থাইলেণ্ডৰ ব্যক্তি
১১ প্ৰবন্ধ
-
ক্ৰিষ্টিনা এগুইলাৰ
ক্ৰিষ্টিনা এগুইলাৰ (থাই: คริสติน่า อากีล่าร์; জন্ম ৩১ অক্টোবৰ ১৯৬৬) এগৰাকী থাই গায়িকা যাক থাই নৃত্যৰ ৰাণী হিচাপে জনা যায়। তেওঁৰ প্ৰথম এলবাম নিঞ্জা ১ মিলিয়ন কপি বিক্ৰীৰ বাবে প্লেটিনাম প্ৰমাণিত হৈছিল – যিটো থাই মহিলা গায়িকাৰ বাবে প্ৰথমটো।
-
জিৰানুন সাকুলটাংফাইছাল
লেডী ডা° জিৰানুন সাকুলটাংফাইছাল (থাই: จิรนันท์ สกุลตั้งไพศาล; আৰ টি জি এছ: Chiranun Sakultangpaisan (চিৰানুন সাকুলটাংপাইছান); জন্ম: ২২ ডিচেম্বৰ ১৯৬৫ চনত থাইলেণ্ডৰ ছাকন নাখোনত) এগৰাকী থাই নাৰীবাদী আৰু দানবীৰ, আৰু থাইলেণ্ডৰ ১০০ গৰাকী আগশাৰীৰ মহিলাৰ ভিতৰত অন্যতম হিচাপে স্থান লাভ কৰিছে।
-
টাটা ইয়ং
আমিতা মাৰি "টাটা" ইয়ং (อมิตา มารี "ทาทา" ยัง; জন্ম ১৪ ডিচেম্বৰ ১৯৮০) থাইলেণ্ডৰ এগৰাকী বিখ্যাত গায়িকা, অভিনেত্ৰী আৰু মডেল। ১১ বছৰৰ বয়সত এটা ৰাষ্ট্ৰীয় গায়ক-প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰাৰ পাছত তেওঁ থাইলেণ্ডত ব্যাপক খ্যাতি অৰ্জন কৰে।
-
নীলাৱন পিনটং
খুন নীলাৱন পিনটং (থাই: นิลวรรณ ปิ่นทอง; ৬ ডিচেম্বৰ ১৯১৫ – ৭ ফেব্ৰুৱাৰী ২০১৭) আছিল এগৰাকী থাই নাৰীবাদী। থাইলেণ্ডত মহিলাৰ অধিকাৰৰ উন্নয়নত কৰা তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেওঁক “ষ্টীল লটাছ ব্লজম” উপাধি প্ৰদান কৰা হৈছিল। তেওঁ অউনাকৰ্ণ কেন্দ্ৰ আৰু সাত্ৰি সাৰ্ণ আলোচনীৰ প্ৰতিষ্ঠাপক আছিল।
-
বুনৰেউং বুয়াচান
বুনৰেউং বুয়াচান (Boonreung Buachan; ১৯৬৯ – ২২ মাৰ্চ, ২০০৪) আছিল সাপ চম্ভালিব পৰা ক্ষমতাৰ বাবে পৰিচিত এজন থাই ব্যক্তি, বিশেষকৈ তেওঁ ৰজা ফেঁটী চম্ভালিব পৰা ক্ষমতাক ৰাজহুৱা অভিনয়ত প্ৰদৰ্শন কৰিছিল।
-
মাচা ফৰ্ণ-ইন
মাচা ফৰ্ণ-ইন (থাই: มัจฉา พรอินทร์; জন্ম ১৯৭৯/১৯৮০) এগৰাকী থাই নাৰীবাদী আৰু খিলঞ্জীয়া আৰু এলজিবিটি অধিকাৰৰ কৰ্মী।
-
মাৰিয়া পুনলেৰ্টলাৰ্প
মাৰিয়া লিন এহ্ৰেন (থাই: มาเรีย ลินน์ เอียเรียน, পেছাগতভাৱে মাৰিয়া পুনলেৰ্টলাৰ্প (มารีญา พูลเลิศลาภ), জন্ম: ১৮ জানুৱাৰী ১৯৯২), এগৰাকী ছুইডিছ-থাই অভিনেত্ৰী, মডেল, কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০১৭ জয় কৰে।
-
মিল্লি
দানুফা খানতীৰাকুল (জন্ম: ১৩ নৱেম্বৰ ২০০২), যাৰ মঞ্চনাম মিল্লি (MILLI) হিচাপে অধিক পৰিচিত, এগৰাকী থাই ৰেপাৰ আৰু গায়িকা। ২০২০ চনৰ ফেব্ৰুৱাৰ মাহত মুক্তি পোৱা তেওঁৰ প্ৰথম একক গীত ফাক কনৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ আহে। সেই একে বছৰৰে শেষৰ ফালে তেওঁৰ আন এখন সফল একক গীত সুদ পাং মুক্তি পায়।
-
সুচাটা চুৱাংশ্ৰী
সুচাটা চুৱাংশ্ৰী(: Suchata Chuangsri; জন্ম ২০ ছেপ্তেম্বৰ, ২০০৩), এগৰাকী থাই সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী মহিলা, যি গৰাকীয়ে মিছ ৱৰ্ল্ড ২০২৫ খিতাপ অৰ্জন কৰিছে। মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা সুচাটা হৈছে প্ৰথম থাই মহিলা। তেওঁক থাই উপনাম “অ’পাল” (থাই: โอปอล) নামেৰেও জনা যায়।
-
সুপিনিয়া ক্লাংনাৰং
সুপিনিয়া ক্লাংনাৰং (Supinya Klangnarong; জন্ম ১৯৭৬) এগৰাকী থাইলেণ্ডৰ মাধ্যমৰ অধিকাৰ কৰ্মী আৰু বৰ্তমান 'কেম্পেইন ফৰ পপুলৰ মিডিয়া ৰিফৰ্ম' (CPMR)-ৰ উপ-সভানেত্ৰী। তেওঁ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ কলা শাখাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
-
ৰং ৱংসাৱন
নাৰং ৱংসাৱন ( থাই: ณรงค์ วงษ์สวรรค์; ২০ মে' ১৯৩২ – ১৫ মাৰ্চ ২০০৯) এগৰাকী থাই লেখক আৰু সাংবাদিক। তেওঁ ৰং ৱংসাৱন (থাই ভাষাত: 'รงค์ วงษ์สวรรค์) নামেৰে লেখা-মেলা কৰিছিল। তেওঁৰ সৰহসংখ্যক লেখা আছিল অৰ্ধ-আত্মজীৱনীমূলক।