অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিংকী ভট্টাচাৰ্য

ৰিংকী ৰয় ভট্টাচাৰ্য ( Rinki Bhattacharya; জন্ম ১৯৪২) এগৰাকী ভাৰতীয় লেখিকা, স্তম্ভলেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা। চলচ্চিত্ৰ পৰিচালক বিমল ৰায়ৰ কন্যা বসু ভট্টাচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ তেওঁৰ ছবিত সহযোগিতা আগবঢ়াইছিল।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৬ ৪৭৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰিংকী ৰয় ভট্টাচাৰ্য ( Rinki Bhattacharya; জন্ম ১৯৪২) এগৰাকী ভাৰতীয় লেখিকা, স্তম্ভলেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা।১ চলচ্চিত্ৰ পৰিচালক বিমল ৰায়ৰ কন্যা বসু ভট্টাচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ তেওঁৰ ছবিত সহযোগিতা আগবঢ়াইছিল। তেওঁ ভাৰতীয় শিশু চলচ্চিত্ৰ সমিতিৰ উপাধ্যক্ষ আৰু বিমল ৰয় মেম’ৰিয়েল এণ্ড ফিল্ম ছ’চাইটিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।২ এগৰাকী ফ্ৰীলান্স সাংবাদিক হিচাপে তেওঁ দ্য টাইমছ গ্ৰুপ, দ্য টেলিগ্ৰাফ, দ্য হিন্দু আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰকাশনৰ বাবে ছবি, থিয়েটাৰ, শিল্প আৰু নাৰীবাদী বিষয়ত ব্যাপকভাৱে লিখি আহিছে।৩

জীৱনী

কলকাতাৰ বাসিন্দা ৰিংকীৰ জন্ম হৈছিল ১৯৪২ চনত।ভাৰতীয় প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বিমল ৰায়ৰ জ্যেষ্ঠ কন্যা। তেওঁৰ শৈশৱ বিশিষ্ট লেখক, কবি আৰু শিল্পীসকলৰ মাজত অতিবাহিত হৈছিল, যিসকলে তেওঁলোকৰ ঘৰলৈ সঘনাই আহিছিল, যি ইয়াৰ সুস্বাদু বাংলা ৰন্ধনপ্ৰণালীৰ বাবেও বিখ্যাত আছিল।

১৯৬৬ চনত ফ্ৰীলান্স সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা তেখেতৰ প্ৰবন্ধ দ্য ইকনমিক টাইমছ, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু আন বহুতো সাময়িকীত প্ৰকাশ পাইছিল। বাংলা ভাষাৰ লেখকৰ সংগত ডাঙৰ-দীঘল হোৱা আৰু পিতৃয়ে হিন্দী ভাষাত চিনেমা নিৰ্মাণ কৰা সত্ত্বেও ঔপনিৱেশিক ভাষা ইংৰাজী ভাষাত লিখিবলৈ বাছি লৈছিল আৰু ভাৰতৰ দ্য ইকনমিক টাইমছ আৰু টাইমছ অফ ইণ্ডিয়াত লিখাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেখেতে চাৰ দিৱাৰী নামৰ তথ্যচিত্ৰ নিৰ্মাণত আত্মপ্ৰকাশ কৰে, যিখন তথ্যচিত্ৰত পত্নীক প্ৰহাৰৰ বিষয়ে আলোচনা কৰা হৈছে, যাৰ পিছত ভাৰতৰ নাৰীৰ ওপৰত হোৱা হিংসাৰ সৈতে জড়িত আনুষংগিক বিষয়সমূহৰ ওপৰত এখন ছিকুৱেল নিৰ্মাণ কৰা হয়।৪

ভাৰতৰ নাৰী আন্দোলনৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে আৰু এই বিষয়ত কেইবাখনো গ্ৰন্থ লিখিছে, য'ত বিহাইণ্ড ক্ল'জড ড'ৰ্ছ: ডমেষ্টিক ভিলেন্স ইন ইণ্ডিয়া, বিমল ৰয় - এ মেন অৱ চাইলেন্স, ইনডেলিবল ইম্প্ৰিণ্টছ, অনিশ্চিত যোগাযোগৰ ৰচনাৰ লগতে কেইবাখনো ৰন্ধন গ্ৰন্থও লিখিছে।৫ তেওঁ ছবিখন নিৰ্মাণৰ ওপৰত এখন গ্ৰন্থও প্ৰকাশ কৰিছিল, মধুমতি (১৯৫৮) বিমল ৰয়ৰ মধুমতিঃ আনটোল্ড ষ্ট'ৰিজ ফ্ৰম বিহাইণ্ড দ্য ছিন্স (২০১৪)৷৬

