অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰতিকা ৰামস্বামী

ৰতিকা ৰামস্বামী এগৰাকী ভাৰতীয় বন্যপ্ৰাণী ফটোগ্ৰাফাৰ। তেওঁ চেন্নাইত ফ্ৰীলান্স ফটোগ্ৰাফাৰ হিচাপে কাম কৰে। তেওঁৰ ফটোগ্ৰাফৰ বাবে বহু প্ৰশংসা লাভ কৰিছে আৰু তেওঁক "বন্যপ্ৰাণী ফটোগ্ৰাফাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা" বুলি অভিহিত কৰা হৈছে।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰতিকা ৰামস্বামী এগৰাকী ভাৰতীয় বন্যপ্ৰাণী ফটোগ্ৰাফাৰ। তেওঁ চেন্নাইত ফ্ৰীলান্স ফটোগ্ৰাফাৰ হিচাপে কাম কৰে।১ তেওঁৰ ফটোগ্ৰাফৰ বাবে বহু প্ৰশংসা লাভ কৰিছে২৩ আৰু তেওঁক "বন্যপ্ৰাণী ফটোগ্ৰাফাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা" বুলি অভিহিত কৰা হৈছে।৪

জীৱনী

right|thumb|মালাবাৰ ধূসৰ হৰ্ণবিল (Ocyceros griseus'), পশ্চিম ঘাটৰ এবিধ স্থানীয় চৰাই

ৰতিকাই ১৯৯৯ চনৰ পৰা, বিবাহৰ পিছত নতুন দিল্লীত বাস কৰি আহিছে।৫ তেওঁ কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী আৰু এম বি এ, আৰু পূৰ্ণকালীন ফটোগ্ৰাফাৰ হোৱাৰ আগতে কেইবাবছৰ ধৰি চফট্ ৱেৰ ইঞ্জিনিয়াৰিং হিচাপে কাম কৰিছিল।৬

ৰতিকাই নিজে এজন অপেশাদাৰী ফটোগ্ৰাফাৰ ককাকৰ পৰা প্ৰথম কেমেৰা লাভ কৰি গছ-গছনি আৰু ফুলৰ ছবি শ্বুট কৰিবলৈ আৰম্ভ কৰিলে।৬ তেওঁ ২০০৩ চনত ভৰতপুৰৰ কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি চৰাইৰ ফটো তুলিছিল।৭ তেওঁ নিয়মিতভাৱে ওখলা চৰাই অভয়াৰণ্যলৈ যাবলৈ আৰম্ভ কৰিলে, বিভিন্ন প্ৰকাৰৰ চৰাইৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰিবলৈ ধৰিলে। ইয়াৰ পিছত তেওঁ বন্যপ্ৰাণী ফটোগ্ৰাফীক পেছাদাৰী আগ্ৰহ হিচাপে লয় আৰু ভাৰত, কেনিয়া, তাঞ্জানিয়াৰ বহু ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে।৭

তেওঁৰ বন্যপ্ৰাণীৰ ফটোগ্ৰাফী ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত হোৱা "স্বচ্ছ গংগা অভিযান"ত প্ৰদৰ্শন কৰা হৈছিল।৮ ২০০৭ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বাৰ্ষিক কেলেণ্ডাৰত তেওঁৰ চৰাইৰ ফটো প্ৰকাশ পাইছিল।২ "ভাৰতৰ চৰাই"-এ ২০০৮ চনত ভাৰতৰ শীৰ্ষ ২০ গৰাকী শ্ৰেষ্ঠ ফটোগ্ৰাফাৰৰ ভিতৰত অন্যতম হিচাপে বাছি লৈছিল, একমাত্ৰ মহিলা যিয়ে এই সন্মান লাভ কৰিছিল।৬৯ বন্যপ্ৰাণী প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ বন্যপ্ৰাণী ফটোগ্ৰাফীৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰে।৩৫৮

ৰতিকা ভাৰতীয় ফটোগ্ৰাফী আৰ্টছ এছ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত অন্যতম।৬

কৰ্ম

ৰতিকাই ২০১৪ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ The Best of Wildlife Moments, স্ব-প্ৰকাশ কৰে।৩৮

বঁটা

  • ২০১৫: প্ৰেৰণাদায়ক আইকন বঁটা, সত্যভামা বিশ্ববিদ্যালয়, চেন্নাই।৩৮
  • ২০১৫: আন্তঃৰাষ্ট্ৰীয় কেমেৰা মেলা (আই চি এফ) বঁটা, বন্যপ্ৰাণী ফটোগ্ৰাফীত তেওঁৰ উৎকৃষ্টতাৰ বাবে।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Sanjeevi, Kaviya. A Lens View of the Wild. The New Indian Express
  2. ↑ About Rathika Ramasamy. Nikonschool.in
  3. ↑ Rathika Ramasamy. Shillongphotofestival
  4. ↑ http://www.deccanherald.com/content/410822/pretty-wild-nature.html
  5. ↑ (24 March 2015). Bird woman: She shoots to conserve. Rediff.com
  6. ↑ (27 January 2011). http://www.thehindu.com/features/metroplus/off-the-beaten-track/article1129868.ece
  7. ↑ Shrikumar, A. (6 August 2014). Wooing the woods. The Hindu
  8. ↑ Rathika Ramasamy. SIENNA International Photo Awards
  9. ↑ Birds of India: Indian Bird Photographers: Rathika Ramaswamy. www.kolkatabirds.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰতিকা ৰামস্বামী” প্ৰবন্ধৰ সংশোধন ৪৭৯৯৬৮ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।