হেনেল'ৰ শ্বমাট্জ (: Hannelore Schmatz; ১ ১৪ ফেব্ৰুৱাৰী ১৯৪০ – ২ অক্টোবৰ ১৯৭৯ ) এগৰাকী জাৰ্মান পৰ্বতাৰোহী আৰু মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা চতুৰ্থ গৰাকী মহিলা। এভাৰেষ্টৰ দক্ষিণ দিশৰ পথেৰে শীৰ্ষত উপনীত হোৱাৰ পিছত নামি অহাৰ সময়তে তেওঁ অচেতন হৈ পৰে আৰু মৃত্যুবৰণ কৰে। তেওঁ এভাৰেষ্টৰ ওপৰৰ ঢালত মৃত্যুবৰণ কৰা প্ৰথম মহিলা আৰু প্ৰথম জাৰ্মান নাগৰিক আছিল। ২৩
জীৱনী
১৯৬২ চনত শ্বমাটজে তেওঁৰ স্বামী গেৰহাৰ্ড শ্বমাট্জক বিয়া কৰায়। গেৰহাৰ্ড শ্বমাট্জ আছিল প্ৰথম ইউৰোপীয়ান পৰ্বত আৰোহী যিয়ে সৰ্বমুঠ সাতটা শিখৰত আৰোহণ কৰিছিল।৪৫ এই যুটিটোৱে নিউ-উলমত বাস কৰিছিল, য’ত গেৰহাৰ্ডে নটাৰীৰ কাৰ্যালয় চলাইছিল। তেওঁৰ স্বামীয়ে শ্বমাটজক পৰ্বতাৰোহণৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু একেলগে তেওঁলোকে ১৯৭৩ চনৰ মে' মাহত মানাছলু, ১৯৭৫ চনৰ জুলাই মাহত টিৰিচ মিৰ আৰু ১৯৭৭ চনৰ জুন মাহত লোট্চে আৰোহণ কৰে। টিৰিচ মিৰৰ আৰোহণৰ পিছতে শ্বমাট্জ হৈ পৰিল প্ৰথমগৰাকী জাৰ্মান মহিলা যিয়ে সাত হাজাৰ দৈৰ্ঘ্যৰ পৰ্বত বগাইছিল।৬
মৃত্যু
শ্বমাটজে তেওঁৰ স্বামী গেৰহাৰ্ড শ্বমাটজৰ সৈতে দক্ষিণ পূব পথেৰে অভিযান আৰম্ভ কৰিছিল। তেওঁ স্বামী গেৰহাৰ্ড অভিযান টোৰ নেতা আৰু সেই সময়ত এভাৰেষ্টৰ শিখৰত উপনীত হোৱা আটাইতকৈ বয়সীয়াল মানুহ আছিল। একেটা অভিযানতে আছিল আমেৰিকান ৰে জেনেট নামৰ আন এজন আৰোহী, যিজন শিখৰৰ পৰা নামি অহাৰ সময়ত মৃত্যুবৰণ কৰিছিল। জেনেট তললৈ আহি থকাৰ পথত ক্লান্ত হৈ প্ৰায় ২৮,০০০ ফুট (৮,৫০০ মিটাৰ) উচ্চতাত ৰাতি থকাৰ বাবে তেওঁলোক ৰৈছিল। তেওঁলোকক শ্বেৰ্পা গাইডসকলে ৰৈ নাযাবলৈ আহ্বান জনাইছিল যদিও সেইয়া হৈছিল আৰু তাতেই জেনেটৰে শেষ নিশ্বাস এৰিছিল। জেনেটৰ মৃত্যুত শ্বেৰ্পা আৰু শ্বমাটজ দুয়োজনেই দুখী হৈ পৰে, যদিও তেওঁলোকে নিজৰ অবৰোহণ অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। এনেদৰে নামি গৈ থৈকোতে ২৭,২০০ ফুট (৮,৩০০ মিটাৰ) উচ্চতাত শ্বমাটজ বহি পৰে আৰু পানী বিছাৰি তেওঁৰ শ্বেৰপাক "পানী, পানী" বুলি কৈ মৃত্যুক সাৱতি লয়।৭৮ তেওঁৰ লগত যোৱা গাইড চুংডেৰ শ্বেৰ্পা শ্বমাটজৰ মৃতদেহৰ ওচৰত থাকি সহায় কৰাৰ চেষ্টা কৰিছিল, কিন্তু তাৰ ফলত তেওঁৰ হাত-ভৰিৰ বহু আঙুলি শীতঘাতত হেৰুৱাব লগা হয়।৯
অৱশেষত জেনেটৰ মৃতদেহ বৰফৰ তলত নোহোৱা হৈ যায় যদিও শ্বমাটজৰ মৃতদেহ হিমালয় পৰ্বতৰ মৃত্যু হোৱা ঠাইতে থাকি যায়।১০
