মহাভাৰতৰ ৰাক্ষস
৬ প্ৰবন্ধ
-
ঘটোৎকচ
ঘটোৎকাচ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ এটা বিশিষ্ট চৰিত্ৰ। ঘটোৎকচ হিড়িম্বাপুৰৰ (বৰ্তমানৰ ডিমাপুৰ) ৰজা আছিল। তেওঁৰ পিতৃ আছিল ভীম আৰু মাতৃৰ নাম আছিল হিড়িম্বী। এওঁকেই অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। তেওঁ অঞ্জনাপৰ্ৱ, বৰবৰিকা আৰু মেঘৱৰ্ণৰ পিতৃ।
-
হিড়িম্বী
হিড়িম্বী বা হিড়িম্বা (Hiḍimbī/Hiḍimbā, हिडिम्बी/हिडिम्बा) পাণ্ডৱ ভীমৰ পত্নী আৰু মহাভাৰতৰ মহান যোদ্ধা বীৰ ঘটোৎকচ মাতৃ আছিল। তেওঁ আদি পৰ্বৰ নৱম উপ-পৰ্ব (হিড়িম্বা-বধ পৰ্বত)-ত ভীমক লগ পায়। তেওঁক ভূটনদেৱী (भुटनदेवी) বা পল্লৱী (पल्लवी) বুলিও উল্লেখ কৰা হয়।
-
বকাসুৰ
বকাসুৰ (बकासुर, ),হিন্দু মহাকাব্য মহাভাৰতৰ উল্লেখ থকা এটা অসুৰ। ইয়াক বকা নামেৰেও জনা যায়। ই বৰ্তমান পশ্চিমবংগৰ গড়বেটাৰ সমীপৰ অৰণ্য অঞ্চলত বাস কৰিছিল বুলি উল্লেখ আছে। ৰাজ্য বিস্তাৰ আৰু নিজৰ পৰাক্ৰম দেখুৱাৰ বাবে বকাসুৰে প্ৰজাক অত্যাচাৰ কৰিছিল।
-
জঁটাসুৰ
জঁটাসুৰ (সংস্কৃত: जटासुर) হিন্দু মহাকাব্য মহাভাৰতৰ এক ৰাক্ষস। তেওঁ ব্ৰাহ্মণৰ বেশ ধৰি পাণ্ডৱ ভাতৃৰ তিনিজন যুধিষ্ঠিৰ, সহদেৱ আৰু নকুল আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদীক অপহৰণ কৰাৰ চেষ্টা কৰে। তেওঁক ভীমে বধ কৰে।
-
হিড়িম্ব
হিড়িম্ব (हिडिम्ब) মহাভাৰতৰ পাতত হিড়িম্ব এজন মহাবলবান দৈত্য ৰজা। তেওঁ হিড়িম্বীৰ ককায়েক তথা এখন অৰণ্যৰ অধিষ্ঠতা। কামাখ্যা অৰণ্যৰ দৈত্যসকলৰ তেওঁ ৰজা আছিল। তেওঁ আৰু তেওঁৰ ভগ্নী পাণ্ডৱৰ দৃষ্টিত প্ৰলুব্ধ হৈছিল তথা পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব বিচাৰিছিল।
-
কিৰ্মীৰাসুৰ
কিৰ্মীৰ (সংস্কৃত: किर्मीर,) মহাভাৰতত উল্লেখ কৰা এক ৰাক্ষস। তেওঁ বকাসুৰৰ কনিষ্ঠ ভাতৃ আৰু হিড়িম্বাৰ বন্ধু। তেওঁ কাম্যক অৰণ্যত বাস কৰিছিল আৰু খাদ্যৰ বাবে ৰাতি মানুহ চিকাৰ কৰিছিল। তেওঁ পাণ্ডৱসকলৰ অৰণ্যত প্ৰৱেশৰ বিৰোধিতা কৰিছিল আৰু ভীমক খাবলৈ ভাবুকি দিছিল, যাৰ দ্বাৰা তেওঁক যুদ্ধত বধ কৰা হৈছিল।