অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সৰনা ধৰ্ম

সৰনাবাদ বা সৰনা ধৰ্ম ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচলিত এক ধৰ্মীয় বিশ্বাস। এই বিশ্বাস ঝাৰখণ্ড, ছত্তীশগড় আৰু ওড়িশা ৰাজ্যৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ সৰনাত অৱস্থিত পবিত্ৰ গছৰ জোপাৰ পূজাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। স্থানীয় বিশ্বাস অনুযায়ী সৰনাত গ্ৰাম দেওতি বা গাঁৱৰ এক দেৱতাই বাস কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৫১৪ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সৰনাবাদ বা সৰনা ধৰ্ম ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰচলিত এক ধৰ্মীয় বিশ্বাস।১ এই বিশ্বাস ঝাৰখণ্ড, ছত্তীশগড় আৰু ওড়িশা ৰাজ্যৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ সৰনাত অৱস্থিত পবিত্ৰ গছৰ জোপাৰ পূজাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।২ স্থানীয় বিশ্বাস অনুযায়ী সৰনাত গ্ৰাম দেওতি বা গাঁৱৰ এক দেৱতাই বাস কৰে। এই ঠাইত বছৰত দুবাৰকৈ উছৰ্গা আগবঢ়োৱা হয়। তেওঁলোকৰ বিশ্বাস পদ্ধতিক বিকল্পভাৱে "পবিত্ৰ অৰণ্যৰ ধৰ্ম" বুলিও জনা যায়। ৩ বহুতো জনজাতীয় সংগঠনে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে এক সুকীয়া ধৰ্মীয় শ্ৰেণী হিচাপে ইয়াৰ স্বীকৃতি বিচাৰে।৪

নামকৰণ

সৰনাৰ অৰ্থ হৈছে "গছৰ জোপা" আৰু ই ব্যুৎপত্তিগতভাৱে শাল গছৰ নামৰ সৈতে সম্পৰ্কিত। চাওঁতালি পৌৰাণিক বিশ্বাসত ‘সৰনা’ৰ অৰ্থ হৈছে ‘এয়া কাঁড়’ (সৰ- কাঁড়, না- এয়া)।

ধৰ্মতত্ত্ব

সৰনা ধৰ্মৰ অনুগামীসকলে গাঁৱৰ ৰক্ষক হিচাপে গাঁৱৰ এগৰাকী দেৱতাক বিশ্বাস কৰাৰ লগতে পূজা আৰু শ্ৰদ্ধা কৰে। তেওঁক গাওঁ খুন্ত, গ্ৰাম দেওতি, ধৰ্মেছ, মৰাং বুৰু, সিংবংগা, বা বিভিন্ন জনগোষ্ঠী অনুসৰি আন নামেৰে জনা যায়।৫ লগতে অনুগামীসকলে ধৰতি আয়ো বা চলিপাচো দেৱী নামৰ পৃথিৱী বা প্ৰকৃতি হিচাপে চিনাক্ত কৰা এগৰাকী মাতৃ দেৱীকো বিশ্বাস কৰাৰ লগতে পূজা-সেৱা আগবঢ়ায়।

পূজাৰ স্থান আৰু ৰীতি-নীতি

জাহেৰ গাড়
জাহেৰ গাড়ছবি: Ramjit Tudu · CC BY-SA 4.0

সৰনা হৈছে ছোটনাগপুৰত অৱস্থিত শাল গছৰ জোপাৰ এক পবিত্ৰ পূজাস্থলী। ইয়াক কুডুমি মাহাতোসকলে গ্ৰাম থান আৰু চাওঁতালসকলে জাহেৰ থান বা জাহেৰ গাড় বুলি কয়। ছোটনাগপুৰত গাঁৱৰ পুৰোহিত, পাহান আৰু সহকাৰীপূজাৰৰ সক্ৰিয় অংশগ্ৰহণেৰে এক ৰাজহুৱা সভাত সমগ্ৰ গাঁওবাসীয়ে লোকাচাৰসমূহ পালন কৰে। চাওঁতালসকলৰ পুৰোহিতজনক নাইকে বোলা হয়। পূজা স্থলত সাধাৰণতে শাল, মহুৱা, নিম, আৰু বড়গছৰ দৰে একাধিক গছ থাকে।

সৰনা ধৰ্মৰ প্ৰধান উৎসৱ হৈছে সৰহুল। চ'ত মাহৰ শুক্ল পক্ষত অনুষ্ঠিত এই উৎসৱত ভক্তসকলে নিজৰ পূৰ্বপুৰুষক পূজা-অৰ্চনা আগবঢ়ায়। উৎসৱৰ সময়তপাহানেসৰনালৈ তিনিটা পানীৰ পাত্ৰ লৈ আহে। যদি পানীৰ পাত্ৰবোৰৰ স্তৰ কমি যায় তেন্তে তেওঁলোকে বিশ্বাস কৰে যে বাৰিষা ফলপ্ৰসূ নহ’ব। যদিহে স্তৰ একেই থাকে তেন্তে বাৰিষা স্বাভাৱিক হোৱাৰ পূৰ্বানুমান কৰা হয়। তেতিয়া পুৰুষসকলে সকুৱা ফুল আৰু পাত আগবঢ়ায়।৬

