ৰাজপথে ৰিঙিয়ায় হৈছে অসমৰ সাহিত্যক, কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, সমালোচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা লিখিত এখনি ৰাজনৈতিক উপন্যাস।১ ১৯৫৫ চনত উপন্যাসখনৰ প্ৰথম সংস্কৰণটো প্ৰকাশ পাইছিল।
ঔপন্যাসিকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
এগৰাকী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সম্পাদক আৰু সাংবাদিক।২ ভাৰতৰ সৰ্ব্বোচ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া লেখক আছিল। বিয়াল্লিচৰ গণ-আন্দোলনৰ ভিত্তিত ৰচিত 'মৃত্যুঞ্জয়' উপন্যাসৰ বাবে, ১৯৭৯ চনত, তেওঁ এই বঁটা লাভ কৰিছিল।৩ ১৯৬১ চনত, তেওঁৰ 'ঈয়াৰুইঙ্গম' উপন্যাসে সাহিত্য অকাডেমি বঁটা লাভ কৰে।৪ Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ ২০০৫ চনত প্ৰকাশ পাইছিল।৫ ভট্টাচাৰ্য ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিবেশনৰ সভাপতি আছিল।৬ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ ৰীডাৰ আছিল। জব্বলপুৰ বিশ্ববিদ্যালয়ে ভট্টাচাৰ্যক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল।৬
গ্ৰন্থখনৰ চমু বিৱৰণ
ৰাজপথে ৰিঙিয়ায় উপন্যাস ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰথম দিনটো অৰ্থাৎ পোন্ধৰ আগষ্টৰ পটভূমিত গঢ় লৈ উঠিছে। স্বাধীনতা দিৱস, পোন্ধৰ আগষ্ট আদি ৰাজনীতিৰ লগত জড়িত শব্দ। কিন্তু এই স্বাধীনতাই মানুহৰ আশা-আকাংক্ষাক পূৰণ কৰিব নোৱাৰে বুলি উপন্যাসখনৰ নায়ক মোহন আৰু তাৰ অনুগামীসকলৰ বিশ্বাস। ৰাজপথে ৰিঙিয়ায় নিঃসন্দেহে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ মাস্কবাদী চিন্তাৰ নিদৰ্শন। তাৰ লগতে ইয়াত ৰূপায়িত কৰা মোহন, মদন শৰ্মা, নিৰঞ্জন, বিচ্চালাল, অৰ্জুন, ছামছেৰ আদি প্ৰত্যেকটো চৰিত্ৰই ৰাজনৈতিক দৰ্শনৰ লগত ওতপ্ৰোতভাৱে জড়িত।
তথ্যসূত্ৰ
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত - ড°সত্যেন্দ্ৰ নাথ শৰ্মা (পৃষ্ঠা ৪০৪)
- ↑ বাসুদেৱ দাস. (২০২৪). বিন্যাস আলোচনী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঃ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি. নৰ্থ লখিমপুৰ কলেজ সাহিত্য সভা. পৃ. ৭
- ↑ Jnanpith Laureates Official listings. জ্ঞানপীঠ বঁটা Website
- ↑ George K. M., Masterpieces of Indian literature, (Vol.1), 1997, National Book Trust, page=19
- ↑ (July 15, 2005). Life beyond violence, vendetta. The Hindu
- ↑ সংকলক: ডক্টৰ হেমন্তকুমাৰ শৰ্মা. (আগষ্ট, ১৯৮৩). বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি. চন্দ্ৰ প্ৰকাশ. পৃ. ২৫৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজপথে ৰিঙিয়ায় (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৫১৯৬৫১ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।