হকিং সূচকাংক (Hawking Index)(HI) হৈছে এটা নকল (mock) গাণিতিক পৰিমাপ যাৰ জৰিয়তে গড় হিচাপত এজন মানুহে বাদ দিয়াৰ আগেয়ে কিতাপ এখন কিমানলৈকে পঢ়িব-তাৰ মাপাংকন কৰা হয়৷ ইয়াক আমেৰিকান গণিতজ্ঞ জৰ্ডান এলেনবাৰ্গে আৱিষ্কাৰ কৰিছিল আৰু ২০১৪ চনত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বাবে এটা ব্লগত ইয়াক সৃষ্টি কৰিছিল।১ ইংৰাজ পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙৰ নামেৰে এই সূচীখনৰ নামকৰণ কৰা হৈছে, যাৰ কিতাপ এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইমক "সৰ্বকালৰ আটাইতকৈ অপঠিত কিতাপ" বুলি অভিহিত কৰা হৈছে।২
গণনা পদ্ধতি
সূচকাংক গণনা কৰাৰ এলেনবাৰ্গৰ পদ্ধতিটো "জনপ্ৰিয় হাইলাইট"ৰ ওপৰত আধাৰিত৷ যিবোৰ প্ৰতিটো শিৰোনামৰ এমাজন কিণ্ডলৰ পাঠকে চিহ্নিত কৰা পাঁচটা আটাইতকৈ হাইলাইট কৰা অংশ। সমগ্ৰ ৰচনাখনত হাইলাইটৰ ব্যাপক প্ৰসাৰৰ অৰ্থ হ’ল বেছিভাগ পাঠকে সমগ্ৰ কিতাপখন পঢ়িছে, যাৰ ফলত সূচকাংকত উচ্চতা লাভ কৰিব। যদিহে হাইলাইটৰ বিস্তাৰ কেৱল কিতাপখনৰ আৰম্ভণিতহে দেখা যায়, তেন্তে ইয়াৰ অৰ্থ হ'ল কম সংখ্যক লোকেহে কিতাপখন সম্পূৰ্ণৰূপে পঢ়িছে আৰু এইদৰে ই সূচকাংকত কম নম্বৰ পাব।৩ সূচীটো সৃষ্টি কৰাৰ সময়ত এই তথ্যসমূহ সহজে প্ৰৱেশ কৰাটো সহজ আছিল, কাৰণ "জনপ্ৰিয় হাইলাইটসমূহ" সকলোৰে বাবে উপলব্ধ আছিল, কিন্তু তেতিয়াৰ পৰা এই তথ্যসমূহ কেৱল কিণ্ডলত কিতাপসমূহ কিনা লোকসকলৰ বাবেহে উপলব্ধ কৰা হৈছে।২
হকিং সূচকাংকৰ স্ক'ৰ
এলেনবাৰ্গে যেতিয়া প্ৰথমবাৰৰ বাবে সূচীখন ব্যৱহাৰ কৰিছিল, তেতিয়া তেওঁ তলত দিয়া কিতাপকেইখনক উদাহৰণ হিচাপে ব্যৱহাৰ কৰিছিল।১৪৫
| গ্ৰন্থৰ নাম | লেখক | হকিং সূচকাংক |
|---|---|---|
| Hard Choices | হিলাৰি ক্লিণ্টন | ১.৯% |
| কেপিটেল ইন দ্যা টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰি | থমাছ পিকেটি | ২.৪% |
| ইনফাইনাত জেষ্ট | ডেভিড ফষ্টাৰ ৱালেছ | ৬.৪% |
| সময়ৰ চমু ইতিহাস | ষ্টিফেন হকিং | ৬.৬% |
| থিংকিং, ফাষ্ট এণ্ড শ্লৌ | ডেনিয়েল কাহনেমেন | ৬.৮% |
| লিন ইন | শ্বেৰিল ছেণ্ডবাৰ্গ | ১২.৩% |
| ফ্লেচ বয়ছ | মাইকেল লুইচ | ২১.৭% |
| ফিফটি শ্বেডছ্ অৱ গ্ৰে | ই. এল জেমছ | ২৫.৯% |
| গ্ৰেট গেটছবি | এফ. স্কট ফিটজেৰাল্ড | ২৮.৩% |
| কেটচিং ফায়াৰ | চুজেন কলিন্স | ৪৩.৪% |
| গোল্ডফিঞ্চ | ডোনা টাৰ্ট | ৯৮.৫% |
তথ্যসূত্ৰ
- ↑ Ellenberg, Jordan. (July 3, 2014). The Summer's Most Unread Book Is…. The Wall Street Journal
- ↑ Donk, Kelsey. (December 9, 2019). The Hawking Index Is a Mathematical Measure of When People Give Up on Books. Curiosity
- ↑ Sorokanich, Bob. (July 6, 2014). The Books Everyone Starts and No One Finishes, According to Amazon. Gizmodo
- ↑ Dearden, Lizzie. (July 8, 2014). The books many start but few finish: Top 'unread' bestsellers revealed. The Independent
- ↑ Top ten most famous books we never finish. Daily Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হকিং সূচকাংক” প্ৰবন্ধৰ সংশোধন ৩৮৩২৫০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।