনী’, (২০১১)
- কলাহাল্লি মন্দিৰ ট্ৰাষ্টৰ দ্বাৰা ‘স্বৰ্ণ মুখী’, (২০১০)
- বেঙ্গালুৰু তামিল সঙ্গমৰ দ্বাৰা ‘বেষ্ট য়ং ডান্সাৰ’, (২০০৯)
তথ্যসূত্ৰ
- ↑ Official Website
- ↑ The New Indian Express News on 27 May 2013
- ↑ The Hindu News on 18 June 2014
- ↑ Deccan Herald News on 1 September 2012
- ↑ News British Biologicals
- ↑ The Hindu 26 September 2014
- ↑ The Hindu News on 17 Nune 2014
- ↑ Karnataka News
- ↑ Gupta, Soumyabrata. (2018-05-26). Dance is not just natyam, its life, says danseuse Dr Rekha Raju. The Asian Age
- ↑ Website of Alliance Farncaise
- ↑ The Hindu 26 September 2014
- ↑ Website of Alliance Farncaise
- ↑ Official Website
- ↑ Website of Alliance Farncaise
- ↑ Official Website
- ↑ Website of Meet Kalakar
- ↑ The New Indian Express News on 27 May 2013
- ↑ Website of Alliance Farncaise
- ↑ Official Website
- ↑ Website of Cyber Kerala
- ↑ Website of Alliance Farncaise
- ↑ Official Website
- ↑ The Hindu 26 September 2014
- ↑ Official Website of Nrithya Dhama
- ↑ Website of Alliance Farncaise
- ↑ Official Website
- ↑ Website of Meet Kalakar
- ↑ Website of Alliance Farncaise
- ↑ Official Website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা ৰাজু” প্ৰবন্ধৰ সংশোধন ৪৪৯৯৯৩ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।