১৯৯৯ চনত, ২০ বছৰৰ পাছত, হেলগা হেংগে আছিল মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱাৰ পিছত জীয়াই থকা প্ৰথমগৰাকী জাৰ্মান মহিলা। তেওঁ তিব্বতৰ পৰা উত্তৰ দিশে আৰোহণ কৰিছিল। ২০০৯ চনত বিলি বিয়াৰলিঙে দক্ষিণৰ পৰা শিখৰলৈ আৰু উভতি অহা হেনেল’ৰ শ্বমাটজৰ পথকে অনুসৰণ কৰে।১১
শ্বমাটজৰ মৃত শৰীৰ
বছৰ বছৰ ধৰি দক্ষিণৰ পথেৰে এভাৰেষ্টৰ শিখৰত উপনীত হ’বলৈ চেষ্টা কৰা যিকোনো ব্যক্তিয়েই শ্বমাটজৰ অৱশিষ্ট শৰীৰ দেখা পাইছিল। চতুৰ্থ শিবিৰৰ পৰা প্ৰায় ১০০ মিটাৰ (৩৩০ ফুট) ওপৰত চকু মেলি আৰু চুলি বতাহত উৰি থকা বেকপেকৰ ওপৰত আউজি বহি থকা অৱস্থাত তেওঁৰ শৰীৰটো বৰফ হৈ পৰিছিল।১২ ১৯৮২ চনলৈকে ধুমুহাৰ সময়ত তেওঁৰ মৃতদেহটো তেওঁৰ বগাই যোৱা ৰছীৰে ঠাইতে ৰৈ আছিল, তেতিয়া এজন অচিনাক্ত পৰ্বতাৰোহীয়ে ৰছীডাল কাটি পেলোৱা বুলি অনুমান কৰা হৈছে।৮
১৯৮০ চনত কাঠমাণ্ডুৰ মাজেৰে যাত্ৰা কৰি থাকোঁতে তেওঁৰ স্বামীয়ে স্থানীয় বিক্ৰেতাৰ পৰা শ্বমাটজে মৃত্যুৰ সময়ত কঢ়িয়াই অনা লেইকা কেমেৰা এটা ২০০ ডলাৰত কিনিছিল। শ্বমাটজৰ স্বামীয়ে ধৰি লৈছে যে কোনোবাই পৰ্বত আৰোহণৰ সময়ত তেওঁৰ মৃত শৰীৰৰ পৰা কেমেৰাটো চুৰি কৰিছিল।৮
১৯৮১ চনৰ এটা অভিযানৰ সময়ত ছুংডাৰে শ্বেৰ্পা পুনৰ পৰ্বতাৰোহীৰ নতুন দল এটাৰ গাইড আছিল। ১৯৭৯ চনৰ অভিযানৰ সময়ত হাত আৰু ভৰিৰ আঙুলি হেৰুৱাৰ বাবে প্ৰথমতে তেওঁ যাবলৈ অস্বীকাৰ কৰিছিল যদিও পৰ্বতাৰোহী ক্ৰীছ কপচিনস্কিয়ে তেওঁক অতিৰিক্ত দৰমহা দি লৈ গৈছিল। তললৈ নামি আহাৰ পথত তেওঁলোকে শ্বমাটজৰ মৃতদেহটোৰ কাষেৰে পাৰ হৈ যাওতে কপচিনস্কিয়ে ইয়াক এটা তম্বু বুলি ভাবিছিল আৰু কৈছিল যে তেওঁলোকে মৃত শ্বমাটজক স্পৰ্শ কৰা নাছিল, কিন্তু তেওঁ লক্ষ্য কৰিছিল যে তেওঁৰ হাতত ঘড়ীটো তেতিয়াও আছিল।১৩
১৯৮৪ চনৰ অক্টোবৰ মাহত নেপালৰ আৰক্ষী অভিযানত শ্বমাটজৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে আৰক্ষী পৰিদৰ্শক যোগেন্দ্ৰ বাহাদুৰ থাপা (৩৬) আৰু তেওঁৰ গাইড আং ডৰ্জী (৩৫) পৰি মৃত্যু হয়।১৪১৫
১৯৮৫ চনৰ এপ্ৰিল মাহত ব্ৰিটিছ পৰ্বতাৰোহী ক্ৰীছ বনিংটনে দূৰৰ পৰা শ্বমাটজক দেখা পাইছিল আৰু ভালদৰে নেদেখালৈকে প্ৰথমতে তেওঁৰ শৰীৰটোক তম্বু বুলি ভুল কৰিছিল।১০
এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী স্ক্যাণ্ডিনেভিয়ান মহিলা লেন গামেলগাৰ্ডে নৰৱেৰ পৰ্বতাৰোহী আৰু অভিযানৰ নেতা আৰ্নে নেছ জুনিয়ৰৰ উদ্ধৃতি দি শ্বমাটজৰ অৱশিষ্টৰ সৈতে তেওঁৰ মুখামুখি হোৱা কাহিনী বৰ্ণনা কৰিছে, তেওঁৰ গ্ৰন্থ ক্লাইম্বিং হাই: এ উইমেনছ একাউণ্ট অৱ চাৰ্ভাইভিং দ্য এভাৰেষ্ট ট্ৰেজেডী (১৯৯৯)ত, য'ত তেওঁৰ নিজৰ ১৯৯৬ চনৰ অভিযানৰ কথা উল্লেখ কৰা হৈছে।