ঘটনাৱলী
- ১৫৮০ - ইংৰাজ নৌ অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকে (Francis Drake) পৃথিৱী পৰিক্ৰমা সম্পূৰ্ণ কৰে।
- ১৯৪২ - ভাৰতৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন, পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ গঠন কৰা হয়।
- ১৯৭৯ - চৌধুৰী চৰণ সিং-ক সভাপতি আৰু ৰাজ নাৰায়ণক কাৰ্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল লোকদল গঠন কৰা হয়।
জন্ম
- ১৮২০ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বঙালী আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল। তেওঁই প্ৰথম বঙালী লিপি সংস্কাৰ কৰে ইয়াক যুক্তিবহ কৰে তোলে।
- ১৮৪৯ - আইভান পাভল'ভ পেট্ৰোভিচ (ইংঃ Ivan Petrovich Pavlov, অন্য় তথ্য় সূত্ৰ মতে জন্ম তাৰিখ ১৪ ছেপ্টেম্বৰ), ৰাছিয়াৰ জীৱ আৰু চিকিৎসা বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৮৮৮ - টি এছ ইলিয়ট, আমেৰিকান কবি, সমালোচক, নাট্যকাৰ।
- ১৮৮৯ - মাৰ্টিন হেইডেগাৰ (Martin Heidegger), জাৰ্মান দাৰ্শনিক।
- ১৮৯১ - চাৰ্লছ মাঞ্চ (Charles Munch), আন্তৰ্জাতিক খ্যাতি সম্পন্ন বেহেলা বাদক।
- ১৯২৩ - দেৱ আনন্দ, বিখ্য়াত ভাৰতীয় অভিনেতা আৰু পৰিচালক।
- ১৯৩২ - ড॰ মনমোহন সিং, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৪৬ - জন্ছ মহলীয়া, অসমৰ চলচ্চিত্ৰ নিৰ্মাতা।
- ১৯৮১ - ছেৰেনা ৱিলিয়ামছ, পেছাদাৰী মহিলা টেনিছ খেলুৱৈ।
মৃত্যু
- ১৯০২ - লিভায় ষ্ট্ৰাঅ'ছ(Levi Strauss), জীনছ্ আৰু অন্য় কাপোৰৰ কোম্পানী লিভায় ষ্ট্ৰাঅ'ছ এণ্ড কো (Levi Strauss & Co.)ৰ প্ৰতিষ্ঠাতা।
- ১৯৫১ - হেঞ্চ ক্লুজ (Hans Cloos), জাৰ্মান ভূ-তত্ত্ব বিদ।
- ১৯৫৬ - লক্ষ্মণ কাশীনাথ কিলোস্কাৰ, ভাৰতৰ এগৰাকী প্ৰসিদ্ধ উদ্যোগপতি।
- ১৯৭৭ - উদয় শংকৰ, আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্যশিল্পী।
- ১৯৮৯ - হেমন্ত কুমাৰ মুখাৰ্জী, খ্যাতনামা কণ্ঠশিল্পী তথা সুৰকাৰ, ৬৯ বছৰ বয়সত মৃত্যু হয়।
- ১৯৯০ - এলবাৰ্ট' ম'ৰাভিয়া, প্ৰখ্যাত সাহিত্যিক। টু-ৱমেন তেওঁৰ প্ৰসিদ্ধ ৰচনা।
- ২০১৯ - দিলীপ কুমাৰ দত্ত, অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক।
দিৱস
- ৰাষ্ট্ৰীয় পতাকা দিৱস (ইকুৱেডৰ)।
- আন্তঃৰাষ্ট্ৰীয় সম্পূৰ্ণ পাৰমানৱিক অস্ত্ৰ নিৰ্মূল দিৱস। (International Day for the Total Elimination of Nuclear Weapons)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৮৭৫২০ (১৪ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।