ব্যক্তিগত জীৱন

১৯৬১ চনত ৰিংকিয়ে চলচ্চিত্ৰ পৰিচালক বসু ভট্টাচাৰ্য (১৯৩৪–১৯৯৭)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দম্পতীহালৰ তিনিটা সন্তান আছিল: এজন পুত্ৰ আদিত্য ভট্টাচাৰ্য (জন্ম ১৯৬৫) যি এজন চলচ্চিত্ৰ পৰিচালক আৰু দুগৰাকী কন্যা ক্ৰমে‍ চিম্মু আচাৰ্য আৰু অন্বেষা আৰ্য, পিছৰজন লেখিক। চিম্মু আচাৰ্যৰ বিবাহ ডুবাইৰ কৰ্পৰেট কাৰ্যবাহী সুমিত আচাৰ্যৰ সৈতে। তেওঁলোকৰ কন্যা দ্ৰীশাই ২০২৩ চনৰ জুন মাহত মুম্বাইত ছানী দেওলৰ পুত্ৰ কৰণ দেউলৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

১৯৮৪ চনত মনুষী প্ৰকাশনৰ বাবে সাংবাদিক মধু কিশ্বৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰিংকিয়ে ১৯৮২ চনত স্বামীক এৰি যোৱাৰ কথা প্ৰকাশ কৰি ঘৰুৱা নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰে।১৯৯০ চনত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয় এই দম্পতীহালৰ।৭ ৰিংকীৰ মাক আৰু ভাই-ভনীৰ সৈতেও বিবাদৰ ইতিহাস আছে। ১৯৬৬ চনত পিতৃৰ মৃত্যুৰ পিছত ৰিংকিয়ে মাতৃ আৰু ভাই-ভনীৰ সৈতে সম্পত্তিৰ বিবাদত লিপ্ত হয়, আইনী কাৰিকৰী দিশৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে আদালতত গোচৰ তৰে। বছৰ বছৰ ধৰি মামলা-মোকৰ্দমাত কটাবলৈ পছন্দ নকৰি তেওঁৰ পৰিয়ালে তেওঁৰ সৈতে চুক্তিৱদ্ধ হয় আৰু এইদৰে ৰিংকিয়ে দেউতাকৰ সম্পত্তিৰ বৰ্ধিত অংশ লাভ কৰে।

ৰিংকী মুম্বাইৰ বান্দ্ৰাত বাস কৰে।৮

গ্ৰন্থপঞ্জি

  • কুইজিন ক্ৰিয়েচনছ ফ্ৰম বেংগল, ১৯৯৩, ইণ্ডিয়া বুক হাউচ প্ৰাইভেট লিমিটেড, .
  • বিমল ৰয়: এ মেন অৱ চাইলেন্স, ১৯৯৪, চাউথ এছিয়া বুকছ, .
  • বিহাইণ্ড দি ক্লজড ডৰছ: ডমেচষ্টিক ভায়লেঞ্চ ইন ইণ্ডিয়া, ২০০৪, ছেজ পাব্লিকেচনছ প্ৰাইভেট লিমিটেড .
  • বেংগল স্পাইচ, ২০০৪, ৰূপা এণ্ড কোম্পানী, .
  • জননী - মাতৃ, কন্যা, মাতৃত্ব, ২০০৬, ছেজ পাব্লিকেচনছ প্ৰাইভেট লিমিটেড, .
  • বিমল ৰায়ৰ মধুমতী: পৰ্দাৰ আঁৰৰ অকথিত কাহিনী, ২০১৪.ৰূপা প্ৰকাশন। ISBN 8129129167.

তথ্যসূত্ৰ

  1. ↑ Rinki Roy Bhattacharya
  2. ↑ Daughter to keep Bimal Roy's legacy alive Reuters, 10 February 2008
  3. ↑ Rinki Roy Bhattacharya. Penguin Books India
  4. ↑ Independent women too are victims of domestic violence The Times Of India, 25 November 2006
  5. ↑ Father’s pictures The Tribune, 26 August 2001
  6. ↑ (4 January 2013). Hero worship. Mint
  7. ↑ Can you beat that? Telegraph, 30 May 2004
  8. ↑ Reema Gehi. (20 June 2014). First in Mirror: Enter Roy's world. Mumbai Mirror

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিংকী ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৫৫ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।