ধৰ্মীয় মৰ্যাদা

এছিয়াত পশ্চিমীয়া ঔপনিবেশবাদ আৰু সাম্ৰাজ্যবাদৰ ফলস্বৰূপে ঔপনিৱেশিক ভাৰতত পশ্চিমীয়া খ্ৰীষ্টান মিছনেৰীসকলে কেইবাবাৰো ধৰ্মতত্ত্ব প্ৰক্ষেপণ আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ প্ৰচেষ্টা চলাইছিল। এই প্ৰক্ৰিয়া প্ৰায় শতিকা জুৰি চলিছিল আৰু ছোটনাগপুৰ অঞ্চলৰ জনজাতীয় অঞ্চলত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসকসকলে ভাৰত এৰি যোৱাৰ সময়ত ১৮৪৫ চনত প্ৰথম জাৰ্মান প্ৰটেষ্টাণ্ট মিছনেৰীসকলৰ পিছতেই ৰোমান কেথলিক মিছনেৰীসকলৰ আগমন ঘটাৰ পিছত ১৯৪৭–১৯৪৮ চনত জনজাতীয় খ্ৰীষ্টান আৰু অখ্ৰীষ্টান লোকসকলৰ মাজত সংঘাত স্পষ্ট হৈ পৰে।৭

ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে ভাৰতৰ লোকপিয়লৰ ধৰ্ম সংহিতাত সৰনা ধৰ্মক স্বতন্ত্ৰ শ্ৰেণী প্ৰদান কৰিবলৈ পৰামৰ্শ দিছে।৮ কেইবাটাও জনজাতীয় সংগঠন আৰু খ্ৰীষ্টান মিছনেৰীয়ে সৰনা ধৰ্মৰ বাবে সুকীয়া লোকপিয়ল সংহিতাৰ দাবী জনাইছে।৯১০ তেতিয়াৰ ভাৰতীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱাল ওৰামে অৱশ্যে ২০১৫ চনত দাবী কৰিছিল,"আদিবাসীসকল যে হিন্দু সেই কথা অস্বীকাৰ কৰিব নোৱাৰি।" ১১ এই মন্তব্যৰ ফলত প্ৰায় তিনিশগৰাকী আদিবাসী লোকে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰে এশৰো অধিক জনজাতীয় লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।১২ আদিবাসী সৰনা মহাসভাৰ নেতা তথা প্ৰাক্তন বিধায়ক দেৱ কুমাৰ ধনে ওৰামৰ বক্তব্যত সৰনা ধৰ্মৰ অনুগামীসকল সুখী নহয় বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, "প্ৰায় ৬০ লাখ জনসংখ্যা থকা জৈন ধৰ্মই যদি লোকপিয়লত সুকীয়া ধৰ্ম সংহিতা লাভ কৰিব পাৰে, সৰনাই কিয় নোৱাৰে?"১৩

২০২০ চনত ঝাৰখণ্ডত ক্ষমতাত থকা ঝাৰখণ্ড মুক্তি মৰ্চাই ২০২১ চনৰ লোকপিয়লত সৰনাক পৃথক ধৰ্ম হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে 'সৰনা কোড' সম্পৰ্কে সৰ্বসন্মতিক্ৰমে বিধানসভাৰ প্ৰস্তাৱ গৃহীত কৰে। এই প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদনৰ বাবেও প্ৰেৰণ কৰা হয়।১৪ ১৫

কেইবাটাও জনজাতীয় সংগঠনে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে এক সুকীয়া ধৰ্মীয় শ্ৰেণী হিচাপে সৰনা ধৰ্মৰ স্বীকৃতি বিচাৰে।৪ক্কিছুসংখ্যক খ্ৰীষ্টান গীৰ্জায়ো সৰনা ধৰ্মাবিশ্বাসক হিন্দু ধৰ্মৰ পৰা পৃথক ধৰ্ম হিচাপে স্বীকৃতি দিয়াৰ প্ৰতি সমৰ্থন আগবঢ়ায়।১৬ আৰ এছ এছে জনজাতীয় লোকক হিন্দু বুলি বিশ্বাস কৰে আৰু সেয়ে সৰনাক পৃথক ধৰ্ম হিচাপে স্বীকৃতি দিয়াৰ বিৰোধিতা কৰে।১১

তথ্যসূত্ৰ

  1. ↑ (18 October 2022). Explained: What Is The Sarna Religious Code And What Are Its Followers Demanding?. outlookindia.com
  2. ↑ Religious Complexity in Northeastern South Asia. GeoCurrents
  3. ↑ Clinging to ancient faith India tribes seek religion status. latimes.com
  4. ↑ (18 October 2022). Explained: What Is The Sarna Religious Code And What Are Its Followers Demanding?. outlook india
  5. ↑ Amit Jha. (2009). Contemporary Religious Institutions in Tribal India. ISBN 9780557090532
  6. ↑ Srivastava. (2007-10-01). The Sacred Complex of Munda Tribe. The Anthropologist. পৃ. 327–330
  7. ↑ Tribals torn apart by religion, The Hindu. 014
  8. ↑ (6 February 2011). ST panel for independent religion status to Sarna. The Times of India
  9. ↑ (2013). http://www.telegraphindia.com/1130819/jsp/jharkhand/story_17245599.jsp
  10. ↑ (2013-03-30). http://articles.timesofindia.indiatimes.com/2013-03-30/ranchi/38144883_1_census-format-separate-sarna-religion-code-rally
  11. ↑ All tribals are Hindus, no need for Sarna code: RSS, Times of India, 1 May 2015
  12. ↑ Minister faces ire for Sarna row
  13. ↑ Minister faces ire for Sarna row
  14. ↑ (12 November 2020). Jharkhand Assembly passes resolution on Sarna Code. The Hindu
  15. ↑ (25 September 2021). https://www.telegraphindia.com/jharkhand/tribals-seek-sarna-code-from-centre-in-2021-census/cid/1832132
  16. ↑ Church writes to Hemant demanding Sarna code for tribals, Telegraph India, 19.09.2020

সম্পৰ্কিত শ্ৰেণী

ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰনা ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৪১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।