অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৪ ছেপ্টেম্বৰ

১৭২৬ - কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে। ২০০১ - আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়। ২০০২ - গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬জন লোকৰ মৃত্যু হয়।

হালনাগাদ: ২২ ছেপ্তেম্বৰ ২০২২ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৭২৬ - কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
  • ২০০১ - আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
  • ২০০২ - গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬জন লোকৰ মৃত্যু হয়।
  • ২০০৭ - প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
  • ২০১৩ - পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘যলযলা জাযীৰা’-ৰ সৃষ্টি হয়।
  • ২০১৪ - ভাৰত মংগল গ্ৰহৰ কক্ষপথ অভিযানৰ দ্বাৰা মঙ্গল অভিযানৰ প্ৰথম প্ৰচেষ্টাতে সফল হোৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

জন্ম

  • ১৭৯৩ - ৰাণী ৰাসমণি, ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ আৰু সমাজসেৱক।
  • ১৮৬১ - ভিখাজী ৰুষ্টম কামা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম সংগ্ৰামী।
  • ১৮৯৫ - আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদ, প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ।
  • ১৯২২ - অসিত সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্য লেখক।
  • ১৯২৪ - কৃষ্ণকুমাৰ শুক্লা, জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা।
  • ১৯২৫ - অতাৰ সিং পেণ্টাল, ভাৰতীয় চিকিৎসা বিজ্ঞানী।
  • ১৯৪০ - আৰতি গুপ্তা সাহা, ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ।
  • ১৯৮২ - হিমাংশু প্ৰসাদ দাস, অসমৰ কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক।

মৃত্যু

  • ১৯০৪ - নীলছ ৰাইবাৰ্গ ফিনছেন, প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
  • ১৯৯৯ - পান্নালাল অছোৱাল, অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী আছিল, আততায়ীৰ হাতত মৃত্যু হয়।
  • ২০০২ - ড° পি আৰ পিশ্বাৰোটী, ভাৰতীয় মহাকাশ আৰু পদাৰ্থ বিজ্ঞানী, ভাৰতীয় দূৰ সংবেদনৰ (remote sensing) পিতৃ পুৰুষ।
  • ২০১৭ - আব্দুল মজিদ, অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা।
  • ২০১৭ - নন্দ কিশোৰ মহেশ্বৰী, অসমৰ বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৩৩৬৬৬ (২২ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।