অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

১০২ (এম্বুলেন্স সেৱা)

১০২ বিনামূলীয়া এম্বুলেন্স সেৱা হ'ল ভাৰতৰ এটা জৰুৰীকালীন চিকিৎসা পৰিবহণ সেৱা। ইয়াক নেচনেল এম্বুলেন্স চাৰ্ভিচ (NAS) নামেৰেও জনা যায়। এই সেৱাৰ অধীনত সকলো এম্বুলেন্সত সহায়ক জিপিএছ ব্যৱস্থা আৰু প্ৰয়োজনীয় চিকিৎসা-সঁজুলি সংযুক্ত কৰা থাকে।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

১০২ বিনামূলীয়া এম্বুলেন্স সেৱা হ'ল ভাৰতৰ এটা জৰুৰীকালীন চিকিৎসা পৰিবহণ সেৱা। ইয়াক নেচনেল এম্বুলেন্স চাৰ্ভিচ (NAS) নামেৰেও জনা যায়। এই সেৱাৰ অধীনত সকলো এম্বুলেন্সত সহায়ক জিপিএছ ব্যৱস্থা আৰু প্ৰয়োজনীয় চিকিৎসা-সঁজুলি সংযুক্ত কৰা থাকে।১

এই জৰুৰীকালীন সেৱাই জননী সুৰক্ষাযোজনা আৰু জননী শিশু সুৰক্ষা কাৰ্যক্ৰমৰ অন্তৰ্ভুক্ত গৰ্ভৱতী মহিলা, নৱজাত শিশুসকল আৰু মাতৃসকলক ২৪×৭ বিনামূলীয়া পৰিবহণ সুবিধা প্ৰদান কৰে।২

এম্বুলেন্স সেৱাই ৰোগীক প্ৰাথমিক চিকিৎসা আগবঢ়াই ওচৰৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ বা চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। জাতীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি ১০,০১৭খন এম্বুলেন্স ১০২ ৰোগী পৰিবহণ হিচাপে সক্ৰিয় হৈ আছে। কিছুমান ৰাজ্যৰ ক্ষেত্ৰত ৫,৪৮৪খন এম্পেনেলযুক্ত যান-বাহনো গৰ্ভৱতী মহিলা আৰু শিশুক পৰিবহণৰ বাবে ১০২ এম্বুলেন্স হিচাপে ব্যৱহাৰ কৰা হয়।৩

ইতিহাস

১০২ ৰাষ্ট্ৰীয় এম্বুলেন্স সেৱা ১৭ জানুৱাৰী ২০১৪ তাৰিখে উত্তৰ প্ৰদেশত আৰম্ভ কৰা হৈছিল।৪৫

উত্তৰ প্ৰদেশৰ সকলো জিলাত প্ৰায় ২,২৭২খন এম্বুলেন্স সক্ৰিয়। গড়ে প্ৰতিদিনে ৬৫,০০০টা কল লাভ হয় আৰু ২৫,০০০টা যাত্ৰা সম্পন্ন হয়। এতিয়ালৈকে প্ৰায় ১ কোটিৰো অধিক মহিলা আৰু নৱজাতক এই সেৱাৰদ্বাৰা উপকৃত হৈছে।৬৭

এই সেৱা প্ৰদান কৰে ব্যক্তিগত সেৱা প্ৰদানকাৰী GVK-EMRI (Ganapati Venkata Krishnanreddy Emergency Management & Research Institute) এ, যিয়ে ভাৰতৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিনামূলীয়া এম্বুলেন্স সেৱা পৰিচালনা কৰে।৬

উত্তৰ প্ৰদেশৰ সফলতাৰ পিছত ওড়িশা, মধ্য প্ৰদেশ, ছিক্কিম, ঝাৰখণ্ড, হিমাচল প্ৰদেশ, পশ্চিমবংগ, উত্তৰাখণ্ড আদি ৰাজ্যেও JSSK কৰ্মসূচীৰ অধীনত ১০২ এম্বুলেন্স সেৱা আৰম্ভ কৰে।৮৯৩

ওড়িশাত ২০০৬ চনৰ মাতৃ মৃত্যুহাৰ ৩০৩ৰপৰা ২০১৩ চনত ২২২লৈ নামি আহে — JSSK আৰু ১০২ সেৱা আৰম্ভ কৰাৰ ফলত।১০

সঞ্চালন

১০২ সেৱাত এটা কেন্দ্ৰীভূত জৰুৰীকালীন সঁহাৰি কেন্দ্ৰ (ERC) থাকে। লক্ষ্ণৌৰ আছিয়ানাত অৱস্থিত GVK-JSSৰ কল চেণ্টাৰত কাম কৰে জৰুৰীকালীন সঁহাৰি বিষয়া (ERO)সকল।১১

চহৰত গড়ে ২০ মিনিটত আৰু গ্ৰাম্য অঞ্চলত প্ৰায় ৩০ মিনিটত এম্বুলেন্স ঘটনাস্থললৈ পোহৰ পায়।২

কিছুমান ৰাজ্যত এম্পেনেলযুক্ত যান-বাহনো ১০২ নামেৰে চলোৱা হয় —

সকলোৱে NAS নিৰ্দেশিকা মানি চলে।৩

হিতাধিকাৰী

GVK-EMRIৰ উত্তৰ প্ৰদেশৰ COO সঞ্জয় খোছলাৰ মতে, ২০১৩ চনৰপৰা ১০২ আৰু ১০৮ এ মিলি প্ৰায় ১.৫৭ কোটি লোক উপকৃত হৈছে; তাৰ ভিতৰত প্ৰায় ৯০ লাখ মহিলা কেৱল ১০২ সেৱাত উপকৃত হৈছে।৬

Ziqitza Healthcare অনুসৰি, এই সেৱাই ১৭,৫৪,০১৯ গৰাকী গৰ্ভৱতী মহিলাক পৰিবহণ কৰিছে আৰু ১০,০০০+ শিশুৰ প্ৰসৱত সহায় কৰিছে।১০

তথ্যসূত্ৰ

  1. ↑ service, Express news. Ambulances waiting in wings, govt proposes another service
  2. ↑ (22 August 2014). Health minister flags off 102 ambulance service. The Times of India
  3. ↑ ERS/PATIENT TRANSPORT SERVICE. www.nhm.gov.in
  4. ↑ (17 July 2014). After 108, CM flags off 102 ambulance service. Indian Express
  5. ↑ Akhilesh Yadav flagged off 300 air-conditioned 102 Ambulances. Daily Pioneer
  6. ↑ (11 May 2016). 'Over 1.5 cr benefited from free ambulance services in UP'. The Times of India
  7. ↑ (March 2016). 102 Service Delivery Data. Uttar Pradesh National Health Mission
  8. ↑ 102 ambulance service launched in Odisha
  9. ↑ National Ambulances Services-"102"
  10. ↑ JANANI SHISHU SURAKSHA. Ziqitza Healthcare
  11. ↑ UP rolls out ambulance service for villages

সম্পৰ্কিত শ্ৰেণী

চিকিৎসালয়ভাৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১০২ (এম্বুলেন্স সেৱা)” প্ৰবন্ধৰ সংশোধন ৬০২৯০৮ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।