সুমিত্ৰা বাল্মিক (Sumitra Balmic; জন্ম: ১ জুলাই ১৯৫৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ,ৰাজ্যসভাৰ সদস্য। তেওঁ ভাৰতীয় জনতা পাৰ্টী, মধ্যপ্ৰদেশ ইউনিটৰ উপ-সভানেত্ৰী।১
১৯৯৩ চনত মধ্যপ্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ গোটৰ সদস্য হোৱাৰ পিছত ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা তেওঁ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়। ২০০৪ চনত পুনৰ দ্বিতীয়বাৰৰ বাবে মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা তেওঁ কাউন্সিলাৰ হিচাপে পুনৰ নিৰ্বাচিত হয়।
২০০৬ চনত মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা সুমিত্ৰা বাল্মিক মহিলা মৰ্চাৰ নগৰাঞ্চলৰ সভাপতি হয়। একে বছৰতে মধ্যপ্ৰদেশৰ জবলপুৰ পৌৰ নিগমৰ উপাধ্যক্ষ হিচাপেও নিৰ্বাচিত হয়। ২০১৪ চনত মধ্যপ্ৰদেশৰ জবলপুৰৰ পৰা জয়ী হৈ পুনৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয় আৰু মধ্যপ্ৰদেশৰ জবলপুৰ পৌৰ নিগমৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
প্ৰাথমিক জীৱন
মধ্যপ্ৰদেশৰ পাটন-তহচিল জবালপুৰ জিলাৰ শ্বাহপুৰাত দলিত পৰিয়ালত সুমিত্ৰা বাল্মিকে জন্মগ্ৰহণ কৰিছিল৷ তেওঁ স্কুলীয়া শিক্ষা শেষ কৰিলে স্কুল অৱ শ্বাহপুৰাৰ পৰা৷ তাৰ পিছত জবলপুৰ জিলাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ নিজৰ অঞ্চলৰ মহিলাসকলক সবলীকৰণৰ বাবে টেইলৰিং ক্লাছত পঢ়ুৱাইছিল আৰু জনপ্ৰিয় হৈ পৰিছিল। আইনৰ বিষয়েও তেওঁৰ জ্ঞান আছে আৰু তেওঁলোকৰ অঞ্চলৰ মহিলা কল্যাণৰ বাবে অহৰহ যুঁজিছে। মহিলা কল্যাণৰ বাবে বিষয়সমূহ আৰু তেওঁলোকৰ অঞ্চলৰ সৈতে জড়িত অন্যান্য বিষয়সমূহ সমাধানৰ বাবে তেওঁ প্ৰয়াস কৰি আহিছে।২৩৪
তথ্যসূত্ৰ
- ↑ (16 Oct 2023). Sumitra Balmik. PRS Legislative Research
- ↑ (3 June 2022). Rajya Sabha olls 2022: Full list of candidates elected unopposed to Upper House. Times Now
- ↑ हैलो..भोपाल आने के लिए हेलिकाप्टर भेजें क्या?:CM शिवराज का फोन सुन हैरान रह गईं राज्यसभा प्रत्याशी सुमित्रा वाल्मीकि; जानिए पूरी कहानी. Dainik Bhaskar
- ↑ (31 May 2022). BJP's Rajya Sabha candidates from Madhya Pradesh file nominations. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমিত্ৰা বাল্মিক” প্ৰবন্ধৰ সংশোধন ৪৮৭২৮৩ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।