অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনীতা আগৰৱালা

সুনীতা আগৰৱালা (Sunita Agarwal, জন্ম: ৩০ এপ্ৰিল ১৯৬৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ বৰ্তমান গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সুনীতা আগৰৱালা (Sunita Agarwal, জন্ম: ৩০ এপ্ৰিল ১৯৬৬) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ বৰ্তমান গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল।১

কৰ্মজীৱন

১৯৮৯ চনত অৱধ বিশ্ববিদ্যালয়ৰ পৰা আগৰৱালাই আইনী পাঠ্যক্ৰমত স্নাতক অৰ্জন কৰিছিল৷১তেওঁ ১৯৯০ চনত উত্তৰ প্ৰদেশৰ বাৰ কাউন্সিলত নামভৰ্তি কৰে আৰু ২০১১ চনৰ ২১ নৱেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে এলাহাবাদত আইন চৰ্চা কৰে। ২০১৩ চনৰ ৬ আগষ্টত আদালতৰ স্থায়ী ন্যায়াধীশ হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল৷ তেও২ ২০২৮ চনৰ ২৯ এপ্ৰিলত অৱসৰ লোৱাৰ সম্ভাৱনা আছে। বৰ্তমান তেওঁ গুজৰাট উচ্চ ন্যায়ালায়ৰ মুখ্য ন্যায়াধীশ।.১২

বিচাৰকৰ পদ

আগৰৱালাই ভাৰতীয় আইনত কেইবাটাও উল্লেখযোগ্য ৰায়দান কৰিছে৷ যাৰ ভিতৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অধিকাৰক্ষেত্ৰৰ সন্দৰ্ভত এটা উল্লেখযোগ্য ৰায়দানো আছে।৩

২০১৮ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ত যৌন নিৰ্যাতন সম্পৰ্কীয় অভিযোগ শুনানিৰ বাবে আগৰৱালা আৰু ন্যায়াধীশ নাহিদ আৰা মুনিছক পেনেলত নিযুক্তি দিয়া হৈছিল। কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩ৰ বিধানসমূহ মানি চলি এই পেনেলটো নিযুক্তি দিয়া হৈছিল।৪৫

ন্যায়াধীশ হিচাপে আগৰৱালাই ভাৰতীয় সাংবিধানিক আইনৰ কেইবাটাও উল্লেখযোগ্য ৰায়দানৰ সহ-লেখক। ২০২০ চনৰ মে' মাহত তেওঁ আৰু আন দুজন ন্যায়াধীশে এই নীতি স্থাপন কৰে যে এলাহাবাদৰ উচ্চ ন্যায়ালয়ে তেওঁলোকৰ অধিকাৰক্ষেত্ৰৰ বাহিৰত বাস কৰা ব্যক্তিৰ ওপৰত বিচাৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে, যদিহে গোচৰটো তেওঁলোকৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত সংঘটিত কোনো কাৰ্য্যৰ কাৰণৰ সৈতে জড়িত।৩ এই গোচৰটোৱে এই আইনী নীতি প্ৰতিষ্ঠা কৰিছিল যে উচ্চ ন্যায়ালয়ৰ বিচাৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত বাসস্থান নিৰ্ণায়ক কাৰক হ'ব নোৱাৰে।৩ ২০২০ চনৰ মাৰ্চ মাহত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠৰ অংশ আছিল যিয়ে এই নীতি প্ৰতিষ্ঠা কৰিছিল যে আগতীয়া জামিনৰ বাবে আবেদন কৰা ব্যক্তিসকলে প্ৰত্যক্ষভাৱে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে, আৰু 'বিশেষ পৰিস্থিতিত' সাধাৰণ অপৰাধ আদালতৰ জৰিয়তে যোৱাৰ প্ৰয়োজন নাই৷৬

তথ্যসূত্ৰ

  1. ↑ Hon'ble Mrs. Justice Sunita Agarwal. Allahabad High Court
  2. ↑ (2011-11-18). Eight new Additional Judges for Allahabad HC. Zee News
  3. ↑ (2020-05-06). Petitioner's residence alone can't determine court's jurisdiction: Allahabad HC. Hindustan Times
  4. ↑ (22 December 2013). Panel Set up to Probe Sexual Harassment Complaints in Courts. The New Indian Express
  5. ↑ PTI. (22 December 2013). Panel set up to probe sexual harassment complaints in courts. @businessline
  6. ↑ Under special circumstances one can directly approach HC for anticipatory bail Allahabad HC. The Week

সম্পৰ্কিত শ্ৰেণী

ন্যায়াধীশভাৰতৰ মহিলা ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীতা আগৰৱালা” প্ৰবন্ধৰ সংশোধন ৪৭১১৮২ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।