১৬ তেওঁ কৈছিল যে চতুৰ্থ কেম্পৰ ওপৰত প্ৰায় ১০০ মিটাৰ দূৰত শ্বমাটজ নিজৰ বেক পেকৰ ওপৰত ভৰ দি বহি আছে যেন লাগিছিল, যেন অলপ জিৰণি লৈ হে আছে। চকু দুটা মেলি আৰু প্ৰতিজাক বতাহৰ লহৰত চুলিখিনি জোকাৰি থকা এগৰাকী মহিলা। কিন্তু ওচৰলৈ আহি তেওঁ বুজিলে যে সেইটো ১৯৭৯ চনৰ জাৰ্মান অভিযানৰ নেতাৰ পত্নী হেনেলৰ শ্বমাট্জৰ মৃতদেহ। এনে লাগে যেন তেওঁৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত চকুৰে অনুসৰণ কৰে।
প্ৰচণ্ড বতাহে অৱশেষত শ্বমাটজৰ অৱশিষ্টখিনি পৰ্ৰবতৰ ওপৰেৰে আৰু কাংছুং ফেচৰ তললৈ উৰুৱাই লৈ যায়।১৭
তথ্যসূত্ৰ
- ↑ (1978). Who's Who in the World, 1978-1979. পৃ. 826
- ↑ Everest summiter Hannelore Schmatz. Everest News
- ↑ Banks, Nick. (1980). An Account of the 1979 Swabian Everest Expedition. The New Zealand Alpine Journal. পৃ. 102–104
- ↑ Gerhard Schmatz: Höchste Berge, wildeste Meere, Ulm 2005
- ↑ Statistics of 7 summits climber Schmatz. 7summits.com
- ↑ (1978-02-26). Sturm auf die Göttin. Der Spiegel
- ↑ Dr. Gerhard Schmatz - Mt. Everest - höchster Berg der Erde. Schmatz-online.com
- ↑ Holm, Carsten. (2003-04-27). Der magische Gipfel. Der Spiegel
- ↑ The Alpine Club Spirit of Mountaineering Initiative
- ↑ Simpson, Joe. (1997). Dark shadows falling. The Mountaineers Books. পৃ. 119–. ISBN 978-0-89886-549-3
- ↑ (2009-06-22). Mount Everest: Südrouten-Bezwingerin Billi Bierling erzählt. Münchener Merkur
- ↑ Gammelgaard, Lene. Climbing High: A Woman's Account of Surviving the Everest Tragedy. The New York Times
- ↑ Rana, Bhola. (1981-10-31). West German woman found frozen in Everest climb. United Press International
- ↑ Salkeld, Audrey. (1996-05-09). Report from Base Camp. PBS
- ↑ (1984-10-29). 2 Nepalese Mountaineers Die Looking for Body on Everest. The New York Times
- ↑ Gammelgaard, Lene. (1999). Climbing High: A Woman's Account of Surviving the Everest Tragedy. Harper Collins. ISBN 9780060953614
- ↑ Breashears, David. (1 May 1999). High exposure: an enduring passion for Everest and unforgiving places. Simon & Schuster. ISBN 978-0-684-85361-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেনেল'ৰ শ্বমাট্জ” প্ৰবন্ধৰ সংশোধন ৬৩২০৭৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।