মহিলা ডকাইত
৪ প্ৰবন্ধ
-
ফুলন দেৱী
ফুলন দেৱী (Phoolan Devi, फूलन देवी) প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত লোকসভাৰ এগৰাকী সাংসদ আছিল; যাৰ জনপ্ৰিয় নাম আছিল দস্যু ৰাণী ফুলন দেৱী। তেওঁ একাধিকবাৰ পুৰুষৰ নিষ্ঠুৰতাৰ বলি হৈছিল। আৰক্ষীৰ ওচৰলৈ গৈয়ো তেওঁ ন্যায় পোৱা নাছিল; যাৰ বাবে তেওঁ ডকাইতৰ জীৱন আঁকোৱালি লৈছিল।
-
এলেনা গ্ৰীণহিল ব্লেকাৰ
এলেনা গ্ৰীণহিল ব্লেকাৰ ( Elena Green hill Blaker; ১৮৭৫ – ১৩ মাৰ্চ ১৯১৫), লা গ্ৰীনিল নামেৰে পৰিচিত, ২০ শতিকাৰ আৰম্ভণিতে পেটাগোনিয়াত সক্ৰিয় ব্ৰিটিছ জন্মগ্ৰহণ কৰা এগৰাকী অপৰাধী আছিল। ১৯১৫ চনত আৰ্জেণ্টিনাৰ গান গানত আৰক্ষীৰ গুলীত গ্ৰীণহিলৰ মৃত্যু হয়।
-
দস্যুৰাণী পুতলী বাই
পুতলী বাই(১৯২৬ বা ১৯২৯ - ১৯৫৮) আছিল এগৰাকী ভয়ংকৰ মহিলা ডকাইত, যাক প্ৰায়ে "ভাৰতীয় দস্যুৰাণী" উপনামেৰে জনা যায়। তেওঁ ভাৰতৰ প্ৰথম মহিলা ডকাইত আছিল। তেওঁৰ ডকাইতৰ অঞ্চল আছিল বিখ্যাত চম্বল উপত্যকা, যিটো দীৰ্ঘদিন ধৰি ডকাইতৰ দুৰ্গ হৈয়েই আছিল।
-
সীমা পৰিহাৰ
সীমা পৰিহাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন ডকাইত। তেওঁ সমাজবাদী পাৰ্টিৰ সদস্য আছিল। পৰিহৰে দাবী কৰে যে তেওঁৰ প্ৰেৰণা হৈছে ফুলন দেৱী, যি দস্যুৰাণী হিচাপে পৰিচিত আছিল আৰু ৰাজনীতিবিদ হোৱাৰ আগতে ডকাইত আছিল। সীমাই ২০১০ চনত বিগ বছত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।