অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

লেডা

লেডা (প্ৰাচীন গ্ৰীক: Λήδα, ইংৰাজী: Leda) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী এটলিয়ান ৰাজকুমাৰী যি পিছলৈ স্পাৰ্টাৰ ৰাণী হৈছিল। অভিডৰ মতে তেওঁৰ ধুনীয়া ক'লা চুলি আৰু বৰফৰ দৰে ছালৰ বাবে বিখ্যাত আছিল। তেওঁৰ শ্ৰুতিকথাৰ ফলত ৰেনেছাঁ আৰু পিছলৈ “লেডা এণ্ড দ্য ছ্বোৱান”ৰ দৰে জনপ্ৰিয় শিল্প সৃষ্টি কৰা হৈছিল৷

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

লেডা (প্ৰাচীন গ্ৰীক: Λήδα, ইংৰাজী: Leda) গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এগৰাকী এটলিয়ান ৰাজকুমাৰী যি পিছলৈ স্পাৰ্টাৰ ৰাণী হৈছিল। অভিডৰ মতে তেওঁৰ ধুনীয়া ক'লা চুলি আৰু বৰফৰ দৰে ছালৰ বাবে বিখ্যাত আছিল।১ তেওঁৰ শ্ৰুতিকথাৰ ফলত ৰেনেছাঁ আৰু পিছলৈ “লেডা এণ্ড দ্য ছ্বোৱান”ৰ দৰে জনপ্ৰিয় শিল্প সৃষ্টি কৰা হৈছিল৷

পৰিয়াল

লেডা ইট'লিয়ান ৰজা থেষ্টিয়াছৰ কন্যা আছিল।২ তেওঁৰ মাতৃ সম্ভৱতঃ লিউচিপে, পেৰিয়েৰেছৰ কন্যা ডেইডামিয়া, ক্লিওবিয়াৰ কন্যা ইউৰিথেমিছ,৩ বা প্লেউৰনৰ কন্যা লাওফণ্টে বুলি কোৱা হয়৷ এলকমেনৰ মতে লেডাৰ পিতৃ-মাতৃ আছিল গ্ল'কাছ আৰু লাওফণ্টে আনহাতে ইউমেলাছৰ মতে যে চিচিফাছ আৰু পেণ্টেইডুয়া বা পানেইডিয়া।৪

স্পাৰ্টাৰ ৰজা টিণ্ডেৰিয়াছৰ সৈতে লেডাৰ বিবাহ হৈছিল৷ ট্ৰয়ৰ হেলেন, ক্লাইটেমনেষ্ট্ৰা, কেষ্টাৰ আৰু পলক্স (যাক "পলিডিউচেছ" বুলিও কোৱা হয়) তেওঁৰ কণ্যা আছিল। লেডা আৰু টিণ্ডেৰিয়াছৰ অন্য তিনিগৰাকী কন্যাও আছিল: টিমাণ্ড্ৰা, ফীবি আৰু ফিলোনো।

কিংবদন্তি

গ্ৰীক দেৱতা জ্যুচ এটা ৰাজহাঁহৰ বেশ ধৰি এটা ঈগলৰ পৰা ৰক্ষাৰ পাবৰ বাবে লেডাৰ কোলাত আহি পৰিছিল। স্বামী টিণ্ডেৰিয়াছৰ সৈতে শুই থকা সেই নিশাতেই লেডাই পৰা দুটা কণীৰ পৰা হেলেন, ক্লাইটেমনেষ্ট্ৰা আৰু কেষ্টাৰ আৰু পলাক্সৰ জন্ম হৈছিল। লেডাৰ কোনবোৰ সন্তান ৰজা টিণ্ডেৰিয়াছৰ বংশধৰ, আৰু কোনবোৰ জিউছৰ আৰু অৰ্ধঅমৰ, সেইবোৰ সঠিক বিৱৰণৰ পোৱা নাযায় সেইদৰে কোনবোৰ শিশু কোনটো কণীৰ পৰা ফুটি জন্ম হৈছিল তাৰো সঠিক বিৱৰণ উপলভ্য নহয়। তথাপিও সদায় কোৱা হয় যে হেলেন জিউছৰ কন্যা।

তথ্যসূত্ৰ

  1. ↑ Ovid. The Amores. Book II Elegy IV
  2. ↑ Apollodorus, 3.10.5; Pausanias, 3.13.8; Euripides, Iphigenia at Aulis 49
  3. ↑ Apollodorus, 1.7.10
  4. ↑ Scholiast on Apollonius Rhodius, 1.146 as cited in Lyric Poets. Eumelus, Life

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেডা” প্ৰবন্ধৰ সংশোধন ৪৮০০৫৩ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।