অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৪ আগষ্ট

এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৬৬৬ - নেডাৰলেণ্ড আৰু ইংলেণ্ডৰ মাজত চেইণ্ট জেমছ দে' সামুদ্ৰিক যুদ্ধ (দ্বিতীয় এংগলো-ডাছ যুদ্ধৰ অন্তৰ্গত) আৰম্ভ।
  • ১৭৫৩ - জৰ্জ ৱাশ্বিংটনে ৰাজমিস্ত্ৰীৰ ডিগ্ৰী (ইংঃ master mason) লাভ কৰে।
  • ১৯১৪ - জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা কৰে। আৰম্ভ হয় প্ৰথম বিশ্বযুদ্ধৰ।
  • ১৯৩৯ - ডিব্ৰুগড়ৰপৰা ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন সাপ্তাহিক ৰূপে প্ৰকাশিত হয়। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।
  • ১৯৪৪ - এন ফ্ৰাংকক জাৰ্মান সুৰক্ষা আৰক্ষীয়ে (ইংঃ German Security Police) গ্ৰেপ্তাৰ কৰে।
  • ১৯৫৬ - ট্ৰম্বেত ভাৰতৰ প্ৰথমটো নিউক্লীয় ৰিয়েক্টৰ ‘‘অপ্সৰা’’ কাৰ্যক্ষম কৰা হয়।
  • ১৯৬৫ - অসমীয়া দৈনিক বাতৰি কাকত ‘‘দৈনিক বাতৰি কাকত’’ প্ৰকাশিত হয়। এই কাকত সম্পাদনা কৰিছিল কীৰ্তিনাথ হাজৰিকাই।
  • ২০০২ - মানচেষ্টাৰত ১৭তম কমলৱেলথ খেল সমাপ্ত হয়।
  • ২০০৭ - আমেৰিকাৰ নাছাই ফ'নিক্স (ইংঃ Phoenix) মহাকাশযান মংগল গ্ৰহলৈ প্ৰেৰণ কৰে।
  • ২০২১ - ২০২১ চনত জাপানৰ টকিঅ' অনুষ্ঠিত হোৱা ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰে। ১ ২

জন্ম

  • ১৭৯২ - পাৰ্চী বিছি শ্বেলী বা শ্বেলী, ইংৰাজ ৰোমাণ্টিক কবি।
  • ১৮৫৯ - ন্যুট পেডাৰছন হামছুন, নৰৱেৰ ঔপন্যাসিক। ১৯২০ চনত হামছুনে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। তেওঁৰ বিখ্যাত উপন্যাস হ’ল “হাংগাৰ”।
  • ১৯০০ - মহাৰাণী এলিজাবেথ, মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ মাতৃ। (মৃঃ ৩০ মাৰ্চ, ২০০২)
  • ১৯২৯ - কিশোৰ কুমাৰ গাঙ্গুলি, বিখ্যাত ভাৰতীয় বাঙালী গায়ক আৰু নায়ক।
  • ১৯৩২ - শশীকলা চাইগল, ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী।
  • ১৯৪৮ - জৰ্জিঅ' পাৰিচি, ইটালিয়ান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
  • ১৯৬১ - বাৰাক অ'বামা, আমেৰিকাৰ প্ৰথম কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি।
  • ১৯৭৫ - তৰালি শৰ্মা, অসমৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা।

মৃত্যু

  • ১৮৭৫ - হানছ এণ্ডাৰছন, ডেনমাৰ্কৰ কবি আৰু আৰু ৰূপকথাকাৰ। তেওঁৰ সম্পূৰ্ণ নাম হানছ ক্ৰিষ্টিয়ান এণ্ডাৰছন।
  • ১৯৩১ - ডেনিয়েল ৱিলিয়ামছ, প্ৰথম মুক্তভাৱে হৃদযন্ত্ৰ অস্ত্ৰোপ্ৰচাৰ কৰা চিকিৎসক।
  • ১৯৩৭ - কাশী প্ৰসাদ জয়ছোৱাল, ভাৰতৰ প্ৰখ্যাত বুৰঞ্জীবিদ।
  • ১৯৪৮ - মিলেভা মেৰিক, পদাৰ্থবিজ্ঞানী, এলবাৰ্ট আইনষ্টাইনৰ প্ৰথম পত্নী আৰু সহকৰ্মী। (জঃ ১৮৭৫)
  • ১৯৬৯ - আনন্দিৰাম দাস, অসমৰ প্ৰসিদ্ধ গীতিকাৰ।
  • ২০২৫ - সত্যকৃষ্ণ মিশ্ৰ, প্ৰসিদ্ধ বেহেলাবাদক।

দিৱস

  • বাৰাক ওবামা দিৱস। (আমেৰিকা)
  • সংবিধান দিৱস (কুক আইলেণ্ড)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ চতুৰ্থ দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ Boxing - SURMENELI Busenaz vs BORGOHAIN Lovlina - Semifinal 1 Results
  2. ↑ Tokyo Olympics 2020 Live Updates: Boxer Lovlina Borgohain Takes Home Bronze, Loses In Semis

সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৫৯৭২৮৭ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।